- ২০২৪বৰ্ষৰ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’ বটাঁ ৰঞ্জন গগৈলৈ আগবঢ়োৱা হৈছে।
- দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা সাংসদ ৰঞ্জন গগৈলৈ এই বটাঁ আগবঢ়োৱাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ।
- এই বটাঁত আছে ৫লাখ টকা, মানপত্ৰৰ লগতে অন্য কেইবাটাও সা-সুবিধা।
- আনহাতে অসম সৌৰভ বটাঁ ৪গৰাকী আৰু অসম গৌৰৱ বটাঁ ১৭গৰাকীলৈ আগবঢ়োৱা হৈছে।
- শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক বিশেষ অনুষ্ঠানত প্ৰদান কৰা হব এই বটাঁসমূহ।
- অনুষ্ঠানত উপস্থিত থাকিব দেশৰ উপ ৰাষ্ট্ৰপতি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ