দুখন খেলত জয়ৰ পিছতো ছেমি ফাইনেলত স্থান নিশ্চিত নহয় ভাৰতৰ, আনহাতে আয়োজক দেশ টুৰ্নামেণ্টৰ পৰা বাহিৰ
পাকিস্তান আৰু ডুবাইত চলি থকা চেম্পিয়নছ ট্ৰফীত ৰোহিত শৰ্মাৰ নেতৃত্বত টিম ইণ্ডিয়াই উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। এই পৰ্যন্ত খেলা দুয়োখন মেচতে দলটোৱে জয়লাভ কৰিছে।
দেওবাৰে দলটোৱে তীব্ৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰি পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰে। এতিয়া দলটোৱে ২ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব লাগিব।
যদিও বৰ্তমান পইণ্ট তালিকাৰ শীৰ্ষত আছে টিম ইণ্ডিয়া, তথাপিও ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত হোৱা নাই।
আজ্ সোমবাৰে নিউজিলেণ্ড আৰু বাংলাদেশৰ দলৰ মাজত মেচ আছে। যদি বাংলাদেশ দলে আজিৰ এই মেচত জয়ী হয় তেন্তে দুই পইণ্ট লাভ কৰিব। দলটোৱে শেষৰখন মেচত আয়োজক পাকিস্তানৰ বিৰুদ্ধে খেলিব লাগিব আৰু ইয়াতো যদি বাংলাদেশ দলে জয়লাভ কৰে তেন্তে মুঠ ৪ পইণ্ট লাভ কৰিব।
আনহাতে বাংলাদেশৰ বিৰুদ্ধে পৰাজিত নিউজিলেণ্ডে যদি ভাৰতৰ সৈতে মুখামুখি হোৱা খেলত টিম ইণ্ডিয়াক পৰাস্ত কৰে , তেন্তে নিউজিলেণ্ডৰ হাততো মুঠ ৪ পইণ্ট হ’ব। যাৰ ফলত ভাৰত, নিউজিলেণ্ড আৰু বাংলাদেশ তিনিও সমানে ৪ পইণ্টেৰে তালিকাত সমস্থানত থাকিব।
এই পৰিস্থিতিত নেট ৰান ৰেটৰ ভিত্তিত সিদ্ধান্ত লোৱা হ’ব। বাংলাদেশৰ নেট ৰান ৰেট বৰ্তমান -০.৪০৮, যিটো দুখন মেচত জয়ী হ’লে উন্নত হ’ব। যদিহে অন্তিমখন মেচত নিউজিলেণ্ডৰ হাতত বৃহৎ ব্যৱধানত ভাৰতে পৰাস্ত হয়, তেন্তে টিম ইণ্ডিয়াৰ ৰান ৰেট হ্ৰাস পাব, আনহাতে নিউজিলেণ্ডৰ ৰান ৰেট উন্নত হ’ব পাৰে। এনে পৰিস্থিতিত যদি ভাৰত নেট ৰাণ ৰেটৰ দৌৰত পিছ পৰি থাকে, তেন্তে ছেমি ফাইনেলৰ দৌৰৰ পৰা আঁতৰি যাব। সেয়ে সকলো নিৰ্ভৰ কৰিব আজিৰ নিউজিলেণ্ড বনাম বাংলাদেশৰ খেলৰ ওপৰত।
আনহাতে পাকিস্তানৰ নেট ৰানৰ হাৰ আটাইতকৈ বেয়া। দলটো প্ৰায় প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ দৰেই।
বৰ্তমান পাকিস্তানৰ নেট ৰানৰ হাৰ গ্ৰুপ এত আটাইতকৈ বেয়া। এতিয়ালৈকে দুয়োখন মেচতে পৰাস্ত হোৱাৰ ফলত দলটোৱে নেট ৰান ৰেট -১.০৮৭ লাভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ