অসম লাইভ ২৪ঃ কোভিড জয় কৰি স্ব-গৃহলৈ উভতিল চিত্ৰশিল্পী নীলপৱন বৰুৱা। বিগত ৫ জুনৰ পৰা কোভিড আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট চিত্ৰশিল্পীগৰাকী। চিকিৎসালয়ৰ মজিয়াতেই ৰং-তুলিকাৰে সৃষ্টিত মনোনিৱেশ কৰিছিল খেয়ালী মনৰ শিল্পীগৰাকীয়ে। অংকন কৰিছিল কোভিড সম্বন্ধীয় চিত্ৰ। ৭ দিনৰ চিকিৎসাৰ অন্তত কোভিডমুক্ত হৈ ঘৰলৈ উভতিল নীলপৱন বৰুৱা। কেইবাগৰাকী বিশিষ্ট চিকিৎসকৰ তত্বাৱধানত আছিল চিত্ৰশিল্পীগৰাকী। শুকুৰবাৰে চিকিৎসকে নীলপৱন বৰুৱাক নিজ গৃহলৈ যোৱাৰ অনুমতি প্ৰদান কৰে যদিও অনাগত দুমাহ ধৰি চিকিৎসকৰ তত্বাৱধানতেই থাকিব লাগিব শিল্পীগৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ