অসম লাইভ ২৪ঃ ‘দেউতা ভাল মা বেয়া’ বা ‘মা ভাল দেউতা বেয়া’— এনেধৰণৰ বাক্য প্ৰায় শিশুৰে মুখত শুনা যায়। কিন্তু শিশুৰ মুখৰ সেই কথাই যে অমানিশা মাতি আনিব পাৰে, সেয়া কল্পনাতীত। কিয়নো এগৰাকী মাতৃয়ে নিজৰ ৩ বছৰীয়া কন্যা শিশুক ডিঙি চেপি হত্যা কৰে। ২৬ বছৰীয়া মহিলাগৰাকীয়ে এই কথা লৈ অসন্তুষ্ট আছিল যে ৩ বছৰীয়া কন্যা শিশুটিয়ে সকলো কথাতে দেউতাকক সমর্থন জনায়। শেহতীয়াভাৱে টিভিৰ ৰিম’ট কণ্ট্ৰ’লক পতি-পত্নীৰ মাজত কাজিয়া হয় আৰু শিশুটিয়ে দেউতাকৰ পক্ষ লয়। এই কথাই মহিলাগৰাকীৰ খং আৰু দুগুণ হয়। সুধা নামৰ মহিলাগৰাকীয়ে কন্যাক এটা নির্মাণৰত ঘৰলৈ লৈ গৈ ডিঙি চেপি হত্যা কৰে। সুধাই পশ্চিম বাংগালুৰুৰ এখন টাইলছৰ দোকানত হাউচকিপিং হিচাপে কর্মৰত। পতি ইৰন্নাই কৰে দৈনিক হাজিৰা। হত্যা কৰাৰ পিছত শিশুটি হেৰোৱা বুলি মাতৃয়ে নাটক কৰে আৰু পতিৰ সৈতে গৈ আৰক্ষী চকীত অভিযোগো কৰে। সুধাই আৰক্ষীক জনাই যে শিশুটিক ঘৰৰ বাহিৰৰ চাটৰ দোকানত কবিৰ মনচুৰিয়ান খুৱাবলৈ নিছিল। কিন্তু তেওঁ বিল আদায় দিবলৈ যাওঁতে শিশুটি নোহাৱা হয়। পিছদিনা কোনো ব্যক্তিয়ে নির্মাণৰত ঘৰটোৰ কাষেৰে যাওঁতে শিশুটিৰ শৱদেহ দেখা পায়। ব্যক্তিগৰাকীয়ে লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। শিশুটিৰ চিনাক্তকৰণৰ পিছত আৰক্ষীয়ে সুধা আৰু ইৰন্নাক ঘটনাস্থলীলৈ মাতে। ইপিনে সুধাৰ কথা-বতৰাত আৰক্ষীৰ সন্দেহ হয়। লগে লগে আৰক্ষীয়ে শিশুটি নোহোৱা হোৱা সন্দর্ভত সুধাক আৰক্ষীয়ে সোধা-পোচা কৰে। আৰক্ষীৰ জেৰাত সুধাই নিজ কন্যাক ডিঙি চেপি হত্যা কৰাৰ কথা স্বীকাৰ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ