ভাৰতৰ সামুদ্ৰিক নিৰাপত্তা পৰিবেশত নতুনকৈ উদ্বেগ বঢ়াইছে চীনৰ পদক্ষেপে৷ পাকিস্তান নৌবাহিনীক মুঠ ৮খন আধুনিক হাঙ্গৰ শ্ৰেণীৰ চাবমেৰিণ সৰবৰাহ কৰিছে বেইজিঙে৷ এয়াৰ ইণ্ডিপেণ্ডেণ্ট প্ৰপালছন প্ৰযুক্তিসম্পন্ন এই চাবমেৰিনসমূহ দীৰ্ঘ সময় পানীৰ তলত গোপনে চলাচল কৰিব পাৰে৷ প্ৰথমবাৰৰ বাবে ছাবমেৰিনখনএ ২০২৬ চনত পাকিস্তান নৌবাহিনীত যোগ দিব আৰু ২০২৮ চনৰ মাজত ৮টা ছাবমেৰিনৰ ডেলিভাৰি সম্পূৰ্ণ হ’ব৷
চুক্তিৰ মূল্য প্ৰায় ৫ বিলিয়ন ডলাৰ, যিয়ে পাকিস্তানৰ সামুদ্ৰিক শক্তিক উল্লেখযোগ্যভাৱে বঢ়াব আৰু আৰৱ সাগৰত ভাৰতৰ বাবে নতুন চেলেঞ্জো তৈয়াৰ কৰিব৷ কিন্তু সামগ্ৰিক সক্ষমতাৰ বিচাৰেৰে ভাৰত পাকিস্তানতকৈ বহুপৰিমাণে আগুৱাই আছে৷
পাকিস্তানৰ নতুন ছাবমেৰিন কিমান শক্তিশালী
হাঙ্গেৰ শ্ৰেণীৰ ছাবমেৰিনসমূহ চীনৰ Type 039A ‘Yuan’ শ্ৰেণীৰ সংস্কৰণ৷ বৈশিষ্ট্য-
ওজনঃ প্ৰায় ২৮০০ টন
দৈৰ্ঘ্যঃ ৭৭ মিটাৰ
গতিঃ পানীত ১৮নট, পানীৰ তলত ২০ নট
AIP চিষ্টেমঃ পৃষ্ঠত নুঠাকৈয়ে ২-৩ সপ্তাহ পানীৰ তলত লুকাই থাকিব পাৰে৷
ষ্টেলথঃ শব্দ অত্যন্ত কম, চিনাক্ত কৰা কঠিন
অস্ত্ৰসজ্জাঃ ৬টা টৰ্পেডো টিউব
জাহাজ বিধ্বংসী ক্ষেপণাস্ত্ৰ (YJ-18/YJ-82)
টৰ্পেডো
৩টা পাৰমাণৱিক সক্ষম ক্ৰুজ মিছাইল
এই ক্ষমতাসমূহৰ ফলত পাকিস্তানৰ পুৰণি শ্ৰেণীৰ ছাবমেৰিনৰ তুলনাত যুদ্ধক্ষমতা বহুগুণ বাঢ়ি যাব৷
২০২৫ চনত পাকিস্তান নৌবাহিনীৰ শক্তি
মুঠ জাহাজঃ ১২০-১৩০
বৰ্তমান ছাবমেৰিনঃ ৮-৯
নতুন হেঙ্গৰ যুক্ত হলেঃ ১৬-১৭
ফ্ৰিগেটঃ ১০-১২
কৰ্ভেটঃ ৪-৬
ডেষ্ট্ৰয়াৰ, এয়াৰক্ৰাফ্ট কেৰিয়াৰঃ নাই
পাকিস্তান নৌবাহিনী মূলত উপকূল ৰক্ষা অভিযানেই সীমাবদ্ধ৷ গভীৰ সমুদ্ৰত অভিযান চলোৱাৰ সক্ষমতা সীমিত৷
ভাৰতীয় নৌবাহিনীৰ শক্তি
পাকিস্তানতকৈ চাৰিৰ পৰা পাঁচ গুণ বেছি শক্তিশালী ভাৰতীয় নৌবাহিনী৷ ভাৰতৰ নৌবাহিনী বিশ্বৰ অন্যতম বৃহৎ শক্তি৷ বিমানবাহী ৰণতৰী- ২টা আইএনএছ বিক্ৰান্ত, আইএনএছ বিক্ৰমাদিত্য, ছাবমেৰিন-১৯খন, পাৰমাণৱিক ছাবমেৰিন ৩খন, ষ্টেণ্ডাৰ্ড ডুবাৰুজাহাজঃ ১৬-১৭খন৷ কালভাৰি ক্লাছ, সিন্ধুঘোষ ক্লাছ, শিশুমাৰ ক্লাছ, ডেষ্ট্ৰয়াৰ-১৩খন, কলকাতা, বিশাখাপট্টনম শ্ৰেণীসহ সকলো ব্ৰহ্মোছ সজ্জিত৷ ফ্ৰিগেট-১৪-১৭খন, শিবলিক, তালোৱাৰ, নীলগিৰি শ্ৰেণী৷ কৰ্ভেট ২০-২৫খন৷
ভাৰত কিমান প্ৰস্তুত?
পাকিস্তানৰ নতুন AIP ছাবমেৰিন উদ্বেগৰ কাৰণ হ’লেও ভাৰতৰ পাৰমাণৱিক ছাবমেৰিণ কৌশলগতভাৱে বহু বেছি শক্তিশালী৷ ভাৰতৰ নৌবাহিনীয়ে সমুদ্ৰৰ গভীৰৰ পৰা আকাশপথেৰে সকলো দিশতেই প্ৰচণ্ড আধিপত্য বজায় ৰাখে৷ প্ৰকল্প ৭৫ আইৰ অধীনত ভাৰতে আৰু ৬খন আধুনিক AIP ছাবমেৰিন তৈয়াৰ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















