শোকাৱহ, ঢাকাৰ বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা ৩২ লৈ বৃদ্ধি, অধিকাংশই শিশু
গুজৰাটৰ দৰেই ঢাকাৰ শোকাৱহ বিমান দুৰ্ঘটনাই শোকবিহ্বল কৰি ৰাখিছে বাংলাদেশ। বৰ্তমানে নিহতৰ সংখ্যাও বৃদ্ধি পাইছে। ৩২ গৰাকীলৈ বৃদ্ধি পাইছে নিহতৰ সংখ্যা। নিহতৰ অধিকাংশই শিশু।
জুনত গুজৰাটৰ মেডিকেল কলেডৰ ওপৰত পৰিছিল বিমান। ঢাকাৰ বিদ্যালয়-মহাবিদ্যালয় চৌহদত পৰিল প্ৰশিক্ষণ বিমান। যি দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে বিদ্যালয় খনৰ বহু শিশুৰ।
সমগ্ৰ বাংলাদেশতেই এতিয়া গভীৰ শোকৰ ছাঁ। কিন্তু বহু লোকৰেই খং, এতিয়ালৈকে সঠিক তথ্য সদৰি কৰা নাই প্ৰশাসনৰ ফালৰ পৰা। কিমান লোকে প্ৰাণ হেৰুৱালে সেই সন্দৰ্ভতো নাই সঠিক তথ্য। লগতে সকলো লোকৰেই দাবী অতি শীঘ্ৰেই সঠিক তথ্য সদৰি কৰাৰ লগতে মৃতকৰ পৰিয়ালত ক্ষতিপূৰণ দিয়া হওক।
উল্লেখ্য যে, ২১ জুলাই সোমবাৰে বাংলদেশ বায়ু সেনাৰ এফ-৭ প্ৰশিক্ষণ বিমান এখন ঢাকাৰ উত্তৰ অংশত অৱস্থিত দেশখনৰ আগশাৰীৰ শিক্ষানুস্থান মাইলষ্টোন স্কুল এণ্ড কলেজ চৌহদত পৰি গৈছিল। যাৰ পাছতে বিমানখনৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। যি ঘটনাতেই শিক্ষনুষ্ঠানখনৰ বহু ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল।
এই ঘটনাৰ পাছতে এতিয়া শিক্ষনুষ্ঠানখনৰ ফালৰ পৰা এক বিশেষ কমিটি গঠনম কৰা হৈছে, যাতে কমিটিয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলৰ সঠিত তথ্যৰ সন্ধান উলিয়াব পাৰে।
আনহাতে হাস্পতাল কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি চিকিৎসাধীন অৱস্থাতে প্ৰাণ হেৰুৱাইছে অধিকাংশই। কালি নিশা এটি ৯ বছৰীয়াই ছাত্ৰই প্ৰাণ হেৰুওৱাৰ ফলত এই দুৰ্ঘটনাত নিহতৰ সংখ্যা ৩২ লৈ বৃদ্ধি পাইছে। এতিয়াও হাস্পতালত ৬৯ গৰাকী লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। সেই সকলৰ অধিকাংশৰে ৮০-৯০ শতাংশ অগ্নিদ্বগ্ধ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















