অসম লাইভ২৪ঃ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ, বিৰোধী কণ্ঠৰোধ কৰিবলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক বিজেপিয়ে ব্যৱহাৰ কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, ঝাৰখণ্ডৰ প্ৰাক্তন চিএম হেমন্ত চোৰেণসহ একাধিক বিৰোধী ৰাজনৈতিক নেতাক গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। এই পৰিস্থিতিক লৈ চিবিআই ৰাইজিং ডে’ত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে প্রধান ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে। তেঁও কয়, ‘মোৰ মনে কয় তদন্তকাৰী সংস্থাসমূহ আমাৰ সৰু সুৰা সকলো গোচৰতেই সোমাই পৰিছে। দেশৰ নিৰাপত্তা আৰু দেশবিৰোধী কোনো অৰ্থনৈতিক অপৰাধৰ ক্ষেত্ৰখনতহে তেওঁলোকৰ কাম সীমাবদ্ধ থাকিব লাগে বা থকা উচিত।’
ইডি, চিবিআইৰ দৰে তদন্তকাৰী সংস্থাই শাসকদলৰ স্বাৰ্থসিদ্ধিৰ বাবে ৰাজনৈতিক পদক্ষেপো গ্ৰহণ কৰিছে বুলি অভিযোগ বিৰোধী শিবিৰৰ। সেই পৰিপেক্ষিতেই উচ্চতম ন্যায়ালয়ৰ চিফ জাষ্টিছে এই মন্তব্য কৰিছে। মুখ্য ন্যায়াধীশে অৱশ্যে তদন্তকাৰী এই সংস্থাকেইটাৰ কামৰ পৰিধি বাঢ়ি যোৱাৰ বিষয়টোক প্ৰশংসাসূচকভাৱেও বাখ্যা কৰিছে। তেওঁৰ মত, ‘বিভিন্ন ক্ৰিমিনেল কেছ এতিয়া চিবিআইক দিয়া হয়। তেওঁলোক এতিয়া কেৱল দুৰ্নীতি নিবাৰক বা দুৰ্নীতি দমন তদন্তকাৰী সংস্থা নহয়। ইয়াৰ ফলত চিবিআইৰ ওপৰত দায়িত্ব বহু পৰিমানে বৃদ্ধি পাইছে। এই চাপৰ বাবেই তদন্তকাৰী প্ৰক্ৰিয়াক ডিজিটেলাইজড কৰাৰ পথ বিচাৰিছে সংস্থাটোৱে।
উল্লেখ্য যে এক সাক্ষাৎকাৰত ইডি আৰু চিবিআইৰ ভূমিকাক লৈ মুখ খুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। প্রধানমন্ত্ৰী মোদীৰ মন্তব্য, ‘ইডি আৰু অন্যান্য তদন্তকাৰী সংস্থাই স্বাধীনভাৱে কাম কৰে। আমি তেওঁলোকক কেতিয়াও বাধা দিয়া নাই আৰু কামৰ নিৰ্দেশো দিয়া নাই। বিচাৰ ব্যৱস্থাৰ দৰে এই তদন্তকাৰী সংস্থাসমূহেও স্বাধীনভাৱে কাম কৰা উচিত।’
বৰ্তমান ইডিৰ হাতত আছে ৭০০০ কেছ, যাৰ ভিতৰত ৰাজনীতি সংক্ৰান্তীয় গোচৰ ৩শতাংশতকৈয়ো কম। বিৰোধীসকলৰ ১০ল বছৰীয়া শাসনকালত ইডিয়ে বাজেয়াপ্ত কৰিছিল ৩৫লাখ টকা আৰু এতিয়া সেই পৰিমান বাঢ়ি হৈছেগৈ ২,২০০ কোটি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ