অসম লাইভ২৪ঃ বিগত প্ৰায় এমাহ ধৰি হাস্পতালৰ বিচনাত আছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা৷ হায়দৰাবাদৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে বাঁহীবাদক দীপক শৰ্মা৷ হাস্পতালৰ বিচনাৰ পৰাই দীপক শৰ্মাই শেহতীয়াভাৱে লিখি ওলিয়াইছে বিশেষ কবিতা৷
‘দিগন্তৰ সিপাৰৰ আকাশখন(মৃত্যুৰ ডায়েৰী)
দীপক শৰ্মা (বাঁহীবাদক )
২/২/২০২৩, হায়দৰাবাদ
( ১ )
সুগন্ধি পখিলাবোৰৰ পম খেদি
সুৰবোৰ বিছাৰি ফুৰিছিলো বহু বছৰ
দিন-ৰাতি একাকাৰ কৰি
পল-অনুপলবোৰ ক্ৰমে জঠৰ
হৈ আহিছিল নিদ্ৰাহীন ৰাতিৰ দ্ৰাঘিমাত।
জীৱনৰ চৌৱান্ন বছৰৰ বসন্তত
এদিন কঠিন নৰিয়াত পৰি গলো
হস্পিতালৰ সকলো নতুন নতুন
অভিজ্ঞতাই বেজী এটা লবলৈ ভয় কৰা
মানুহজনক কৰি তুলিলে মহা যুদ্ধৰ সেনাপতি।
বুকুৰ বতাহ টানি টানি সুৰবোৰ
বজাবলৈ আৰম্ভ কৰিছিলোঁ অগণন
জনতাৰ মাজত
কেতিয়াবা সুৰবোৰে আঘাত কৰিছিল
কোনোবা নিজান অৰণ্যৰ শিশিৰ গছবোৰৰ
শুকান পাতবোৰত আৰু হিচাপহীন লাস্যময়ী
গাভৰুৰ কলিজাবোৰত।
( ২ )
মই জীয়াই থাকিবলৈ এতিয়া
বহু টকাৰ প্ৰয়োজন, সন্মুখত
ডাক্তৰ, অস্ত্ৰপ্ৰচাৰ ।
মোৰ উৰুখা পঁজাৰ জোলোঙাখনত
মাত্ৰ কেইটমান টকা যত সযতনে সাঁচি
ৰাখিছিলো বুকুৰ বতাহৰ সুৰবোৰ ।
সুৰবোৰ হঠাৎ এনেদৰে শেষ হৈ যাব নেকি?
এয়াই এখন সুন্দৰতম উপন্যাস এখনৰ শেষ পৃষ্ঠা ?
এনেদৰে এদিন সুৰবোৰ স্তব্ধ হৈ যাব
বুকুৰ বতাহবোৰ কমি কমি মই
দিগন্তৰ সিপাৰৰ নেদেখা এখন অন্য
আকাশলৈ গুছি যাম।
মোৰ ঘৰলৈ মোৰ নিথৰ দেহ চাবলৈ
বহু মানুহৰ সমাগম হব
ৰাস্তাৰ দুইপাৰে মানুহ থিয় হবলৈ ঠাই নাপাব
মানুহৰ ভিৰৰ মাজত চাইৰেন বজাই
দুই এজন মন্ত্ৰী বিধায়কো আহিব পাৰে।
ঘৰ খনত কান্দোনৰ প্ৰতিদ্ধনি উঠিব
মোৰ পত্নীক তেওঁৰ চুলি মেলা কলা চুলিত
বনফুল তেল দি ৰেখা মামী আৰু চম্পাই আলফুলে
সাৱতি সান্তনা দিব।
মোৰ কুমলীয়া দিচাং নামৰ
গোলাপৰ কলিটোৱে তধা লাগি মোক চাই থাকিব।
মোক শ্মশানলৈ নিয়া হব
বহু মানুহৰ মাজত মোৰ নিঠৰ দেহ
পুৰি ছাই কৰি দিব। তাৰ পিছত লাহে লাহে সকলো কথা স্বাভাৱিক হৈ উঠিব।
( ৩ )
মই সাতদিন ধৰি মোৰ আত্মাই
ঘৰৰ এঠাইত যতে ততে ঘূৰি ফুৰিব।
মোৰ বিশ্বাস সাত দহ দিনৰ
ভিতৰত মই কোনোবা অসমৰ নাৰীৰ
ভ্ৰুনৰ অগ্নিকুণ্ডত স্তিতি লম
আৰু পুনৰ জনম লম ।
মোৰ পাঁচ বছৰ হোৱালৈকে
বন্ধু, দিচাং, খুড়া- খুড়ী-পত্নী, সহদোৰবোৰৰ
পাঁচ বছৰ বাঢ়ি যাব
তেওঁলোকক চিনি পাম নে মই নাজানো
কিন্তু মই নিশ্চিত যে জীৱনৰ যাত্ৰা
পথত সকলোবোৰক লগ পায় থাকিম
আৰু এটা নতুন জীৱনৰ আৰম্ভণি কৰিম।
পত্নী জীনাই দিচাংৰ ভৱিষ্যতৰ কথা
চিন্তা কৰি আৰু আৰু এটা নতুন জীৱন
আৰম্ভ কৰিব নে নাই সেই কথা মোৰ অজ্ঞাত।
মৃত্যুৰ ডায়েৰীৰ কথা ভাবিলে
অকল দুখকৰে নহয়,
ই এক সুখৰ অমল অনুভূতিও।
মোক জীয়াই তুলিবলৈ আপ্ৰাণ চেষ্টা কৰা আৰু বুকুৰ সুৰবোৰ পুনৰ উৎযাপিত কৰিবলৈ দিনে-ৰাতি লাগি থকা মোৰ বন্ধু-বান্ধৱী, সহোদৰ আৰু মৰমৰ অসমবাসীৰ হাতত মই এই কবিতাটো উৎসৰ্গিত কৰিলোঁ।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ