দুৰ্গা পৌৰাণিক দেৱতা৷ তেওঁ আদ্যশক্তি, মহামায়া, শিৱানী, ভৱানী, দশভুজা, সিংহবাহনা ইত্যাদি নামেৰে অভিহিত৷ দুৰ্গ বা দুৰ্গম নামৰ দৈত্যক বধ কৰাৰ বাবেই তেওঁৰ নাম হয় দুৰ্গা৷ জীৱৰ দুৰ্গতি নাশ কৰা বাবেও তেওঁক দুৰ্গা বুলি কোৱা হয়৷
ব্ৰহ্মাপ বৰত পুৰুষৰ অবাধ্য মহিষাসুৰ নামৰ এক দানৱে স্বৰ্গৰাজ্য দখল কৰি দেৱতাগণক গৃহহীন কৰি তুলিছিল৷
ৰাজ্য হেৰুওৱা দেৱতাগণ কাষ চাপিছিল বিষ্ণুৰ৷ বিষ্ণুৰ নিৰ্দেশতেই সকলো দেৱতাৰ তেজঃপুঞ্জৰ পৰা যি দেৱীৰ জন্ম হৈছিল তেঁৱেই দেৱী দুৰ্গা৷ দেৱতাৰ শক্তিত শক্তিময়ী আৰু বিভিন্ন অস্ত্ৰৰে সজ্জিতা হৈ দেৱীয়ে যুদ্ধত মহিষাসুৰক বধ কৰে৷ সেয়ে দেৱীৰ আন এক নাম মহিষমৰ্দিনী৷ আজি মহালয়া৷
মহালয়াৰ এই ক্ষণতেই বিভিন্নজনে বিভিন্নধৰণে শুভেচ্ছা জনোৱাৰ সময়তে কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলীনা ডেকাই শুভেচ্ছা জনোৱাৰ দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত৷ কেইখনমান বিশেষ ফটোৰে মহালয়াৰ শুভেচ্ছা জনাইছে দীপলিনা ডেকাই৷
ফটো শ্বেয়াৰ কৰি কেপশ্ব্যনত দীপলিনাই লিখিছে, ‘এই মহালয়াত দেৱী দুর্গাৰ আগমনে পূৰ্ণ কৰক সকলোৰে জীৱন, আনন্দ সুখ আৰু শান্তিৰে’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ