অসম লাইভ২৪ঃ ভাৰতত এতিয়া ঋষি ছুনাকৰ চৰ্চা। ব্ৰিটেইনত ভাৰতীয়মূলৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী ঋষি ছুনাক৷ ব্ৰিটেইনৰ ইতিহাসত সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰীও ঋষি ছুনাক৷ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ শাসনৰ দায়িত্বত থকা ঋষিৰ ব্যক্তিগত জীৱনৰ বিষয়সমূহো চৰ্চালৈ আহিছে৷ ভাৰতলৈ আহিয়েই সনাতন ধৰ্মক প্ৰশংসা কৰাক লৈ শিৰোনাম দখল কৰিছে ঋষি ছুনাকে। ঋষি ছুনাকৰ পত্নী অক্ষতা মূৰ্তীকলৈও আৰম্ভ হৈছে চৰ্চা৷
২০০৬ চনত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ক এমবিএ পঢ়িবলৈ গৈছিল ঋষি৷ তাতেই ইনফ’ছিছৰ প্ৰতিষ্ঠাতা নাৰায়ণমূৰ্তীৰ কন্যৰে দেখাদেখি হয় ঋষিৰ৷ প্ৰথম দেখাতেই অক্ষতাৰ প্ৰেমত পৰে ঋষি৷ তাৰ পিছতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এখন কফি হাউছত একেলগে কফি শ্বেয়াৰ কৰিলে ঋষি-অক্ষতায়৷ আৰম্ভ হয় বন্ধুত্ব৷ বন্ধুত্বই এদিন প্ৰেমৰ ৰূপ পালে৷ ইফালে জীয়াৰীৰ প্ৰেমৰ সম্পৰ্কৰ কথা গম পোৱাৰ পিছতেই এই সম্পৰ্কক লৈ আনন্দ প্ৰকাশ কৰে পিতৃ নাৰায়ণ মূৰ্তীয়েও৷ কিন্তু ঋষিক লগ পোৱাৰ পিছত সেই ভাললগাই ক্ষোভৰ ৰূপ লয় নাৰায়ণ মূৰ্তীৰ মনত৷ কিয়নো নাৰায়ণ মূৰ্তীৰ প্ৰেমত পৰা ঋষি তেতিয়া চাউদাম্পটনৰ এখন ভাৰতীয় হোটেলৰ ৱেইটাৰ আছিল৷ অক্ষতাৰ প্ৰেমত পৰিয়েই সলনি হ’ল ঋষিৰ ভাগ্য৷ কমসময়ৰ ভিতৰতেই ঋষি হৈ পৰিল মিলিয়নাৰ৷
তিনিবছৰ ধৰি প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত দুয়ো বিবাহপাশত আবদ্ধ হয়৷ অৰ্থনীতিৰ সমান্তৰালকৈ ফৰাছী ভাষাৰ ভাষাতো ডিগ্ৰী গ্ৰহণ কৰিছে অক্ষতায়৷ ফেশ্বন ডিজাইনিঙত ডিপ্লমা গ্ৰহণ কৰা অক্ষতাৰ ইনফ’ছিছতো আছে অৰ্ধ শ্বেয়াৰ৷ অক্ষতাৰ সম্পত্তিৰ তালিকাই ঋষিক বহুবাৰ বিপদতো পেলাইছে৷ ইপিনে ব্ৰিটেইনৰ ৰাণী এলিজাবেথকৈও অধিক সম্পত্তিৰ অধিকাৰী ঋষি ছুনাকৰ পত্নী অক্ষতা বুলি সামাজিক মাধ্যমত চৰ্চা চলাও পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ