অসম লাইভ ২৪ঃ গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা জৰুৰী কাৰ্যনিৰ্বাহক বৈঠকত আছু ত্যাগ কৰাৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে আছুৰ সভাপতি দিপাংক নাথে। ২ বাৰকৈ আছুৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা দিপাংক নাথে কিয় হঠাতেই সভাপতি পদৰ পৰা অব্যাহতি লয় সেই বিষয়টোৱে ৰাজ্যজুৰি লাভ কৰিছে চৰ্চা।
দীপাংক নাথৰ এই সিদ্ধান্ত সন্দৰ্ভত আছুৰ এক সূত্ৰই জানিবলৈ দিয়া মতে আৰু কিছুদিনৰ পিছতে বিবাহপাশত আবদ্ধ হ’ব ছাত্ৰ নেতাগৰাকী। ১৫ ডিচেম্বৰত বিবাহপাশত আবদ্ধ হ’ব দীপাংক নাথ। দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কত থকা দীপাংক নাথৰ কইনা ৰূপা হাজৰিকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা। ফেল’শ্বিপ লৈ লণ্ডনলৈ যাবলগীয়া হোৱাৰ বাবে হঠাতেই এই সিদ্ধান্ত লোৱা বুলি আছুৰ এক সূত্ৰই প্ৰকাশ কৰিছ।
আছুৰ সংবিধানিক নিয়ম অনুসৰি বিবাহপাশত আৱদ্ধ হোৱা কোনো ছাত্ৰ নেতাই সংগঠনত থাকিব নোৱাৰে। সেয়েহে আছু ত্যাগ কৰি যুগ্ম জীৱনৰ পাতনি মেলিব বিচাৰিছে দীপাংক নাথে। আনহাতে অন্য এক সূত্ৰই প্ৰকাশ কৰা মতে আছু ত্যাগ কৰাৰ পিছত ৰাজনীতিত যোগদান কৰিব দীপাংক নাথে। অসম গণ পৰিষদ আৰু বিজেপি দুয়োটা দলৰ কথাই চৰ্চালৈ আহিছে।
উল্লেখ্য যে দীপাংক নাথৰ অনুপস্থিতিত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব সংগঠনটোৰ উপ-সভাপতি উৎপল শৰ্মাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ