আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে “থাইমামন থাংগা মথিৰাম থিত্তম” নামৰ এখন কল্যাণমূলক আঁচনি মুকলি কৰিব। এই আঁচনিৰ অধীনত চৰকাৰী চিকিৎসালয়ত জন্ম হোৱা শিশুক এক গ্ৰাম সোণৰ আঙুঠি প্ৰদান কৰিব ৰাজ্য চৰকাৰে। বিজয়ে বিশেষ বিমানেৰে মাদুৰাইত উপস্থিত হৈ চৰকাৰী ৰাজাজী চিকিৎসালয় (জি আৰ এইচ)ত এই আঁচনিখন মুকলি কৰিব। জি আৰ এইচ প্ৰেক্ষাগৃহত ২৫ টা নৱজাতকক সোণৰ আঙুঠি প্ৰদান কৰাৰ লগতে প্ৰসূতি ৱাৰ্ডলৈ গৈ একেদিনাই জন্ম হোৱা কেঁচুৱাক ব্যক্তিগতভাৱে আঙুঠিটো উপহাৰ দিব। এই আঁচনিৰ অধীনত চৰকাৰী চিকিৎসালয়ত জন্মগ্ৰহণ কৰা প্ৰতিটো যোগ্য নৱজাতকে লাভ কৰিব এক গ্ৰাম, ২২ কেৰেটৰ সোণৰ আঙুঠি। কিন্তু মাতৃগৰাকী তামিলনাডুৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
আঁচনিৰ বাজেট কিমান?
প্ৰথমে প্ৰয়াত মুখ্যমন্ত্ৰী চি এন আন্নাদুৰাইৰ জন্মদিন ১৫ ছেপ্টেম্বৰত এই আঁচনিখন আৰম্ভ কৰাৰ কথা আছিল যদিও বিজয়ৰ লণ্ডন ভ্ৰমণৰ বাবে আঁচনিখন পিছুৱাই দিয়া হয়। ৰাজ্য চৰকাৰে এই আঁচনিৰ বাবে বাৰ্ষিক ৭৫৫.৮৩ কোটি টকাৰ বাজেট আবণ্টন দিছে। প্ৰথম পৰ্যায়ত ১.২৮ লাখ সোণৰ আঙুঠি প্ৰস্তুত কৰা হৈছে। চৰকাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে সোণৰ আঙুঠিসমূহৰ অনন্য ক্ৰমিক নম্বৰ থাকিব আৰু ইয়াক টেম্পাৰ প্ৰুফ পেকেজিঙত বিতৰণ কৰা হ’ব। ৬ অক্টোবৰত উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মদুৰান্তকম আৰু ধৰাপুৰম বিধানসভা সমষ্টিৰ বাহিৰে ৰাজ্যজুৰি এই আঁচনি ৰূপায়ণ কৰা হ’ব।
যোগ্যতা কি?
যোগ্য হিতাধিকাৰীসকলে PICME ব্যৱস্থাৰ অধীনত পঞ্জীয়নভুক্ত হ’ব লাগিব। প্ৰজনন আৰু শিশু স্বাস্থ্য (আৰচিএইচ) আইডিৰ অধিকাৰী হ’ব লাগিব। ডিচচাৰ্জৰ সময়ত হিতাধিকাৰীসকলে লাভ কৰিব সোণৰ আঙুঠি। চৰকাৰী সূত্ৰই পিটিআইক জনোৱা মতে, এই আঁচনিখনে চৰকাৰী স্বাস্থ্য সেৱাৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি কৰাই নহয় চিকিৎসালয়ত নিৰাপদ প্ৰসৱৰ ক্ষেত্ৰতো প্ৰসাৰ ঘটাব। চৰকাৰৰ মতে, প্ৰতি বছৰে তামিলনাডুত প্ৰায় ৭ লাখ ৮০ হাজাৰ জন্ম হয় আৰু ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-৬ (এন এফ এইচ এছ-৬)ৰ মতে এই প্ৰসৱৰ ৯৯.৯% স্বাস্থ্য প্ৰতিষ্ঠানত হয়। ইয়াৰে প্ৰায় ৪ লাখ ২০ হাজাৰ প্ৰসৱ বা ৫৩% চৰকাৰী চিকিৎসালয়ত হয়। এই প্ৰসৱৰ ভিতৰত ৯০% প্ৰসৱ কম্প্ৰেহেন্সিভ ইমাৰ্জেন্সি অব্ষ্টেট্ৰিক এণ্ড নিওনেটেল কেয়াৰ (CEmONC) কেন্দ্ৰত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















