নতুন বছৰত আকৌ কলেৰাৰ প্ৰাদুৰ্ভাৱ৷ বাঢ়িয়েই আছে আক্ৰান্তৰ সংখ্যা৷ ইয়াৰ সৈতে বাঢ়িছে মৃতকৰ সংখ্যাও৷ তিনিদিনত বঢ়া মৃতকৰ পৰিসংখ্যাই নতুনকৈ আতংকিত কৰিছে ছুদানৰ জনতাক৷
ছুদানৰ স্বাস্থ্য দপ্তৰৰ তৰফৰ পৰা জনোৱা হৈছে যে বৃহস্পতিবাৰৰ পৰা শনিবাৰৰ মাজত ছুদানত কলেৰাত ৫৮ জনৰ মৃত্যু হৈছে৷ হাস্পতালত চিকিৎসাধীন হৈছে ১২৯৩ জন৷ চলিত মাহত ৰাজধানী খাৰ্তুমৰ পৰা ৪২০ কিঃমিঃ দক্ষিণৰ কোস্তি চহৰত কলেৰাত আক্ৰান্তৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি পাইছে৷
চিকিৎসকে জনাইছে যে হাস্পতালতসমূহত উপচি পৰিছে কলেৰা ৰোগী৷ বহু হাস্পতালত ৰোগীৰ ভিৰ উপচি পৰাত নতুন ৰোগীক ভৰ্তি কৰিবলৈ ঠাইৰ অভাৱ ঘটিছে৷ বিগত বছৰো ছুদানত জুলাইৰ পৰা অক্টোবৰ মাহ পৰ্যন্ত কলেৰাত আক্ৰান্ত হৈ ৬০০ লোকে প্ৰাণ হেৰুৱাইছিল৷ অসুস্থ হৈ পৰিছিল ২১ হাজাৰ মানুহ৷ ইয়াৰ পূৰ্বে ২০১৭ চনত কলেৰাত ৭০০ জনৰ মৃত্যু হৈছিল আৰু ২২ হাজাৰ মানুহ আক্ৰান্ত হৈছিল৷
কলেৰা আক্ৰান্তৰ সংখ্যা বঢ়াৰ বাবে সাধাৰণ লোকৰ মাজত সতৰ্কতা জাৰি কৰা হৈছে৷ সকলোকে পৰিষ্কাৰ পানী ব্যৱহাৰৰ নিৰ্দেশ দিছে চিকিৎসকে৷ ঘনে ঘনে বমি, ডিঙি শুকাই যোৱা, ডি হাইড্ৰেছন, হৃদস্পন্দন বাঢ়ি যোৱা, ক্লান্তি, পেশীত বিষৰ দৰে উপসৰ্গই দেখা দিলে দ্ৰুত চিকিৎসকৰ পৰামৰ্শ ল’বলৈকো আহ্বান জনোৱা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ