বন্ধু, ভাল প্ৰতিবেশী, অংশীদাৰ…! গালৱান-অৰুণাচলৰ দৰে অতীতত হোৱা সংঘৰ্ষ পাহৰি এই বন্ধু বুলি ভাৰতক ৭৭তম গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালে চীনে৷ সেয়াই নহয় চীনৰ প্ৰেচিডেণ্ট ছি জিনপিঙে অভিনন্দন জনাইছে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক৷ ড্ৰেগনৰ দেশৰ এই সলনি অতিকৈ তাৎপৰ্যপূৰ্ণ বুলিও জনাইছে বহুতে৷ ধাৰণা কৰা হৈছে এই সলনিৰে বিশ্বৰ সন্মুখত দিল্লীক মৈত্ৰীৰ বাৰ্তা দিছে বেইজিঙে৷ ইফালে ভাৰতৰ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাইছে আমেৰিকাইয়ো৷
আমেৰিকাৰ স্বৰাষ্ট্ৰ সচিব মাৰ্কো ৰুবিয়েও নিজৰ বাৰ্তাৰে দিল্লী-ৱাছিংটনৰ ঐতিহাসিক সম্পৰ্কৰ কথা উল্লেখ কৰিছে৷ ভাৰতৰ গণতন্ত্ৰ দিৱসত জিনপিঙৰ সংক্ষিপ্ত বাৰ্তাত বিভিন্ন বিষয়ত উভয় দেশৰ সৈতে বিনিময় আৰু সহযোগিতা সম্প্ৰসাৰিত হ’ব৷ কূটনৈতিক সম্পৰ্কৰ স্থিতিশীলতা বৃদ্ধি কৰি উদ্বেগৰ সমাধান কৰিব৷ এই বক্তব্যত সীমান্তক লৈ দুই দেশৰ মাজত দীৰ্ঘদিনৰ জটিলতা দূৰ কৰি উঠাৰ ইতিবাচক বাৰ্তা আছে৷
উল্লেখ গালৱান সংঘাত পাৰ হৈ আলোচনাৰ মাধ্যমেৰে সীমান্ত সমস্যা কিছু স্থিতিশীল হ’লেও চীনক বিশ্বাসত সহজে ল’ব নোৱাৰি৷ অৰুণাচলৰ পৰা আৰম্ভ কৰি লাডাখ পৰ্যন্ত চীনা আগ্ৰাসনে বাৰে বাৰে চিন্তাৰ বিষয় হৈ পৰে ভাৰতৰ বাবেও৷ লাডাখৰ একাধিক অঞ্চলক নিজৰ বুলি দাবী কৰে চীনে৷ ফলত সংঘাত দূৰ হলেও পৰিস্থিতি যদি কোনো সময়ত বেয়া হয় তেতিয়াও যুঁজ দিবলৈ সদা সষ্টম ভাৰত৷ বিগত চাৰি বছৰত ভাৰতে লাডাখ আৰু তাৰ পাৰ্শ্ববৰ্তী অঞ্চলত পৰিকাঠামোগত উন্নয়ন কৰিবলৈ আৰম্ভ কৰিছে কেন্দ্রই৷
উন্নতমানৰ ৰাস্তা, টানেল আৰু সেতু নিৰ্মাণ আৰম্ভ কৰিছে৷ পূৰ্ব লাডাখৰ মুধি নোওমা অঞ্চলত নিৰ্মিত হৈছে ভাৰতৰ সৰ্বোচ্চ বায়ুসেনা ঘাটি৷ আগন্তুক অক্টোবৰ মাহৰ ভিতৰত বিমান চলাচলৰ বাবেও প্ৰস্তুত হব এই ঘাঁটি৷ যিয়ে দেশৰ নিৰাপত্তাতো বাদেই আপতকালীন পৰিস্থিতিতো যোগাযোগৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হৈ উঠিব এই বায়ুসেনা ঘাঁটি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















