পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ এগৰাকী কলেজীয়া ছাত্ৰীয়ে নিজ বান্ধৱীৰ পিতৃক বিয়া কৰাবলৈ অস্বীকাৰ কৰাৰ বাবে শাৰীৰিক অত্যাচাৰ আৰু যৌন নিৰ্যাতনৰ বলি হৈছে। বান্ধৱীৰ পিতৃয়ে অন্য সহযোগীৰ সৈতে ছাত্ৰীগৰাকীৰ চুলি-ভ্ৰু কাটি ধমকি দিয়াৰ লগতে যৌন উৎপীড়ন চলোৱা ভিডিঅ’ ৰেকৰ্ডিং কৰি ১০ লাখ টকা নিদিলে সেই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰো ভাবুকি দিয়ে।
লাহোৰৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ফৈছালাবাদত যোৱা ৮ আগষ্টত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা। মঙলবাৰে এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ঘটনাটো পোহৰলৈ আহে৷ ভিডিঅ’টোত অভিযুক্তসকলে কলেজীয়া ছাত্ৰীগৰাকীক আক্ৰমণ কৰা, চুলি আৰু ভ্ৰু কটা আৰু এজন লোকজনৰ জোতা চেলেকিবলৈ বাধ্য কৰা দেখা গৈছে।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে, প্ৰধান অভিযুক্তজনৰ নাম হৈছে শ্বেইখ ডেনিছ৷ তেওঁৰ কন্যাৰ লগতে ঘটনা সন্দৰ্ভত আন ৫ জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হৈছে। পঞ্জাৱ আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ডেনিছ আৰু তেওঁৰ কন্যাকে ধৰি ৭ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু কৰায়ত্ত কৰিবলৈ বাকী থকা অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলাই আছে।
লগতে পঢ়ক অতি মৰ্মান্তিক! দুই কণমানি পুত্ৰ, পতী এৰি পৰপুৰুষলৈ পলাল পত্নী, ২ পুত্ৰক বিহপান কৰোৱাই আত্মহনন পিতৃৰ
আৰক্ষীয়ে প্ৰকাশ কৰা মতে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে বৃদ্ধা মাতৃৰ সৈতে বাস কৰিছিল৷ আনহাতে তেওঁৰ দুই ভাতৃ ক্ৰমে ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াত থাকে। ভুক্তভোগীগৰাকী এইবাৰ দন্ত চিকিৎসা বিজ্ঞানৰ পঞ্চম বৰ্ষৰ ছাত্ৰী৷ অপহৰণ, হাৰাশাস্তি, ধন দাবী আৰু যৌন নিৰ্যাতনৰ গোচৰত ১৫ জন অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে পাকিস্তান দণ্ডবিধিৰ প্ৰাসংগিক ধাৰা অনুসৰি গোচৰ ৰুজু কৰিছে।
এফ আই আৰত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে কয় যে ডেনিছৰ কন্যা আন্নাৰ সূত্ৰে অভিযুক্ত পৰিয়ালটোৰ সৈতে তেওঁলোকৰ ঘনিষ্ঠ সম্পৰ্ক আছে। তেওঁ লগতে কয় যে আন্নাৰ দেউতাক শ্বেইখ ডানিছে তেওঁক বিয়াৰ প্ৰস্তাৱ দিছিল, কিন্তু তেওঁ আৰু তেওঁৰ পৰিয়ালে সেই প্ৰস্তাৱ নাকচ কৰে৷
‘‘ডেনিছ মোৰ দেউতাৰ বয়সৰ আৰু মই যেতিয়া আন্নাক এই কথা কওঁ, তেতিয়া তেওঁ মোৰ ওপৰত খং কৰিছিল। আনকি মোৰ দুই ভাতৃকো এই বিয়াৰ প্ৰস্তাৱত সন্মতি দিবলৈ হেঁচা দিছিল।’’ ভুক্তভোগী ছাত্ৰীগৰাকীয়ে কয়৷
লগতে পঢ়ক এগৰাকী মহিলালৈ টুইটে মাতিলে বিপদ! আদালতে বিহিছে ৩৪ বছৰৰ কাৰাদণ্ড
ভুক্তভোগী ছাত্ৰীগৰাকীৰ মতে, যেতিয়া তেওঁৰ দুই ভাতৃয়ে এই প্ৰস্তাৱত সন্মতি নিদিলে তেতিয়া মূল অভিযুক্ত ডানিছে তেওঁৰ সহযোগীসকলৰ সৈতে তেওঁৰ ওপৰত নিৰ্যাতন চলাই বলপূৰ্বকভাৱে নিজৰ ঘৰলৈ লৈ যায়। অভিযুক্তসকলে ছাত্ৰীগৰাকীক জোৰ কৰি ডেনিছৰ জোতা চেলেকিবলৈ বাধ্য কৰাৰ লগতে চুলি-ভ্ৰু কাটি দিয়াৰ লগতে অত্যাচাৰ কৰাৰ ভিডিঅ’ও নিৰ্মাণ কৰিছিল।
এফ আই আৰত কোৱা হৈছে যে, তাৰ পাছতে প্ৰধান অভিযুক্ত ডেনিছে ভুক্তভোগী ছাত্ৰীগৰাকীক আন এটা কোঠালৈ লৈ যায় তেওঁ ছাত্ৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাই অন্য এটা ভিডিঅ’ নিৰ্মাণ কৰে। ইয়াৰ পাছতে অভিযুক্তসকলে ভুক্তভোগী ছাত্ৰীগৰাকীৰ মোবাইল ফোনটোৰ লগতে ৫ লাখ নগদ ধন ৪.৫০ লাখ টকাৰ সোণৰ অলংকাৰো কাঢ়ি লয় বুলিও ছাত্ৰীগৰাকীয়ে দাবী কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ