অসম লাইভ২৪ঃ সামৰণি পৰিল দিল্লীত হৈ থকা G-20 শীৰ্ষ সন্মিলন। দেওবাৰে এই সন্মিলনৰ সমাপ্তি ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰপাছতেই G-20ৰ সভাপতিত্বৰ দায়িত্ব আনুষ্ঠানিকভাৱে ব্ৰাজিলৰ প্ৰেছিডেণ্টৰ হাতত তুলি দিয়ে প্রধানমন্ত্ৰী মোদীয়ে। ২০২৮ৰ G-20 বৈঠক ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেৰিওত অনুষ্ঠিত হ’ব। G-20 সন্মিলনৰ ১৯ সন্মিলন অনুষ্ঠিত হ’ব ব্ৰাজিলত।
দেওবাৰে ব্ৰাজিলৰ হাতত G-20ৰ সভাপতিত্বৰ দায়িত্ব তুলি দিলেও ২৪লৈকে সভাপতি দেশৰ তালিকাত ভাৰতেই থাকিব। ১৮ সংখ্যক বৈঠকৰ সমাপ্তি হ’লেও নৱেম্বৰত এখন শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব। নৰেন্দ্ৰ মোদীয়ে এই বৈঠকৰ প্ৰস্তাৱ আনিছিল। আৰু এই বিশেষ প্ৰস্তাৱ মানি লৈছে আটাইকেইখন দেশেই। কিন্তু এই বৈঠকৰ বাবে ভাৰতলৈ পুনৰ আহিব নালাগে। ভাৰ্ছুৱেলীয়েই এই বৈঠক অনুষ্ঠিত হ’ব। নতুন সভাপতিৰ দায়িত্ব লৈছে ব্ৰাজিলৰ প্রেছিডেণ্ট লুলা ডা ছিলভাই।
নৰেন্দ্ৰ মোদীয়ে কয়, ‘আফ্ৰিকান ইউনিয়নে G-20 সদস্য হোৱাটো খুবেই গুৰুত্বপূৰ্ণ এক বিষয়। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়, ‘জাতিসংঘৰ দৰে সংগঠনসমূহক সময়ৰ বাস্তৱতা মানি কিছু সালসলনি কৰাব পৰা যায়। এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যতৰ কথাও ভাষণত উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ইফালে এই সন্মিলনক লৈ ৰাছিয়াও সুখী। G-20 সন্মিলনত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী লাভাৰভে কয়, ‘আমি সুখী। আমি সুখী হোৱাৰ কাৰণ হৈছে এই সন্মিলন ইউক্ৰেইনকেন্দ্ৰীক নহয়। এই সন্মিলন এক নিৰপেক্ষ সন্মিলন। ভাৰতে সভাপতিৰ ভূমিকা খুব সুন্দৰভাৱে পালন কৰিছে। এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যতৰ মন্ত্ৰই ৰাছিয়াকো আগুৱাই যোৱাত সহায় কৰিব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















