অসম লাইভ ২৪ঃ পঞ্জাৱ চৰকাৰে কোভিড ভেকচিনৰ চাৰ্টিফিকেটৰ পৰা আঁতৰালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো। ইয়াৰ পূৰ্বে ছত্তিশগড় আৰু ঝাৰখণ্ডৰ চৰকাৰে চাৰ্টিফিকেটৰ পৰা মোদীৰ ফটো আঁতৰাইছিল। মোদীৰ ফটো আঁতৰোৱা পঞ্জাৱ হৈছে দেশৰ তৃতীয়খন ৰাজ্য। পঞ্জাৱ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়ে যে কোভিড ভেকচিনৰ প্ৰমাণপত্ৰত মোদীৰ ফটো লগোৱাক লৈ বহু লোকে আপত্তি কৰিছিল। ইয়াৰ মাজত আছিল কেইবাগৰাকীও প্ৰভাৱশালী নেতা। আনহাতে ভেকচিনৰ নাটনি সন্দৰ্ভত চৰকাৰৰ পৰা কোনো সহযোগ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পঞ্জাৱ চৰকাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ