কাবুলত মহা ধুমধামেৰে আয়োজন কৰা হৈছে আফগান তাৰকা ৰছিদ খানৰ বিয়াৰ৷ অৱশ্যে তেওঁ অকলেই বিয়াত বহিছে তেনে নহয়৷ ৰছিদৰ সৈতে একে নিশাই তেওঁৰ তিনি ভায়েকো বিবাহবন্ধনত আৱদ্ধ হৈছে৷ ৰছিদ এতিয়া ছচিয়েল মিডিয়াৰ ট্ৰেণ্ডিঙত৷ তেওঁৰ ৰাজকীয় বিয়াক লৈ চলিছে চৰ্চা৷
জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিছে ঠিকেই কিন্তু নিজৰ কথা তেওঁ ৰাখিব নোৱাৰিলে৷ ৪বছৰ পূৰ্বে ৰছিদে জনাইছিল যে বিশ্বকাপ জয় নকৰাকৈ তেওঁ বিবাহপাশত আৱদ্ধ নহয়৷ কিন্তু নিজৰ কথা তেওঁ ৰাখিব নোৱাৰিলে৷ এই বছৰ আফগানিস্তানে টি-২০ ছেমিফাইনেলত প্ৰৱেশ কৰিছিল৷ কিন্তু ফাইনেলত উঠা আৰু ট্ৰফি জয়ৰ সপোন পূৰণ নহ’ল৷
আফগানিস্তানৰ ৰাজধানী কাবুলৰ এক লাক্সাৰি হোটেলত ৰছিদৰ বিয়াত বহিছে৷ আফগান ক্ৰিকেট দলৰ একাধিক তাৰকাই এই বিবাহ অনুষ্ঠানত যোগ দিয়াৰ ছবিও ইতিমধ্যে ভাইৰেল হৈছে৷ আফগান তাৰকা ক্ৰিকেটাৰ মহম্মদ নবিয়ে নিজৰ এক্স হেণ্ডেলত বিশেষ চাৰিখন ছবি শ্বেয়াৰ কৰিছে৷ সেই ছবিতেই ৰছিদ আৰু তেওঁৰ তিনি ভায়েকৰ সৈতে বহি আছে মহম্মদ নবি৷ ৰছিদ আৰু তেওঁৰ তিনি ভায়েকে পৰিধান কৰিছে একেই ডিজাইনৰ পোছাক৷ ৰছিদ খানৰ বিয়াক লৈ একাধিক তাৰকাই এক্স হেণ্ডেলত শুভেচ্ছা বাৰ্তা প্ৰেৰণো কৰিছে৷ আফগান দলৰ অন্যতম তাৰকা ক্ৰিকেটাৰ ৰছিদ খান৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ