ছেমি ফাইনেলত কাৰ সৈতে মুখামুখি হ’ব ভাৰত, ফাইনেলত উপস্থিত হ’ব পাৰিবনে
চেম্পিয়নছ ট্ৰফীত গ্ৰুপ বিৰ পৰা ছেমি ফাইনেলত প্ৰৱেশৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে। বুধবাৰে ইংলেণ্ডৰ বিৰুদ্ধে আফগানিস্তানে জয়লাভ কৰি এই দৌৰক আকৰ্ষণীয় কৰি তুলিছে। ইংলেণ্ডৰ দলটোৱে গ্ৰুপ বিৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হয়।
আনহাতে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু আফগানিস্তান তিনিওটা দলে এতিয়াও ছেমি ফাইনেলত প্ৰৱেশৰ দৌৰত আছে আৰু মাথো এখনকৈ খেলত জয়লাভ কৰিলেই তিনিওটা দলেই ছেমি ফাইনেললৈ যাব পাৰিব।
আনটো গ্ৰুপ তথা গ্ৰুপ এৰ পৰা ছেমি ফাইনেল দল নিশ্চিত হৈছে। ইতিমধ্যে নিউজিলেণ্ড আৰু ভাৰতে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেলত স্থান দখল কৰিছে যদিও গ্ৰুপত দলদুটাৰ স্থান কি হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। গ্ৰুপ এ আৰু বি দুয়োটাৰে মাজত এতিয়াও দুখন মেচ বাকী আছে।
২ মাৰ্চত ভাৰত আৰু নিউজিলেণ্ডৰ দলৰ মাজত মুখামুখি হ’ব। এই মেচখনেই সিদ্ধান্ত হ’ব যে ভাৰত নিজৰ গ্ৰুপৰ শীৰ্ষত থাকিব নে দ্বিতীয় স্থানত থাকিব। ছেমি ফাইনেলত গ্ৰুপ Aৰ শীৰ্ষ দলটোৱে গ্ৰুপ Bৰ দ্বিতীয় স্থানৰ দলৰ বিৰুদ্ধে খেলিব, আনহাতে ছেমি ফাইনেলত গ্ৰুপ Aৰ দ্বিতীয় স্থানত থকা দলটোৱে মুখামুখি হ’ব গ্ৰুপ Bৰ শীৰ্ষ স্থানীয় দলটোৰ সৈতে।
বিৰ শেষৰ দুখন মেচত আফগানিস্তানে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব, আনহাতে দক্ষিণ আফ্ৰিকাই ইংলেণ্ডৰ বিৰুদ্ধে খেলিব। যদি দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াই নিজ নিজ মেচত জয়লাভ কৰে তেন্তে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব। যদি অষ্ট্ৰেলিয়াই আফগানিস্তানক পৰাস্ত কৰে তেন্তে দক্ষিণ আফ্ৰিকাও ইংলেণ্ডৰ মুখামুখি নোহোৱাকৈ যোগ্যতা অৰ্জন কৰিব।
অৱশ্যে আফগানিস্তানে যদি অষ্ট্ৰেলিয়াক পৰাস্ত কৰে তেন্তে ছেমি ফাইনেলত প্ৰৱেশ কৰিব আৰু ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ ফলাফলত অষ্ট্ৰেলিয়াৰ ভাগ্য নিৰ্ণয় হ’ব।
যদিহে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা দুয়োখনেই নিজৰ নিজৰ মেচত জয়লাভ কৰে, আনহাতে ভাৰতে নিউজিলেণ্ডক পৰাস্ত কৰে, তেন্তে মঙলবাৰে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটো অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব পাৰে ছেমি ফাইনেলত। অৱশ্যে ভাৰতে যদি দ্বিতীয় স্থান লাভ কৰে তেন্তে এই পৰিস্থিতিত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব।
আনহাতে, যদি আফগানিস্তানে অষ্ট্ৰেলিয়াক পৰাস্ত কৰে আৰু দক্ষিণ আফ্ৰিকাই ইংলেণ্ডক পৰাস্ত কৰে, তেন্তে ভাৰতে নিজৰ গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে আফগানিস্তানৰ মুখামুখি হ’ব। যদিহে ভাৰত নিউজিলেণ্ডৰ হাতত পৰাস্ত হয় তেন্তে এই ক্ষেত্ৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব।
অৱশ্যে বৰ্তমানে ভাৰতে সুন্দৰ ফৰ্মত খেলি আছে। লগতে গ্ৰুপ পৰ্যায়তো হট ফেভাৰিট হৈ আছে। যাৰ বাবে নিউজিলেণ্ডক পৰাস্ত কৰি গ্ৰুপত শীৰ্ষস্থান দখলেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনাই অধিক। সেয়ে গ্ৰুপ বিৰ দ্বিতীয় স্থানৰ দলৰ সৈতে ভাৰত মুখামুখিব হব পাৰে ছেমি ফাইনেলত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ