অসম লাইভ ২৪ঃ আজিৰে পৰা ১৮-৪৪ বয়সৰ লোকেও অফলাইন slot বুকিং কৰিব পাৰিব। ইয়াৰ পূৰ্বে ৪৫ বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবে অফলাইন সুবিধা আছিল যদিও ১৮-৪৪ বছৰৰ লোকসকলে অনলাইন slot বুকিং কৰিব লগা হৈছিল। যাৰ বাবে বিভিন্ন সময়ত সৃষ্টি হৈছিল অনেক অসুবিধাৰ। এই সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে হাতত ল’লে এই গুৰুত্বপূৰ্ণ পদক্ষেপ। মন্ত্ৰ্যালয়ে কয় যে ১৮-৪৪ বছৰ বয়সত যিসকল ব্যক্তিয়ে অনলাইন ৰেজিষ্ট্ৰেচন কৰিলে তেওঁলোকেও এই সুবিধা লাভ কৰিব। এই সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ সূচনা প্ৰেৰণ কৰিছে স্বাস্থ্য মন্ত্ৰ্যালয়ে। অৱশ্যে ৰাজ্যসমূহত কেতিয়াৰ পৰা এই সুবিধা আৰম্ভ হ’ব তাৰ নিৰ্ণয় কৰিব ৰাজ্য চৰকাৰে। আনহাতে এই সুবিধা প্ৰথম পৰ্যায়ত কেৱল চৰকাৰী ভেকচিনেচন কেন্দ্ৰতহে লাভ কৰিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ