অসম লাইভ ২৪ঃ কোভিড ভেকচিন লোৱা বিশ্বৰ প্ৰথমজন ব্যক্তি উলিয়াম শ্বেক্সপীয়েৰে মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে। ৮১ বছৰীয়া শ্বেক্সপীয়েৰৰ ৯১ বছৰীয়া প্ৰেয়সীয়েও বিগত বর্ষৰ ডিচেম্বৰ মাহত গ্ৰহণ কৰিছিল কোভিড ভেকচিন। ভেকচিন লোৱাৰ পাছতে সমগ্ৰ বিশ্বত ভেকচিন ল’বলৈ আহ্বান জনাইছিল শ্বেক্সপীয়েৰে। উল্লেখযোগ্য যে শ্বেক্সপীয়েৰৰ মৃত্যুৰ কাৰণ কোভিড নহয়। বার্ধক্যজনিত ৰোগতহে মৃত্যু হ’ল বিশ্বৰ প্ৰথমজন কোভিড ভেকচিন লোৱা ব্যক্তি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ