অসম লাইভ২৪ঃ
পাঠান মানে কি সুধিলে মুখ্যমন্ত্ৰীয়ে। পাঠানক লৈ ইমান হূলস্থুল কিয়? ভাৰতত আৰু চিনেমা ওলোৱা নাই নেকি?
ইয়াৰোপৰি সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, ‘শ্বাহৰুখ খান ইমান ইম্পৰ্টেণ্ট বুলি ভৱাই নাছিলো। মোক বাৰে বাৰে মেছেজ কৰি আছিল শ্বাহৰুখে। ৭.৪০ ত প্ৰথমে মেছেজ দিছিল। মই তেতিয়া ব্যস্ত আছিলো। সেয়েহে নিশালৈ কথা পাতিলো। মই ভোট দিয়া মানুহকেই মই চিনি নাপাওঁ।শ্বাহৰুখক চিনি নোপোৱাটোনো কি ডাঙৰ কথা।
ধৰ্মেন্দ্ৰ, অমিতাভ আদিকহে চিনি পাওঁ। বাকী বহু অভিনেতাকেই মই নাজানো। আদা বেপাৰীয়ে জাহাজৰ খবৰ লৈ কি লাভ? পোষ্টাৰ ফালিছে। মোৰটো পোষ্টাৰ ফালিয়েই থাকে। আপোনালোকে এই বিষয়ত মাত মাতে জানো? ডঃ বেজবৰুৱা-২ মই সুবিধা পালে চামেই। কাশ্মীৰ ফাইলছ আকৌ আহিলে আকৌ চাম।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ