কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। সন্তান জন্ম দিব নোৱাৰাক লৈ স্বামী-স্ত্ৰীৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা বিবাদে অৱশেষত ভয়ংকৰ ৰূপ ধাৰণ কৰে। অভিযোগ অনুসৰি, স্বামীৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি ক্ষোভৰ বশৱৰ্তী হৈ পত্নীয়ে স্বামীৰ বুকুত ছুৰীৰে আঘাত কৰে। গুৰুতৰভাৱে আহত স্বামীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাটো বেংগালুৰুৰ কেম্পেগৌড়া নগৰ থানা এলেকাৰ লক্ষ্মীপুৰ অঞ্চলত সংঘটিত হৈছে। আৰক্ষীৰ প্ৰাৰম্ভিক তথ্য অনুসৰি, নিহত ব্যক্তিজনৰ নাম ৰাজশেখৰ। তেওঁৰ বয়স ৪৪ বছৰ। তেওঁ এটা ব্যক্তিগত বেংকত কৰ্মৰত আছিল। আনহাতে, অভিযুক্ত পত্নী মালাশ্ৰীৰ বয়স ৩৫ বছৰ।
সন্তানহীনতাক লৈ প্ৰায়ে কাজিয়া
প্ৰাপ্ত তথ্য অনুসৰি, ৰাজশেখৰ আৰু মালাশ্ৰীৰ বিবাহৰ পিছতো তেওঁলোকৰ কোনো সন্তান জন্ম হোৱা নাছিল। এই বিষয়টোক লৈ দম্পতীটোৰ মাজত প্ৰায়ে তৰ্ক-বিতৰ্ক আৰু কাজিয়াৰ সৃষ্টি হৈছিল। অভিযোগ অনুসৰি, ৰাজশেখৰ মদ্যপানৰ অভ্যাসত আসক্ত আছিল। তেওঁ মদ্যপান কৰি ঘৰলৈ উভতি অহাৰ পিছত পত্নীক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ লগতে মানসিক নিৰ্যাতন চলাইছিল। সন্তান জন্ম দিব নোৱাৰাৰ বাবে পত্নীক দোষাৰোপ কৰি তেওঁক অপমানজনক কথাও কৈছিল বুলি অভিযোগ উঠিছে। এইদৰে দীৰ্ঘদিন ধৰি চলি থকা পাৰিবাৰিক অশান্তিৰ ফলত দম্পতীটোৰ মাজত সংঘাত বৃদ্ধি পাইছিল। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি, যোৱা ১১ নৱেম্বৰৰ নিশা ৰাজশেখৰে মদ্যপান কৰি ঘৰলৈ উভতি আহিছিল।
য়াৰ পিছতে স্বামী-স্ত্ৰীৰ মাজত পুনৰ কাজিয়াৰ সূচনা হয়। সন্তান জন্ম দিব নোৱাৰা বিষয়টোক লৈ দুয়োৰে মাজত তৰ্ক-বিতৰ্ক চলি থকাৰ সময়তে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। অভিযোগ অনুসৰি, সেই সময়তে ক্ষোভত মালাশ্ৰীয়ে পাকঘৰৰ পৰা এখন কটাৰী লৈ স্বামীৰ বুকুত আঘাত কৰে। ছুৰীৰ আঘাতত ৰাজশেখৰ গুৰুতৰভাৱে আহত হয় আৰু তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত মাটিত ঢলি পৰে। ঘটনাৰ পিছতে গুৰুতৰভাৱে আহত ৰাজশেখৰক ততাতৈয়াকৈ বেংগালুৰুৰ ভিক্টোৰিয়া হাস্পতাললৈ লৈ যোৱা হয়। কিন্তু তেওঁৰ অৱস্থা অত্যন্ত সংকটজনক আছিল। চিকিৎসালয়ত চিকিৎসকে পৰীক্ষা কৰাৰ পিছত ৰাজশেখৰক মৃত বুলি ঘোষণা কৰে। এই ঘটনাৰ পিছতে লক্ষ্মীপুৰ অঞ্চলত শোক আৰু চাঞ্চল্যৰ সৃষ্টি হয়।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ বিভিন্ন তথ্য সংগ্ৰহ কৰিছে। প্ৰাথমিকভাৱে পাৰিবাৰিক বিবাদ আৰু স্বামীৰ দ্বাৰা পত্নীক কৰা নিৰ্যাতনৰ অভিযোগক ঘটনাৰ সৈতে জড়িত বুলি ধাৰণা কৰা হৈছে। অৱশ্যে, বিবাদৰ প্ৰকৃত কাৰণ আৰু ঘটনাৰ সময়ত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই বিষয়ে আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















