মৰ্মান্তিক দুৰ্ঘটনাত এম্বুলেন্সতেই মৃত্যু হ’ল ৰোগীৰ৷ ঘটনাটো ঘটিছে কেৰালাৰ কোট্টায়ামত৷ জনা গৈছে মৃতকৰ নাম পি কে ৰাজু, বয়স ৬৫বছৰ৷ ঘটনাক সময়ত তেওঁক এম্বুলেন্সত লৈ স্থানীয় চৰকাৰী হাস্পতাললৈ লৈ যোৱা হৈছিল৷ যোৱাৰ পথতেই পোনকুন্নামত দুৰ্ঘটনাৰ কবলত পৰে এম্বুলেন্সখন৷
ৰাস্তাৰ কাষত থকা এটা বিল্ডিঙত গৈ খুন্দা মাৰে এম্বুলেন্সখনে৷ লগে লগেই নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে৷ গুৰুতৰভাৱে আহত অৱস্থাত ৰোগীক অন্য এখন এম্বুলেন্সেৰে মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়৷ দুৰ্ঘটনাগ্ৰস্থ এম্বুলেন্সখনত আছিল ৰোগী ৰাজুৰ ওপৰিও তেওঁৰ পত্নী আৰু এগৰাকী নাৰ্ছ৷ দুৰ্ঘটনাত প্ৰত্যেকেই আহত হৈছে৷ ইতিমধ্যেই মৃত ৰাজুৰ দেহ মৰোণোত্তৰৰ পাছত পত্নীক চমজাই দিয়া হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ