অসম লাইভ২৪ঃ ফুটবলপ্ৰেমীৰ দুচকু এতিয়া কেৱল মাত্ৰ ফিফা বিশ্বকাপত। চেমিফাইনেলত জয়লাভ কৰি ফ্ৰান্সে ফাইনেলত প্ৰৱেশ কৰিছে। আৰ্জেণ্টিনাৰ সৈতে ফাইনেলত মুখামুখি হ’ব ফ্ৰান্স। ১৮ তাৰিখে হ’ব লগা ফাইনেল খেলখন চাবলৈ উদগ্ৰীৱ হৈ আছে বিশ্ব ফুটবলপ্ৰেমী জনতা। কিন্তু এই খেলৰ সৈতে স্বাস্থ্যজনিত দিশটোও বিশেষবাৱে জড়িত হৈ আছে। ৬০ৰ উৰ্ধৰ একোজন ব্যক্তিয়ে খেল চোৱাটো স্বাস্থ্যসন্মতনে? যিসকল লোকৰ হৃদৰোগৰ সমস্যা আছে, তেওঁলোকে এই উত্তেজনাপূৰ্ণ ফুটবল মেচ উপভোগ কৰিলে শৰীৰত কেনেদৰে প্ৰভাৱ পৰিব পাৰে?
২০০৬ চনত হোৱা বিশ্বকাপত চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছিল ভয়ংকৰ তথ্য। সমীক্ষাত প্ৰকাশ হোৱা অনুযায়ী বিশ্বকাপ চলি থকাৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হোৱা লোকৰ সংখ্যা ৯ শতাংশলৈ বাঢ়ি গৈছিল। এই সমীক্ষা অনুযায়ী যিসকলে বিশ্বকাপৰ খেল চাই থকাৰ সময়ত হৃদযন্ত্ৰত সমস্যা অনুভৱ কৰে সেইসকলৰ বেছিসংখ্যকেই ৬০ ৰ উৰ্ধৰ ব্যক্তি।
২০০৬ৰ বিশ্বকাপৰ সময়ত জাৰ্মানীত চলা সমীক্ষামতে, বিশ্বকাপ চলি থকাৰ সময়ত হাস্পতালত ভৰ্তি হোৱা আধাসংখ্যক ৰোগীয়েই হৃদৰোগত আক্ৰান্ত হৈছিল। হৃদযন্ত্ৰৰ সমস্যা থকা ব্যক্তিয়ে খেল চোৱাৰ সময়ত সতৰ্ক হোৱাটো খুবেই গুৰুত্বপূৰ্ণ। নিশা সাৰে থাকি খেল উপভোগ কৰিলে শৰীৰত প্রভাৱ পৰিব পাৰে। এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে কমেও ৮ঘণ্টা সময় টোপনি যোৱাটো খুবেই প্ৰয়োজনীয়।
খেল উপভোগ কৰাৰ সময়ত এইকেইটা দিশত নজৰ দিয়ক
খেল চাই থকাৰ সময়ত কোনোধৰণৰ চানাজাতীয় খাদ্য সেৱন কৰিব নালাগে।
এটা ঠাইত বহি বহুসময় খেল উপভোগ নকৰিব। মাজে মাজে এপাক উঠি খোজ দিব।
খেল চোৱাৰ সময়ত মদ্যপান নকৰিব।
প্ৰিয় দল হাৰি গ’লে খং নকৰিব। এটা কথা মনত ৰখাৰ প্ৰয়োজন যে খেলত হৰা-জিকা থাকেই, ইয়াৰ বাবে শৰীৰত প্ৰভাৱ পেলোৱা কাম কৰা উচিত নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ