• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

48 minutes ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

13 seconds ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

2 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

2 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

4 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

4 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

5 hours ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

22 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

22 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

23 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

24 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

1 day ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

পত্নীকো ভয়ংকৰভাৱে প্ৰৱঞ্চনা কৰিছিল ঘনকান্তই

editor by editor
October 30, 2026
in অসম, বিবিধ, লেখা
0
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল
0
SHARES
268
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নৰসংহাৰৰ ঘটনা সংঘটিত কৰা ঘনকান্ত গগৈক লৈ আৰক্ষীৰ তদন্তত এটাৰ পিছত আনটো নতুন তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, লকআপত থকা অৱস্থাত ঘনকান্তৰ আচৰণক লৈও চৰ্চা চলিছে। অভিযোগ অনুসৰি, তেওঁক খাবলৈ দিলেও খাদ্য গ্ৰহণ নকৰে আৰু আৰক্ষীয়ে প্ৰশ্ন সুধিলেও স্পষ্টকৈ উত্তৰ নিদিয়ে। আনকি কেতিয়াবা কথা পাহৰি যোৱাৰ দৰে আচৰণ কৰা বুলিও জানিব পৰা গৈছে। তেওঁৰ এই আচৰণে তদন্তকাৰী আৰক্ষীক সমস্যাত পেলাইছে। আৰক্ষীৰ সন্দেহ, তদন্তৰ সময়ত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ ঘনকান্তই এনে আচৰণ কৰিছে নেকি, সেই দিশটোও পৰীক্ষা কৰা হৈছে।

ভাড়াঘৰৰ পৰা উদ্ধাৰ একাধিক নথি-পত্ৰ

ইফালে, সাউকুচিৰ ভাড়াঘৰৰ কোঠাত আৰক্ষীয়ে অভিযান চলাই একাধিক গুৰুত্বপূৰ্ণ নথি-পত্ৰ উদ্ধাৰ কৰিছে। তদন্তকাৰী দলে উদ্ধাৰ কৰা নথিসমূহৰ ভিতৰত বিভিন্ন ঋণ আৰু লীজত লোৱা ব্যৱসায়ৰ সৈতে জড়িত কাগজ-পত্ৰও আছে বুলি জানিব পৰা গৈছে। এই নথিসমূহ পৰীক্ষা কৰি ঘনকান্তৰ আৰ্থিক লেনদেন আৰু ব্যৱসায়িক কাম-কাজৰ বিষয়ে অধিক তথ্য লাভৰ চেষ্টা চলাইছে আৰক্ষীয়ে।

আনহাতে, ঘনকান্তৰ বিলাসী বাহনখনৰ চাবি এতিয়াও উদ্ধাৰ কৰিব পৰা নাই তদন্তকাৰী দলে। ভাড়াঘৰত অভিযান চলোৱাৰ সময়তো চাবিৰ সন্ধান লাভ কৰা নগ’ল। বাহনখনৰ চাবি ক’ত আছে, সেই বিষয়তো ঘনকান্তই আৰক্ষীক স্পষ্ট তথ্য দিয়া নাই বুলি অভিযোগ উঠিছে।

চাবি উদ্ধাৰ কৰিব নোৱাৰাৰ ফলত বাহনখন ভাড়াঘৰৰ পৰা উলিয়াই অনাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে। সেয়ে প্ৰয়োজন হ’লে ক্ৰেণৰ সহায়ত বাহনখন টানি উলিয়াই অনাৰ ব্যৱস্থা কৰিব আৰক্ষীয়ে। ইফালে, ঘনকান্তই ব্যৱহাৰ কৰা কেমেৰা সংস্থাপিত চশমাযোৰ ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। চশমাযোৰৰ পৰা কোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰি নেকি, সেই দিশত গুৰুত্ব দিছে তদন্তকাৰী দলে।

পত্নীকো কৰিছিল প্ৰৱঞ্চনা

ঘনকান্তৰ প্ৰৱঞ্চনাৰ অলেখ অসংখ্য কাহিনীবোৰ শুনিলে যিকোনো সাধাৰণ মানুহেই স্তম্ভিত হৈ পৰিব। বহু লোকক দিবলগীয়া ধন আদায় নিদিয়া, ঋণত বাহন লৈ পৰিশোধ নকৰা কাহিনীবোৰতো বাদেই ঘনকান্তই কন্যাৰ শিক্ষাৰ নামতো কৰিছিল প্ৰৱঞ্চনা। কেৱল সেয়াই নহয় ঘাতক ঘনকান্তৰ ভয়ংকৰ প্ৰৱঞ্চনাৰ বলি হৈছিল পত্নীও। এবাৰ-দুবাৰ নহয় ৩ বাৰকৈ বিৱাহপাশত আৱদ্ধ হৈছিল ঘাতক ঘনকান্ত। নগালেণ্ড, ডিব্ৰুগড় আৰু শিৱসাগৰৰ জীয়ৰীৰ সৈতে বিৱাশপাশত আৱদ্ধ হৈছিল প্ৰৱঞ্চকজন।

ঘনকান্তৰ পত্নী জোনমণি গগৈক তলব

এই ঘটনাৰ তদন্তৰ মাজতে ঘনকান্তৰ পত্নী জোনমণি গগৈক লৈও নতুন তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি, ঘটনা সংঘটিত হোৱাৰ নিশাই জোনমণিয়ে গুৱাহাটী এৰি গৈছিল। প্ৰায় তিনিদিনৰ পিছত ডিব্ৰুগড় আৰক্ষীয়ে তেওঁৰ সন্ধান লাভ কৰিছে বুলি জানিব পৰা গৈছে। ঘটনাৰ তদন্তৰ স্বাৰ্থত বিশেষ তদন্তকাৰী দল (SIT)-এ জোনমণি গগৈক সোধা-পোছাৰ বাবে তলব কৰিব পাৰে। ঘনকান্তৰ বিলাসী বাহনখনৰ চাবি তেওঁৰ পত্নীয়ে লগত লৈ যোৱাৰ কথাও চৰ্চালৈ আহিছে। অৱশ্যে এই সন্দৰ্ভত তদন্তকাৰী আৰক্ষীয়ে কি তথ্য লাভ কৰিছে, সেয়া স্পষ্ট হ’বলৈ বাকী। আনহাতে, ঘনকান্তৰ ভাড়াঘৰৰ পৰা পি*ষ্টলটোৰ অনুজ্ঞাপত্ৰ উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে। পি*ষ্টলটোৰ অনুজ্ঞাপত্ৰ ক’ত আছে, সেই বিষয়টোও তদন্তৰ আওতালৈ আহিছে।

ঘনকান্তই খুলিছিল ‘GK NEWS’ নামৰ প’ৰ্টেল

ইফালে, ঘনকান্ত গগৈৰ সৈতে জড়িত আন এটা বিষয়ো পোহৰলৈ আহিছে। আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, ঘনকান্তই নিজৰ নামত ‘GK NEWS’ নামেৰে এটা নিউজ প’ৰ্টেল খুলিছিল। অভিযোগ অনুসৰি, প’ৰ্টেলটোত একাংশ কৰ্মচাৰীক কামত নিয়োগ কৰা হৈছিল যদিও তেওঁলোকক দৰমহা আদায় দিয়া হোৱা নাছিল। পিছত প’ৰ্টেলটো আধাতে বন্ধ কৰি ঘনকান্তই আঁতৰি যোৱাৰ অভিযোগো উত্থাপন হৈছে। প’ৰ্টেলটো খোলাৰ পিছতে ঘনকান্তই নিজৰ বাহনত ‘PRESS’ বুলি লিখি লৈছিল বুলিও জানিব পৰা গৈছে। এই নতুন তথ্যই তেওঁৰ পূৰ্বৰ ব্যৱসায়িক কাম-কাজ আৰু কৰ্মচাৰীৰ সৈতে থকা সম্পৰ্কক লৈও প্ৰশ্নৰ সৃষ্টি কৰিছে।

বৰ্তমান ঘনকান্ত গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ তদন্ত অব্যাহত আছে। ভাড়াঘৰৰ পৰা উদ্ধাৰ হোৱা নথি-পত্ৰ, কেমেৰা সংস্থাপিত চশমা, পিষ্টলৰ অনুজ্ঞাপত্ৰ আৰু বিলাসী বাহনখনৰ চাবিৰ সন্ধানৰ জৰিয়তে আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত অধিক তথ্য উদ্ধাৰৰ চেষ্টা চলাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!
অসম

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

October 30, 2026
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান
বিনোদন

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

October 30, 2026
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক
অসম

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

October 30, 2026
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু
ভাৰত

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

October 30, 2026
Next Post
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.