অসম লাইভ২৪ঃ প্ৰাচীন ভাৰতৰ অৰ্থনীতিবিদ, দাৰ্শনিক, কুটনীতিবিদ তথা শাস্ত্ৰজ্ঞ চানক্যৰ প্ৰত্যেকটো বচনৰে আছে বিশেষ গুৰুত্ব৷ চানক্যৰ নীতি শাস্ত্ৰত জীৱনত সফলতা লাভ কৰিবৰ বাবে আছে বহুসংখ্যক মন্ত্ৰও৷ কূটনৈতিক দক্ষতাৰ বাবেই তেওঁক কৌটিল্য নামেৰেও জনা যায়৷ সকলো সমস্যাৰেই সমাধান আছে চানক্যৰ নীতিশাস্ত্ৰত৷ সফলতাৰ বাবে চানক্যই দিয়া বিশেষ উপায়সমূহৰ ভিতৰত এই তিনিটা উপায় সকলোৱেই গ্ৰহণ কৰিব পাৰে৷
সমস্যাৰ সমাধান বিচৰা
প্ৰত্যেকজন ব্যক্তিৰ জীৱনতেই সমস্যা আছেই৷ যিসকল ব্যক্তিক আমি সফল বুলি কওঁ তেওঁলোকৰ জীৱনত যে সমস্যাই নাই তেনে নহয়৷ সেয়ে একোজন ব্যক্তিয়ে সফলতা পাবৰ বাবে সমস্যাৰ মুখামুখি হ’বলৈকো সাহস ৰাখিবই লাগিব৷ সমস্যাৰ পৰা পলোৱাৰ চেষ্টা কৰিলে সেই সমস্যাই আপোনাৰ খেদিয়েই ফুৰিব সেয়ে পলোৱাৰ সলনি সমাধানৰ উপায় চিন্তা কৰিব লাগে৷ নিজৰ ভুলৰ পৰাই শিক্ষা ল’ব লাগে ভৱিষ্যতে যাতে আৰু এনে ভুল নহয় তাৰ বাবে সতৰ্ক হৈ থাকিব লাগে৷
সততাই যেতিয়া সমস্যা হৈ পৰে
চানক্যই কোৱা অনুসৰি কলিযুগত সত্য কথা কোৱাটোৱেই এটা গুৰুতৰ সমস্যা৷ কিন্তু তাৰ সাৰমৰ্ম এইটোও নহয় যে ব্যক্তি একোজনে সকলো কাম-কাজতে মিছাৰ আশ্ৰয় ল’ব৷ কিন্তু অতিৰিক্ত সততা আপোনাৰ বাবে সমস্যাহে, সেয়ে যিকোনো কথা প্ৰকাশ কৰাৰ আগতে এশবাৰ চিন্তা কৰি লওক৷ যদি আপোনাৰ কোনো এটা মিছাই কাৰোবাৰ উপকাৰ কৰে তেনে মিছা কথা কেতিয়াও পাপ হ’ব নোৱাৰে৷
কাম পেলাই নথব
কোনো কাম কৰিম কৰিম বুলি পেলাই থোৱাটো বদভ্যাষ৷ এয়া কৰিবলৈ বাধা প্ৰদান কৰিছে চানক্যই৷ চানক্যই কোৱা অনুসৰি কোনো কাম কৰিম কৰিম বুলি পেলাই থলে আপুনি সাফল্যৰ পৰা সদায়ে এখোদ দূৰত অৱস্থান কৰিব৷ আপুনি যদি সময়ৰ কাম সময়ত নকৰে তেন্তে সফলতা আশা কৰি লাভ নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ