অসম লাইভ২৪ঃ দেওবাৰে দেৰগাৱঁত অনিমেষৰ বাসগৃহত উপস্থিত হৈছে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা৷ অনিমেষৰ বাসগৃহত উপস্থিত হৈ দীপলিনাৰ দুচকুৰে বাগৰিল ধাৰাসাৰে চকুলো৷ অনিমেষৰ মাতৃক সাবটি ধৰি দীপলিনাই কান্দি উঠাৰ দৃশ্যই আকৌ এবাৰ অনিমেষৰ মৃত্যুৰ কথাবোৰ পুনৰাই ভাৱিবলৈ বাধ্য কৰাইছে৷
দীপলিনাই অনিমেষৰ বাসগৃহৰ পৰা সংবাদ মাধ্যমৰ আগত দাঙি ধৰা মন্তব্যত কয়, ‘আমি কিমান কষ্ট পাইছো ন, আমিতো সাধাৰণ জনতা৷ আপোনালোকৰ কষ্ট বুজি পাইছো৷ তেওঁলোকে ন্যায় পাব লাগে৷ যি সমূহ প্ৰতিশ্ৰুতি চৰকাৰ, দল-সংগঠনে দিছিল সেই প্ৰতিশ্ৰুতি অচিৰেই পূৰণ কৰিব লাগে৷ ঘৰখন চলি থকাৰ স্বাৰ্থতেই ভায়েকক কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে৷’
উল্লেখ্য যে বিগত বছৰৰ ২৯ নৱেম্বৰত যোৰহাটৰ ৰাজপথত গণ উন্মাদনাৰ বলি হৈ মৃত্যুক আঁকোৱালী লৈছিল অনিমেষে৷ অনিমেষবিহীন এটা বছৰে প্ৰতিদিনেই পিতৃ-মাতৃ তথা পৰিয়ালটোৱে সোঁৱৰিছে অনিমেষক৷ কাহানিও উভতি আহিব নোৱাৰাৰ বাটেৰে গুচি যোৱা অনিমেষৰ বহু কাম আধৰুৱা হৈয়েই ৰ’ল৷ পিতৃ-মাতৃক এটা ভাল জীৱন দিয়াৰ সপোন দেখা অনিমেষ গুচি যোৱাৰ পাছত আধৰুৱাই হৈ ৰৈছে অনিমেষে আৰম্ভ কৰা বহু কাম৷ অসম চৰকাৰেও সেই সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ আজিও সম্পূৰ্ণ কৰা নাই চৰকাৰখনে৷ ইপিনে দুদিনৰ বাবে আৱেগিক হোৱা দল-সংগঠনৰ নেতাইয়ো পাহৰি পেলাইছে অনিমেষক৷
শেহতীয়াকৈ কণ্ঠশিল্পী দীপলিনাই সেই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় দিয়াত বহুতেই দীপলিনাক সামাজিক মাধ্যমত প্ৰশংসা কৰা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ