অসম লাইভ২৪ঃ পিন্ধনত বগা ট্ৰেকছ্যুট৷ বিমানৰ ভিতৰত বহি যদি কেতিয়াবা ফটো আপলোড কৰে কেতিয়াবা আকৌ বিমানৰ বাহিৰত থিয় হোৱা ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে৷ সেই ছবি সামাজিকমাধ্যমত পোষ্ট কৰাৰ পাছতেই আৰম্ভ হৈছে চৰ্চা৷ ২২ বছৰীয়া সুন্দৰি তৰুণীৰ সামাজিক মাধ্যমত অনুৰাগীৰ সংখ্যাও আকৌ কৰিণা কাপূৰ খান আৰু কাজলৰ দৰে বলীউড অভিনেত্ৰীতকৈ বেছি৷ এইগৰাকী অভিনেত্ৰী আন কোনো নহয় তেওঁ অৱনীত কৌৰ৷
২০০১ চনৰ ১৩ অক্টোবৰত পঞ্জাৱৰ জলন্ধৰত জন্ম অৱনীতৰ৷ পিতৃ-মাতৃ আৰু ভায়েকৰ সৈতে তেওঁ পঞ্জাৱত থাকে৷ তাতেই স্কুলীয়া শিক্ষা৷ মুম্বাইৰ এখন বেচৰকাৰী কলেজত বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী অৰ্জন কৰে৷ শৈশৱৰ পৰাই নাচৰ প্ৰতি আগ্ৰহী আছিল অৱনীত৷ ২০১০ চনত নাচৰ এক ৰিয়েলিটি শ্ব’তো অংশগ্ৰহণ কৰিছিল অৱনীতে৷ কিন্তু চূড়ান্ত পৰ্বৰ পূৰ্বেই তেঁও প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়৷ তাৰ পাছতেই একাধিক ৰিয়েলিটি শ্ব’ত যোগদান কৰি টেলিভিছন জগতৰ বহুতৰে চিনাকি মুখ হৈ পৰিল অৱনীত৷ তাৰপৰাই তেওঁ পৰিচিত হৈ উঠে৷ সৰু পৰ্দাচ অভিনয় কৰাৰো সুযোগ লাভ কৰে৷ ২০১২ চনত তেওঁ মেৰি মা নামৰ হিন্দী ধাৰাবাহিকত প্ৰথমে অভিনয় কৰে৷ তাৰপাছতেই টেৰে হে পৰ মেৰে হে, সাবিত্ৰী-এক প্ৰেম কাহানী, এক মুঠি আছমান, হামাৰি চিষ্টাৰ দিদি, চন্দ্ৰ নন্দিনী আৰু আলাদিন নাম তৌ শুনা হৌগাৰ দৰে একাধিক হিন্দী ধাৰাবাহিকত অভিনয় কৰে৷ ২০১২ চনত নাচৰ আৰু এটা ৰিয়েলিটি শ্বত প্ৰতিযোগী হিচাপে দেখা যায় আৱনীতক৷
তাৰ পাছতেই ‘তাৰে জমিন পৰ ছবিৰ শিশু অভিনেতা দৰ্শিল ছাফাৰিৰ সৈতে দেখা যায় অৱনীতক৷ সেই বিশেষ শ্ব’ৰ কনিষ্ঠতম প্ৰতিযোগী আছিল অৱনীত৷ ২০১৩ চনৰ পৰা বহু মিউজিক ভিডিঅ’ত নাচৰ দৃশ্যত তেওঁ অভিনয় কৰিছে৷ সৰু পৰ্দাৰ অভিনয়ৰ ওপৰিও ডাঙৰ পৰ্দাতো তেওঁ অভিনয় কৰিছে৷ ২০১৪ চনৰ ৰাণী মুখাৰ্জীৰ অভিনীত মৰদানী ছবিৰ মাধ্যমেৰে বলীউডত প্ৰৱেশ কৰে অৱনীতে৷ মৰদানি ২ আৰু কৰিব কৰিব চিংগল ছবিত দুটাকৈ কেমিঅ’ চৰিত্ৰতো অভিনয় কৰে তেওঁ৷
ৱেব চিৰিজতো অভিনয় কৰা দেখা গৈছে অৱনীতক৷ ২০১৮ চনত বব্বৰ কা তব্বৰ নামৰ এটা ৱেব চিৰিজত অভিনয় কৰে তেঁও৷ হিন্দী ৱেব চিৰিজৰ তালিকাত প্ৰথম শাৰীত আছে বন্দিশ বেণ্ডিটছ৷ সেই চিৰিজতো এটা গানত তেওঁ অভিনয় কৰিছে৷ সৰু পৰ্দাত বহু নামী দামী সংস্থাৰ বিজ্ঞাপনতো অভিনয় কৰিছে অৱনীতে৷ এই সময়ত হিন্দী টেলিভিছন জগতত সৰ্বোচ্ছ উপাৰ্জনকাৰী শিশু অভিনেতাৰ তালিকাৰ শীৰ্ষত তেওঁৰ নাম৷
মুম্বাইৰ এটা বিলাসবহুল ঘৰত থাকে ২২ বছৰীয়া অভিনেত্ৰী অৱনীত৷ বলীউডৰ সূত্ৰৰ খবৰ অনুসৰি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪১কোটি৷ অভিনেত্ৰীৰ সংগ্ৰহৰ তালিকাত আছে বহুমূলীয়া বাহনো৷ সম্প্ৰতি ব্যক্তিগত ক্ষেত্ৰত ব্যৱহাৰৰ বাবে তেওঁৰ আছে বিমানো৷ অমিতাভ বচ্চন, শ্বাহৰুখ খান, অক্ষয় কুমাৰ, অজয় দেৱগন, প্ৰিয়ংকা চোপ্ৰা জোনাছ আৰু শিল্পা চেট্টীৰ দৰে তাৰকাৰহে ব্যক্তিগত বিমান আছে৷ সেই তালিকাত নাম সন্নিবিষ্ট কৰিলে অৱনীতেও৷ ইফালে অৱনীতৰ ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যা ৩কোটিৰো অধিক৷ কৰিণা কাপূৰ, কাজল, অনন্যা পাণ্ডে, জাহ্নৱী কাপূৰতকৈয়ো অধিক অনুৰাগী আছে অৱনীতৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ