অসম লাইভ২৪ঃ বিবাহিত সম্পৰ্কৰ বাহিৰত দু’জন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে স্বেচ্ছাৰে যৌন সম্পৰ্ক স্থাপন কৰিলে সেয়া শাস্তিযোগ্য অপৰাধ বুলি গণ্য কৰা নহ’ব। সম্প্ৰতি ৰাজস্থান হাইকৰ্টৰ এই ৰায়ে নতুনকৈ সৃষ্টি কৰিছে বিতৰ্কৰ। ইয়াৰ পূৰ্বে ২০১৮চনত উচ্চতম ন্যয়ালয়ে দিয়া নিৰ্দেশনাত উল্লেখ আছিল যে বিবাহ বহিৰ্ভূত সম্পৰ্ক অপৰাধ নহয়। ৰাজস্থান হাইকৰ্টৰ ন্যায়াধীশ বীৰেন্দ্ৰ কুমাৰে সেই নিৰ্দেশনাৰ কথা টানি আনি কয়, ‘আমাৰ সমাজত বিবাহিত দম্পত্তিত মাজত যৌন সম্পৰ্কৰ স্বীকৃতি আছে। কিন্তু তাৰ মানে এয়াও নহয় যে বিবাহৰ সম্পৰ্কৰ বাহিৰেও কোনোৱে যদি এই সম্পৰ্ক স্থাপন কৰে তেন্তে সেয়া শাস্তিযোগ্য অপৰাধ হ’ব।’
উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বীৰেন্দ্ৰ কুমাৰে লগতে কয়, ‘সামাজিক নৈতিকতাৰ ওপৰিত সাংবিধানিক নৈতিকতাক স্থান দিব লাগে।’ এই ৰায় দিয়াৰ আঁৰত আছে ৰাজস্থানৰ এগৰাকী ব্যক্তিয়ে তৰা এটা গোচৰ। ব্যক্তিগৰাকীৰ পত্নীক তিনিজন লোকে অপহৰণ কৰিছে বুলি আৰক্ষীৰ ওচৰত গোচৰ তৰিছিল। অৱশ্যে তেওঁ অন্য এক গোচৰত নিজেই কাৰাগাৰত থকাৰ বাবে নিজে আদালতলৈ আহিব পৰা নাছিল। সেই গোচৰ কৰ্টত উঠাৰ পাছতেই অপহৃতা পত্নী এজলাছে জনাই যে, তেওঁ স্বেচ্ছাই অভিযুক্ত এজনৰ সৈতে লীভ ইন ৰিলেছনচিপত আছে। মহিলাগৰাকীৰ সেই জৱানবন্দিৰ পাছতেই নিম্ন আদালতে তেওঁৰ স্বামীয়ে দিয়া এফ আই আৰ খাৰিজ কৰে। নিম্ন আদালতে সেই বিষয়টোক লৈ শুনানি দিয়ে যে, দুজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ মাজত স্বেচ্ছাই যৌন সম্পৰ্ক স্থাপনক অনৈতিক ক’ব নোৱাৰি।
নিম্ন আদালতৰ সেই শুনানিৰ পাছতেই মহিলাগৰাকীৰ স্বামীয়ে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কাষ চাপে। তেওঁৰ অধিবক্তা অংকিত খাণ্ডেলৱালে আদালতত জনাই যে, স্বামী বৰ্তমান থকা সত্ত্বেও সেই মহিলাগৰাকীয়ে অন্য ব্যক্তিৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ কথা স্বীকাৰ কৰি তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৯৮ আৰু ৪৯৭ ধাৰাত গোচৰ কৰা উচিত। কিন্তু আদালতে সেই আৱেদনত বিশেষ কাণসাৰ নিদিলে। ব্যক্তিগৰাকীৰ অধিবক্তাই এই সন্দৰ্ভত কয়, ‘স্বামী জীয়াই থকা সত্ত্বেও বিবাহিত মহিলা অন্য সম্পৰ্কত সোমাই পৰিলে সমাজলৈ ভুল বাৰ্তা যায়। এইক্ষেত্ৰত আদালতকেই সামাজিক নৈতিকতা ৰক্ষাৰ বাবে আগুৱাই অহা উচিত।’
সেই বিষয়টোক লৈ ৰাজস্থান হাইকৰ্টৰ ন্যায়াধীশ বীৰেন্দ্ৰ কুমাৰে কয়, ‘বিবাহিত হৈয়ো যদি অন্য কাৰোবাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিলে সেয়া অপৰাধ নহয়।’ আদালতৰ পৰ্যবেক্ষণমতে মহিলাগৰাকী প্ৰাপ্তবয়স্ক। তেওঁ স্বেচ্ছায় যদি কাৰো সৈতে সম্পৰ্কত সোমাই পৰে তেন্তে সেই সিদ্ধান্ত সলাবলৈ কোনেও তেওঁক বলপূৰ্বক বাধ্য কৰাব নোৱাৰিব। আদালতে পৰ্যবেক্ষণৰ পাছতেই ব্যক্তিগৰাকীৰ গোচৰেই খাৰিজ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ