বিশ্বৰ বিলাসবহুল আৰু ব্যয়বহুল গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান বুগাট্টিৰ (Bugatti) CEO মেট ৰিমাকৰ (Mate Rimac) সৈতে সংঘটিত হৈছে এক আচৰিত ঘটনা। নিজৰ প্ৰতিষ্ঠানৰ চৌহদতে তেওঁ ব্যৱহাৰ কৰা বিলাসী Bugatti Chiron গাড়ীখন চুৰি হয়। কিন্তু এই চুৰিৰ আঁৰৰ কাৰণটো জানিলে বহুতে আচৰিত হ’ব। গাড়ীখনৰ চাবি ভিতৰতে এৰি থৈ যোৱাৰ বাবেই চোৰে সহজে গাড়ীখন লৈ পলায়ন কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে, গাড়ীখন বেছি দিন চোৰৰ হাতত নাথাকিল। গাড়ীখনৰ GPS প্ৰযুক্তিৰ সহায়ত মেট ৰিমাকে ইয়াৰ গতিবিধি অনুসৰণ কৰে। ক্ৰোৱেচিয়াৰ পৰা চুৰি হোৱা ৬০ কোটি টকীয়া বাহনখনত অৱশেষত অষ্ট্ৰিয়াৰ আৰক্ষীয়ে অভিযান চলাই গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত ৰিমাকে নিজেই সমগ্ৰ ঘটনাৰ বিষয়ে প্ৰকাশ কৰিছে।
কেনেকৈ চুৰি হ’ল বিলাসী Bugatti Chiron?
ৰিমাকে জানিবলৈ দিয়া মতে, তেওঁ প্ৰায়ে নিজৰ Chiron গাড়ীখনৰ লগতে আন কেইবাখনো গাড়ীৰ চাবি ভিতৰতে এৰি থৈ যায়। ইয়াৰ কাৰণ আছিল বুগাট্টিৰ কৰ্মচাৰীসকলৰ প্ৰয়োজন। প্ৰতিষ্ঠানটোৰ চৌহদত গাড়ীসমূহ স্থানান্তৰ কৰা, পৰীক্ষা-নিৰীক্ষা কৰা আদি কামৰ বাবে কৰ্মচাৰীসকলে মাজে-সময়ে গাড়ী ব্যৱহাৰ কৰিবলগীয়া হয়। সেয়েহে, তেওঁ গাড়ীৰ চাবি ভিতৰতে এৰি থৈ যোৱাটো এক স্বাভাৱিক অভ্যাসত পৰিণত হৈছিল। কিন্তু এইবাৰ সেই অভ্যাসেই বিপদ মাতি আনে। এজন অচিনাকি ব্যক্তিয়ে গাড়ীখনৰ ভিতৰত চাবি থকা দেখি সুযোগ গ্ৰহণ কৰে আৰু গাড়ীখন লৈ পলায়ন কৰে।
আচৰিত কথাটো হ’ল, গাড়ীখন চুৰি হোৱাৰ পিছতো প্ৰথম অৱস্থাত ৰিমাক বা প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে এই বিষয়ে গম পোৱা নাছিল। ৰিমাকে জানিবলৈ দিয়া মতে, প্ৰতিষ্ঠানটোৰ চৌহদটো মুকলি আৰু আদৰণিমূলক পৰিৱেশত নিৰ্মাণ কৰা হৈছে। তাত সাধাৰণতে বাহিৰৰ পৰা অহা লোকৰ চলাচলৰ ক্ষেত্ৰত কঠোৰ বাধা-নিষেধ নাই। অৱশ্যে, প্ৰতিষ্ঠানৰ ভিতৰৰ অট্টালিকাসমূহত প্ৰৱেশ কৰিবলৈ বিশেষ কাৰ্ডৰ প্ৰয়োজন হয়। তেওঁৰ গাড়ীখন কৰ্মচাৰীসকলে প্ৰায়ে ব্যৱহাৰ কৰাৰ বাবে কোনোবাই গাড়ীখন লৈ যোৱা দেখিলেও প্ৰথমতে সন্দেহ কৰাৰ সম্ভাৱনা কম আছিল। ৰিমাকে কয় যে গাড়ীখন কোনো কৰ্মচাৰীয়ে লৈ গৈছে বুলি তেওঁলোকে প্ৰথমতে ভাবিছিল। কিন্তু এজন ব্যক্তিয়ে অচিনাকি লোক এজনক গাড়ীখন চলাই লৈ যোৱা দেখা বুলি জনোৱাৰ পিছতহে বিষয়টো পোহৰলৈ আহে।
GPSৰ সহায়ত গাড়ীখনৰ গতিবিধি অনুসৰণ
গাড়ীখন নোহোৱা হোৱা বুলি নিশ্চিত হোৱাৰ পিছত ৰিমাকে লগে লগে আৰক্ষীক খবৰ দিয়ে। লগতে, গাড়ীখনৰ অৱস্থান নিৰ্ণয় কৰিব পৰা প্ৰযুক্তিৰ সহায়ত ইয়াৰ গতিবিধি অনুসৰণ কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ মতে, গাড়ীখন স্লোভেনিয়াৰ দিশে আগবাঢ়ি গৈ আছিল। সেয়েহে, সীমান্ত পাৰ হোৱাৰ আগতেই চোৰজনক ধৰিব পৰা যাব বুলি আশা কৰি তেওঁ গাড়ীখনৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছিল।
ৰিমাকে জনোৱা মতে, গাড়ীখনত ইন্ধন কমি অহাৰ বাবে চোৰজনে মাজতে ৰৈ ইন্ধন ভৰাবলগীয়া হৈছিল। অৱশেষত অষ্ট্ৰিয়াৰ আৰক্ষীয়ে অভিযান চলাই চোৰজনক আটক কৰে আৰু গাড়ীখন উদ্ধাৰ কৰে। এই অভিযানৰ বাবে ৰিমাকে বিশেষকৈ অষ্ট্ৰিয়াৰ আৰক্ষীক প্ৰশংসা কৰে। তেওঁৰ মতে, আৰক্ষীয়ে অতি দক্ষতাৰে কাম কৰি গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
কোন আছিল গাড়ী চুৰি কৰা ব্যক্তি?
গাড়ীখন উদ্ধাৰ হোৱাৰ পিছত ৰিমাকে আৰক্ষী থানাত অভিযুক্ত ব্যক্তিজনক লগ পায়। তেওঁৰ মতে, অভিযুক্তজন ক্ৰ’ৱেছিয়াৰ স্থানীয় বাসিন্দা আৰু তেওঁৰ বয়স প্ৰায় ৩৫ বছৰ। ব্যক্তিজনৰ পূৰ্বেও বিভিন্ন সমস্যাৰ সৈতে জড়িত থকাৰ ইতিহাস আছিল বুলি ৰিমাকে জানিবলৈ দিয়ে।
চোৰটোৱে ৰিমাকক জনোৱা মতে, তেওঁ বুগাট্টিৰ প্ৰতিষ্ঠানৰ চৌহদলৈ চাকৰি বিচাৰি আহিছিল। সেই সময়তে তেওঁ চাবি ভিতৰত থকা Chiron গাড়ীখন দেখা পাইছিল। পিছত সুযোগ বুজি গাড়ীখন লৈ গুচি যায়। অৱশ্যে, এই ঘটনাৰ সময়ত গাড়ীখনৰ কিছু ক্ষতি হয়। ৰিমাকে জনোৱা মতে, গাড়ীখন মেৰামতি কৰি পুনৰ আগৰ অৱস্থালৈ ঘূৰাই অনা হ’ব।
অভিযুক্তৰ বিৰুদ্ধে গোচৰ নকৰাৰ সিদ্ধান্ত
ঘটনাটোৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল, ৰিমাকে অভিযুক্ত ব্যক্তিজনৰ বিৰুদ্ধে নিজে গোচৰ তৰাৰ ইচ্ছা প্ৰকাশ কৰা নাই বুলি জানিবলৈ দিয়ে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অভিযুক্তজনে কোনো আইনী শাস্তিৰ সন্মুখীন নহ’ব। গাড়ীখনৰ মূল্য আৰু চুৰিৰ ঘটনাটোৰ গুৰুত্বৰ বাবে অভিযুক্তজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















