মমতা কুলকৰ্ণীৰ বাবে কিন্নৰ সমাজত হাহাকাৰ, নিষ্কাশিত মহামণ্ডলেশ্বৰ লক্ষ্মী নাৰায়ণ
চলচ্চিত্ৰ অভিনেত্ৰী মমতা কুলকাৰ্ণীক মহামণ্ডলেশ্বৰ বনোৱাৰ পিছত কিন্নৰ আখৰাত আৰম্ভ হৈছে কন্দল। আখৰাৰ সন্তসকলে উত্থাপন কৰা আপত্তিৰ পিছতে আখৰাৰ প্ৰতিষ্ঠাপক ঋষি অজয়দাসে কিন্নৰ আখৰাৰ আচাৰ্য মহামণ্ডলেশ্বৰ লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীক পদৰ পৰা অপসাৰণ কৰিছে।
এই সন্দৰ্ভত এখন পত্ৰও জাৰি কৰা হৈছে। এই সমস্ত ঘটনাৰ মূলতে বলীউড অভিনেত্ৰী মমতা কুলকাৰ্ণী। মমতাক মহামণ্ডলেশ্বৰৰ উপাধি দিয়াৰ বাবেই আচাৰ্য লক্ষ্মী নাৰায়ণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলি আছিল কিন্নৰ সমাজত। কিন্নৰ আখৰাৰ ভিতৰতে অভিনেত্ৰীগৰাকীক মহামণ্ডলেশ্বৰ বনোৱাৰ সন্দৰ্ভত প্ৰতিবাদ আৰম্ভ হৈছিল।
কিন্নৰ আখৰাৰ প্ৰতিষ্ঠাপক অজয় দাস আৰু আচাৰ্য মহামণ্ডলেশ্বৰ ডাঃ লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীৰ মাজত এই বিষয়ত তীব্ৰ বাক-বিতণ্ডাও আৰম্ভ হৈছে। লগতে অজয় দাসে ত্ৰিপাঠীৰ লগতে মমতাকো পদৰ পৰা অপসাৰণ কৰিছে।
আনহাতে লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীয়ে অভিযোগ তুলি কয় যে, বৰ্তমানে কোনো ক্ষমতাত নাই অজয় দাস। কি ক্ষমতাত অজয়দাসে এই ব্যৱস্থা ল’ব। ইতিমধ্যে তেওঁক ৰঙ্গমঞ্চৰ পৰা বহিষ্কাৰ কৰা হৈছে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এখন পত্ৰত অজয় দাসে কয় যে ২০১৫-১৬ চনত লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীক উজ্জয়নৰ মহাকুম্ভত আচাৰ্য মহামণ্ডলেশ্বৰৰ পদত নিযুক্তি দিয়া হৈছিল। যি উদ্দেশ্যৰ বাবে তেওঁক উপাধি দিয়া হৈছিল, তাৰ পৰা তেওঁ বিচ্যুত হৈছে। সেইবাবেই তেওঁক পদৰ পৰা অপসাৰণ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ