অষ্ট্ৰেলিয়া-আফগানিস্তানৰ মেচ বাতিল হ’লে ছেমি ফাইনেলত কোন দলে প্ৰৱেশ কৰিব
চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ বিত আজি গাদ্দাফি ষ্টেডিয়ামত অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজত খেল অনুষ্ঠিত হ’ব। ছেমি ফাইনেলৰ প্ৰতি লক্ষ্য ৰাখি দুয়োটা দলৰ বাবে এই মেচখন অতি গুৰুত্বপূৰ্ণ। এই মেচত জয়ী হোৱা দলটোৱে ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰাৰ বিপৰীতে পৰাজিত দলৰ যাত্ৰা শেষ হ’ব।
আনহাতে, মেচখনৰ সময়ত যদি বৰষুণ হয় , তেন্তে কি হব। কাৰণ ইতিমধ্যে বৰষুণৰ বাবে মেচ বাতিল হৈছে, আজিয়ো বতৰ সেমেকা, বৰষুণৰ হোৱাৰ সম্ভৱনা। এতিয়া ডাঙৰ প্ৰশ্নটো হ’ল যে যদি বৰষুণৰ বাবে অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজৰ খেলখন বাতিল কৰা হয়, তেন্তে কোনটো দলে ইয়াৰ দ্বাৰা লাভৱান হ’ব?
বৰষুণৰ বাবে অষ্ট্ৰেলিয়াৰ অন্তিমখন খেলো বাতিল কৰা হয়। যাৰ বাবে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাক ১-১ পইণ্ট দিয়া হৈছিল। কালি পাকিস্তান আৰু বাংলাদেশৰ মাজত হোৱা খেলখনো বৰষুণৰ বাবে বাতিল হয়। এনে পৰিস্থিতিত যদি অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজৰ খেলখন বাতিল কৰা হয় তেন্তে আফগান দলৰ সমস্যা বৃদ্ধি পাব।
খেলখন বাতিল হোৱাৰ বাবে দুয়োটা দলক ১-১ গ’লত দিয়া হ’ব, যাৰ বাবে অষ্ট্ৰেলিয়াই ৪ পইণ্ট আৰু আফগানিস্তানে ৩ পইণ্ট লাভ কৰিব। এই পৰিস্থিতিত অষ্ট্ৰেলিয়াৰ দলটোৱে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব, আনহাতে আফগানিস্তানে পুনৰ দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ