• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যু হৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম আৰু প্ৰজ্ঞানৰ? বিজ্ঞানীয়ে দিছে বিশেষ খবৰ, ‘এই ৰেকৰ্ডো কম নহয়’

মৃত্যু হৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম আৰু প্ৰজ্ঞানৰ? বিজ্ঞানীয়ে দিছে বিশেষ খবৰ, ‘এই ৰেকৰ্ডো কম নহয়’

3 years ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

11 hours ago
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

12 hours ago
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

13 hours ago
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

13 hours ago
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

14 hours ago
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

15 hours ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

16 hours ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

17 hours ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

17 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

18 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

20 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

মৃত্যু হৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম আৰু প্ৰজ্ঞানৰ? বিজ্ঞানীয়ে দিছে বিশেষ খবৰ, ‘এই ৰেকৰ্ডো কম নহয়’

editor by editor
September 25, 2023
in বিজ্ঞান, ভাৰত
0
মৃত্যু হৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম আৰু প্ৰজ্ঞানৰ? বিজ্ঞানীয়ে দিছে বিশেষ খবৰ, ‘এই ৰেকৰ্ডো কম নহয়’
0
SHARES
13.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চন্দ্ৰযান-৩ ৰ সৈতে যোগাযোদ স্থাপনৰ চেষ্টা চলাই আছে ইছৰোৰ দলে। লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানৰ কলকব্জাসমূহ ভালে আছেনে সেই বিষয়ে সন্দেহ আছে বুলিও জনাইছে ইছৰোৰ দলে। কাৰণ চন্দ্ৰত আন্ধাৰ নামৰ পাছত শুই পৰিছিল বিক্ৰম আৰু প্ৰজ্ঞান। ইছৰোৰ বিজ্ঞানীৰ দলে একাধিকবাৰ এলাৰ্ম বজাইয়ো জগাই তুলিব পৰা নাই প্ৰজ্ঞানক। দক্ষিণ মেৰুৰ অতিপাত ঠাণ্ডাতেই হয়তো শুই পৰিল বিক্ৰম আৰু প্ৰজ্ঞান বুলি সন্দেহো কৰিছে বিজ্ঞানীৰ দলটোৱে।

১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰিকোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান-৩। ইয়াৰপাছতেই ৪০ দিনৰ অন্তত দীৰ্ঘ পথ অতিক্ৰমী বিগত মাহৰ ২৩ তাৰিখে চন্দ্ৰৰ দক্ষিণ মেৰুত ছফট লেণ্ডিং কৰিছিল চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰমে। চন্দ্ৰৰ দক্ষিণ মেৰুত লেণ্ডিং কৰাৰ পাছতেই বিক্ৰমৰ বুকুৰ পৰা ওলাই আহিছিল প্ৰজ্ঞান। সেই প্ৰজ্ঞানে চন্দ্ৰৰ কুমেৰুত ১০০ মিটাৰ পথ চলাচল কৰাৰ পাছতেই চন্দ্ৰৰ বুকুলৈ আন্ধাৰ নামে। সৰু সৰু দুভৰিৰে চন্দ্ৰৰ কুমেৰুত খোজকাঢ়ি ফুৰি বিভিন্ন তথ্য ইছৰোৰ দলক প্ৰেৰণো কৰিছিল প্ৰজ্ঞানে।

বিক্ৰমে লেণ্ডিং কৰা বিশেষ পয়েণ্টটোৰ নাম শিৱশক্তি পয়েণ্ট নামেৰে নামকৰণ কৰিছে ইছৰোৰ দল আৰু দেশৰ প্রধানমন্ত্ৰীয়ে। চন্দ্ৰাভিজানত চন্দ্ৰৰ দক্ষিণ মেৰুত অক্সিজেনৰো সন্ধান পাইছে দলটোৱে। ইয়াৰোপৰি ছালফাৰ, মেগনেছিয়াম, মেংগানিজ, এলুমিনিয়ামৰ দৰে একাধিক তথ্যৰ উপস্থিতিৰো উমান ইছৰোৰ দলক জনাইছে প্ৰজ্ঞানে। এই তথ্যসমূহ পঠিওৱাৰ পাছতেই শ্লিপিং মুডলৈ যায় ৰোভাৰ প্ৰজ্ঞান আৰু লেণ্ডাৰ বিক্ৰম। তাৰপিছতেই চন্দ্ৰত ১৪ দিন ধৰি নিশা হৈ আছিল। বিগত ২২ ছেপ্টেম্বৰত চন্দ্ৰত সুৰ্যোদয় হৈছে। তাৰপিছৰে পৰা বিজ্ঞানীৰ দল আকৌ ব্যস্ত হৈ পৰিছে। বিক্ৰম আৰু প্ৰজ্ঞানক জগাব পাৰি নেকি তাৰেই চেষ্টা অব্যাহত ৰাখিছে বিজ্ঞানীৰ দলটোৱে।

বাৰে বাৰে এলাৰ্ম বজাইয়ো এতিয়াকৈ জগাই তুলিব পৰা নাই বিক্ৰম আৰু প্ৰজ্ঞানক। আগন্তুক ৩০ ছেপ্টেম্বৰলৈ চেষ্টা অব্যাহত ৰাখিব বিজ্ঞানীৰ দলটোৱে। কাৰণ সেইদিনাই আকৌ সূৰ্যাস্ত হ’ব চন্দ্ৰত। পোহৰ থকালৈকে চেষ্টা চলাই থাকিব ইছৰোৰ দলে। ৩০ ছেপ্টেম্বৰত সূৰ্যাস্ত নোহোৱা পৰ্যন্ত এই প্ৰক্ৰিয়া অব্যাহত ৰাখিব ইছৰোৰ দলে। হাড়কঁপোৱা ঠাণ্ডাত চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞান জীয়াই থকাৰ আশা নিচেই ক্ষীণ বুলিও জনাইছে বিজ্ঞানীৰ দলটোৱে।

স্পেছ এপ্লিকেছন চেণ্টাৰৰ ডাইৰেক্টৰ নীলেশ এম দেশাইয়ে এই সন্দৰ্ভত কয়, ‘আমি আশাহত হোৱা নাই। চেষ্টাও এৰা নাই। সূৰ্যৰ পোহৰ পৰি থকালৈকে আমি চেষ্টা চলাই যাম। এবাৰ যদি জাগি উঠে তেন্তে লেণ্ডাৰ বিক্ৰমক অটমেটিকেলি সক্ৰিয় কৰিব পৰা যাব। সূৰ্যৰ পোহৰত বিক্ৰমৰ গাত লাগি থকা পেনেলসমূহ চাৰ্জড আপ হয় তেন্তে সক্ৰিয় হৈ উঠাৰ আশা আছে। বৰ্তমান পৰ্যন্ত আমি ছিগনেল লাভ কৰা নাই। চাঞ্চ এতিয়াও ৫০-৫০। সক্ৰিয় নহ’লেও আমি দুখ কৰিবলগা একো কথা নাই, আমি বিচৰা সফলতা আমি পালোৱেই। যদি মিৰাকল কিবা হয় তেন্তে এয়া আৰু এক বিশ্বৰেকৰ্ড হ’ব। নিৰৱে শুই থাকিলেও বিক্ৰম আৰু প্ৰজ্ঞানে আমি বিচৰা সকলোখিনি আমাক দিয়েই গৈছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা
বিবিধ

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

July 8, 2026
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?
বিনোদন

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

July 8, 2026
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক
জীৱনশৈলী

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

July 8, 2026
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

July 8, 2026
Next Post
হিমাচলৰ ক্ষতিগ্ৰস্থ পৰিয়ালৰ কাষত আমিৰ খান! ২৫ লাখ টকা দান কৰিলে মি পাৰ্ফেকছনিষ্টে

হিমাচলৰ ক্ষতিগ্ৰস্থ পৰিয়ালৰ কাষত আমিৰ খান! ২৫ লাখ টকা দান কৰিলে মি পাৰ্ফেকছনিষ্টে

সাধাৰণ অথচ অসাধাৰণ! সাতোজনমলৈ এক হোৱাৰ পৰত পৰী-ৰাঘৱে দিলে বিশেষ বাৰ্তা, অতিথিৰ পৰা উপহাৰ নহয় ল’লে কেৱল একাঁজলী আশীৰ্বাদ

সাধাৰণ অথচ অসাধাৰণ! সাতোজনমলৈ এক হোৱাৰ পৰত পৰী-ৰাঘৱে দিলে বিশেষ বাৰ্তা, অতিথিৰ পৰা উপহাৰ নহয় ল’লে কেৱল একাঁজলী আশীৰ্বাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.