অসম লাইভ ২৪ঃ আজি বিশ্ব চাইকেল দিৱস। প্ৰতিবছৰে জুনৰ ৩ তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা হয় চাইকেল দিৱস। ২০১৮ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই চাইকেল দিৱস উদযাপন কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল। ৰাষ্ট্ৰসংঘৰ এই প্ৰস্তাৱক সমৰ্থন কৰে বিশ্বৰ ৫৬ খন দেশে আৰু ইয়াৰ পিছৰে পৰা সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়।
চাইকেলক লৈ হয়তো আপোনাৰো আছে অনেক স্মৃতি। প্ৰথম চাইকেল শিকা, চাইকেলৰ পৰা পৰা, আনৰ চাইকেল মনে মনে চলোৱা আৰু ক’ত কি? প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ ফলত চাইকেল আৰোহীৰ সংখ্যা কমিছিল যদিও আজি কিছু বছৰৰ পৰা ৰাইজে পুনৰ আদৰি লৈছে চাইকেলক। সুস্বাস্থ্যৰ বাবে চাইকেল চলোৱা অতিকৈ জৰুৰী। চাইকেল চলালে নিৰাময় হয় কেইবাটাও ৰোগ। ইয়াৰ উপৰিও চাইকেল কম খৰচী আৰু অন্যান্য যান-বাহনৰ দৰে চাইকেল চলালে নহয় কোনো প্ৰদূষণ। চাইকেল ব্যৱহাৰৰ সুফলৰ বিষয়ে সজাগতা সৃষ্টি কৰিবৰ বাবে এই দিৱস উদযাপন কৰে সমগ্ৰ বিশ্বই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ