অসম লাইভ ২৪ঃ কোভিড প্ৰতিষেধক গ্ৰহণ কৰিলে কেৱল গ্ৰহণকাৰীয়েই নহয়, বৰঞ্চ ব্যক্তিগৰাকীৰ পৰিয়ালৰ ক্ষেত্ৰতো সংক্ৰমণৰ আশংকা ৫০ শতাংশ হ্ৰাস পায়। ব্ৰিটেইনৰ এক গৱেষণাত প্ৰকাশ পাইছে এই তথ্য। ফাইজাৰ আৰু অষ্ট্ৰাজেনেকাৰ দ্বাৰা তৈয়াৰী প্ৰতিষেধকৰ প্ৰভাৱ সম্পৰ্কে পৰীক্ষা কৰি এই তথ্য প্ৰকাশ কৰিছে ইংলেণ্ডৰ গৱেষনাকাৰী সংস্থা ‘দ্য পাব্লিক হেল্থ ইংলেণ্ডে’। প্ৰায় ২৪ হাজাৰ পৰিয়ালৰ ৫৭ হাজাৰ ৰোগীৰ ওপৰত চলাইছিল সমীক্ষা। তাৰে কিছুলোকে প্ৰতিষেধক গ্ৰহণ কৰিছিল আৰু কিছু লোকে প্ৰতিষেধক লোৱা নাছিল। সংস্থাটিৰ সমীক্ষাত দেখা পোৱা গৈছিল যে ভেকচিন লোৱাৰ পাছতো কোনো লোক আক্ৰান্ত হৈছিল যদিও সেই পৰিয়ালসমূহত আক্ৰান্তৰ সংখ্যা কম আছিল। ফাইজাৰৰ ভেকচিন ভাৰতত বৰ্তমান উপলব্ধ নহয় যদিও অষ্ট্ৰাজেনেকাৰ আৰু চিৰাম ইনষ্টিটিউটে যুটীয়াভাৱে তৈয়াৰ কৰিছে কোভিড ভেকচিন কোভিশ্বিল্ড। সম্প্ৰতি ভাৰতত কোভিশ্বীল্ড প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে। ১ মে’ৰ পৰা সমগ্ৰ দেশজুৰি ১৮ ঊৰ্ধ্বৰ সকলো ব্যক্তিক প্ৰতিষেধক প্ৰদান কৰা হ’ব। ইতিমধ্যেই চলি আছে নাম পঞ্জীয়ন প্ৰক্ৰিয়া। এনে পৰিপ্ৰেক্ষিতত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতেই পাৰিবাৰিক সংক্ৰমণ যদি ৫০ শতাংশ কমি যায়, তেতিয়া ভাৰতৰ কোভিড পৰিস্থিতি যথেষ্ট উন্নত হ’ব বুলি আশা প্ৰকাশ কৰিছে ব্ৰিটেইনৰ এই সংস্থাটোৱে। উল্লেখ্য, প্ৰতিষেধক সন্দৰ্ভত পূৰ্বৰ এক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি, ভেকচিন গ্ৰহণ কৰা ব্যক্তিৰ ক্ষেত্ৰত আক্ৰান্তৰ আশংকা ৬৫ শতাংশ হ্ৰাস পায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ