চীনৰ পৰা লাহে লাহে আঁতৰিব ধৰিছে বিত্তশালীলোকসকল৷ কমিছে ধনবান লোকৰ সংখ্যা৷ ৰহস্যময়ভাৱে কমি গৈছে ধনী লোকৰ সংখ্যা৷ অৰ্থাৎ ধনবান লোকসকলে ত্যাগ কৰিছে চীন৷ চীনৰ ধনবান লোকসকলে বিগত দুবছৰৰ পৰা দেশ এৰিবলৈ আৰম্ভ কৰিছে৷ বিগত বৰ্ষতো একাধিক ডাঙৰ ডাঙৰ ব্যৱসায়ীয়ে চীন এৰিছে৷
২০২২ চনৰ হিচাপ অনুসৰি, বিশ্বৰ প্ৰায় ২৭০০ শতকোটিপতিসকলৰ মাজত ৬০০ জনতকৈ বেছি চীনৰ বাসিন্দা আছিল৷ ফোৰ্বছ পত্ৰিকা অনুসৰি বিগত বছৰত সেই সংখ্যা কমি ৫৬২ লৈ কমিছে৷ কিন্তু কিয় এই বিত্তশালীসকল চীন বিমুখ হৈছে? আন্তৰ্জাতিক কূটনৈতিক আৰু অৰ্থনৈতিক বিশেষজ্ঞসকলৰ একাংশৰ দাবী যে ব্যৱসায়ীসকলৰ বিৰুদ্ধে কাঢ়া পদক্ষেপ আৰু সেই দেশৰ উত্তপ্ত ৰাজনৈতিক পৰিবেশৰ কাৰণেই দেশ এৰিছে এইসকল ব্যৱসায়ীয়ে৷ লগত লৈ গৈছে ধনো৷
দীৰ্ঘ দিন ধৰি নিজৰ অৰ্থ বিদেশত লৈ যোৱাৰ উপায় বিচাৰি আছে চীনৰ অভিজাত লোকসকলে৷ যাৰ কাৰণে চাপৰ মুখত পৰিছে চি জিনপিং চৰকাৰ৷ বৰ্তমান চীনৰ চৰকাৰে নিয়ম কৰি দিছে যে কোনো ব্যক্তিয়ে বছৰত কেৱল ৫০ হাজাৰ ডলাৰ দেশৰ বাহিৰলৈ পঠাব পাৰে৷ চীনৰ ধনী ব্যক্তিয়ে তেওঁলোকৰ ধন দেশৰ বাহিৰলৈ পঠিয়াবলৈ উঠিপৰি লাগিছে৷ কেতিয়াবা কেতিয়াবা বেআইনীভাৱেও ধন পঠিয়াইছে চীনৰ ধনবান ব্যক্তিয়ে৷ এই কথা আমি কোৱা নাই, এই দাবী কৰিছে বিভিন্ন সংবাদসংস্থাই৷ বিগত বছৰৰ আগষ্ট ছাংহাইৰ আৰক্ষীয়ে ১১০ লাখ পাউণ্ডতকৈ বেছি অবৈধ বৈদেশিক মুদ্ৰা লেনদেনৰ অভিযোগত ৫গৰাকীক গ্ৰেপ্তাৰ কৰিছিল৷ কৰ’না মহামাৰীৰ পূৰ্বে চীনৰ পৰা প্ৰতি বছৰে ১৫ হাজাৰ কোটি ডলাৰ স্ৰেফ পৰ্যটকসকলৰ হাতত ধৰি বিদেশত ভৰি দিছে বুলি দাবী কৰিছে ফৰাছী বেংক গোষ্ঠী নাটিক্সিছে৷
কৰ’নাৰ পৰবৰ্তী আন্তৰ্জাতিক পৰ্যটন পূৰ্বৰ দৰে নাই৷ আমেৰিকাৰ উচ্চ সুদ আৰু দুৰ্বল ইউয়েনৰ ফলত বিত্তবান চীনা ব্যক্তিয়ে তেওঁলোকৰ অৰ্থ অন্য দেশলৈ পঠিয়াই দিছে৷ এই দাবী কৰিছে অৰ্থনীতিবিদৰ একাংশই৷ ২০২৩ চনৰ প্ৰথমাৰ্ধত চীনৰ অৰ্থ আদানপ্ৰদানৰ ভাৰসাম্য ১৯৫০ কোটি ডলাৰৰ ঘাটি আছিল৷ এই সূচকৰ মাধ্যমেৰে দেশৰ অৰ্থ আদানপ্ৰদানৰ হিচাপ ৰাখে চৰকাৰে৷ অৰ্থনীতিবিদৰ দাবী যে চীনৰ টকা বাহিৰলৈ যোৱাৰ কাৰণেই আৰু কঠোৰ হৈছে চীনা চৰকাৰ৷ একাংশৰ মতে আকৌ চীনৰ ভৱিষ্যতৰ অৰ্থনৈতিক নীতি আৰু ব্যৱসায়ৰ সুযোগ সম্পৰ্কে অনিশ্চয়তা তৈয়াৰ হোৱাৰ কাৰণেই নিজৰ সঞ্চয় দেশৰ বাহিৰলৈ নিব বিচাৰিছে সেই দেশৰ বিত্তশালীসকলে৷ ২০২১ চনত জিনপিং চৰকাৰে চীনৰ বিত্তশালীসকলে দেশৰ স্বাৰ্থত তেওঁলোকৰ সম্পদ আৰু বেছিকৈ ভাগ কৰি লবলৈ আহ্বান জনাইছিল৷ ২০১৫ চনত চীনৰ মুদ্ৰ ইউয়েনৰ দাম পৰি যোৱাৰ পাছতেই হাজাৰ হাজাৰ কোটিৰ ক্ষতিৰ মুখত পৰিছে চীন৷ তাৰপাছতেই দেশৰ সম্পদৰ ওপৰত নজৰ ৰখা আৰম্ভ কৰিছে বেইজিঙে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ