অসম লাইভ২৪ঃ জ্যোতিষশাস্ত্ৰ অনুসৰি ৰাহু অশুভ গ্ৰহ। সকলো সময়তে বক্ৰী গতিত থকা এই গ্ৰহে প্ৰতি ডেৰ বছৰত এবাৰ নিজৰ স্থান সলনি কৰে। আগন্তুক ৩০ অক্টোবৰত মঙল ৰাহু গ্ৰহই মেষ ৰাশিৰ পৰা মীন ৰাশিত প্ৰৱেশ কৰিব। ৰাহুৰ মীন ৰাশিত প্ৰৱেশে তিনি ৰাশিৰ জাতকৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিব। কেৰিয়াৰত অৰ্থ, স্বাস্থ্যৰ পৰা সন্মান সকলো দিশতেই সুফল পাব। ৰাহুৰ মীন ৰাশিত প্ৰৱেশে কি কি ৰাশিৰ ভাগ্যোদয় হ’ব?
বৃষ ৰাশি
আগন্তুক ৩০ অক্টোবৰত ৰাহুৰ মীনত প্ৰৱেশে বৃষ ৰাশিক লাভাম্বিত কৰিব। এই সময়ত আৰ্থিকভাৱে লাভৱান হ’ব। যি কামেই হাতত নলওক কিয় সুফল পাব। ৰাহুৰ স্থান সলনিয়ে ৰাজনীতিত জড়িতসকলক সুফল প্ৰদান কৰিব। এই সময় বিদেশ ভ্ৰমণ কৰিবলগা সকলৰ বাবেও শুভ।
কন্যা ৰাশি
কন্যা ৰাশিও ৰাহুৰ ৰাশি পৰিবৰ্তনত লাভাম্বিত হ’ব। এই সময়ে আপোনাৰ শহুৰৰ ঘৰৰ সৈতে আত্মীয়তা বঢ়াই তুলিব। তেওঁলোকৰ সৈতে ভাল সময় কটাব আপুনি। হাতলৈ ধন আহিব। ব্যৱসায়তো লাভাম্বিত হ’ব। দাম্পত্য জীৱন সুখকৰ হ’ব।
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিও ৰাহুৰ বক্ৰী দশাত লাভাম্বিত হ’ব। আগন্তুক ৩০ অক্টোবৰত ৰাহুল স্থান পৰিবৰ্তনে প্ৰেমৰ সম্পৰ্কতো ভাল ফলাফল দিব। এই সময়ত আপোনাৰ স্বাস্থ্য ভালে থাকিব। কোনো ৰোগত আক্ৰান্ত হৈ থাকিলে সুফল পাব। চাকৰিত আপোনাৰ অৱস্থান উন্নত হ’ব। বৃশ্চিক ৰাশিৰ জাতকসকলৰ ব্যক্তিত্ব আৰু আকৰ্ষণীয় হৈ উঠিব। বিদেশ যাত্ৰাৰ সুযোগ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ