আৰু কেইটামান দিন৷ তাৰপাছতেই অৱসৰ গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে৷ তাৰপূৰ্বে পৰবৰ্তী মুখ্য ন্যায়াধীশ কোন হ’ব তাকে লৈ আৰম্ভ হৈছে চৰ্চা৷ আনুষ্ঠানিকভাৱে ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নাম কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰস্তাৱ কৰিছে মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে৷
নিয়ম অনুসৰি অৱসৰৰ পূৰ্বে মুখ্য ন্যায়াধীশে তেওঁৰ উত্তৰসূৰীক মনোনিত কৰে৷ সেই মনোনয়নত অনুমোদন দিছে কেন্দ্ৰীয় চৰকাৰে৷ সেইদৰে দেশৰ পৰবৰ্তী মুখ্য ন্যায়াধীশ হিচাপে সঞ্জীৱ খান্নাৰ নাম প্ৰস্তাৱ কৰা হৈছে৷ উল্লেখ্য যে মুখ্য ন্যায়াধীশ হিচাপে ডিৱাই চন্দ্ৰচূড়ৰ ম্যাদ শেষ হ’ব আগন্তুক ১০ নৱেম্বৰত৷ সঞ্জীৱ খান্না মুখ্য ন্যায়াধীশ হ’লে মাত্ৰ ছমাহৰ ম্যাদত থাকিব তেওঁ৷ কাৰণ ২০২৫ চনৰ ১৩ মেত তেওঁ অৱসৰ লোৱাৰ কথা৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে ৬৫বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে৷
ন্যায়াধীশ সঞ্জীৱ খান্নাই ১৯৮৩ চনত দিল্লীৰ বাৰ কাউন্সিলত এগৰাকী অধিবক্তা হিচাপে নথিভুক্ত হৈছিল৷ তাৰপাছতেই তিছ হাজাৰী কমপ্লেক্সৰ জিলা আদালতত অনুশীলন কৰে৷ বিগত চাৰি দশকতকৈ বেছি সময় ধৰি আইনী পেছাৰ সৈতে তেওঁ যুক্ত হয়৷ ইয়াৰ পূৰ্বে ২০১৯ চনৰ ১৮ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ হিচাপে তেওঁক নিযুক্ত কৰা হয়৷ এই পাঁচ বছৰত তেওঁৰ বেঞ্চে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়ো দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ