অসম লাইভ২৪ঃ এজন ছাত্ৰৰ প্রধানমন্ত্ৰীলৈ এটা মাত্ৰ প্ৰশ্ন৷ প্ৰশ্ন শুনিয়েই নাৰ্ভাছ প্রধানমন্ত্ৰী৷ অহা বছৰ আমাৰ দুয়োৰে বৰ্ডৰ পৰীক্ষা আছে। আপুনি কেনেদৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে? পৰীক্ষাক লৈ কেনেবাকৈ নাৰ্ভাছ হৈছে নেকি? দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ প্ৰশ্নতেই নাৰ্ভাছ হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী। মোদীয়ে ছাত্ৰজনক উত্তৰ দিয়াৰ সলনি কয়, ‘মই শিক্ষক হ’লে তোমাক এটা পৰামৰ্শ দিলোহেতেন৷ তোমাক মই সাংবাদিকতা পঢ়িবলৈ উপদেশ দিলোহেতেন৷ প্রধানমন্ত্ৰীৰ এই উত্তৰ শুনামাত্ৰকেই হাঁহিত ফাটি পৰিল উপস্থিত শ শ ছাত্ৰ ছাত্ৰী৷ ছাত্ৰ-ছাত্ৰী হাঁহি উল্লাসৰ মাজত প্রধানমন্ত্ৰীয়ে আৰম্ভ কৰিলে ভাষণ৷ ঘূৰাই পকাই কথা কোৱা স্বভাৱ সাংবাদিকৰহে আছে বুলি কৈ মোদীয়ে কয়, ‘মই সদায়েই এই কথা বিশ্বাস কৰো যে পঢ়ি থাকক, শিকিবলৈ চেষ্টা ৰাখক৷ মনত শিকাৰ আগ্ৰহ বঢ়াই থাকক৷ শিকাৰু মনটোৱেই জীৱনৰ ধৰ্ম৷ কাম কৰাৰ ধৰণৰ ওপৰতহে ৰিজাল্ট নিৰ্ভৰশীল৷’
সকলোতে অংক কৰি থাকিলে শিকাৰু মনটো পিছপৰি থাকে৷ ৰাজনীতিতো মোদীয়ে কাহানিও অংক কৰি নচলে বুলি কোৱাৰ ওপৰিও মোদীয়ে কিয় দেশৰ ১৪০ কোটি জনতাৰ ওপৰত নিৰ্ভৰ কৰি চলে তাৰো বাখ্যা দাঙি ধৰে মোদীয়ে৷ মোদীয়ে কয়, ‘১৪০ কোটি জনতাক যিমান পাৰো সময় দিছো৷ সময়, শৰীৰ, শক্তি সকলো দেশবাসীৰ নামত৷ নিৰ্বাচন আহিব যাব, আমি কাম কৰিয়েই থাকিম৷ আপোনালোকৰ পৰীক্ষা এবছৰত এবাৰ আহে৷ আমাৰ ২৪ ঘণ্টাতেই পৰীক্ষা চলি থাকে৷’
প্ৰত্যেক সময়তে দেশৰ কোনোবা কোণত নিৰ্বাচন চলি থাকে৷ কোনোবা কোণত যদি বিধানসভা নিৰ্বাচন৷ কোনোবা কোণত পঞ্চায়ত নিৰ্বাচন৷ এই সমূহ নিৰ্বাচনৰ কোনো এটাত হাৰিলেও সকলোতে চৰ্চা চলে, ‘মোদীৰ শোচনীয় পৰাজয়৷ মোদী মেজিক আৰু দেশত নচলে’
ৰাজনীতি কেনেকৈ কৰিব? সক্ৰিয় ৰাজনীতিত থাকিও মোদী কিয় ৰাজনীতিবিদ হ’ব পৰা নাই? ৰাজনৈতিক ব্যৱস্থাত মোদী কিয় দেৰীকৈ আহিছে? মনেৰে মোদী কিয় এতিয়াও ৰাজনীতিত নাই? প্রধানমন্ত্ৰী মোদীৰ চৰিত্ৰত আজিও কিয় ৰাজনীতি নাই? জীৱনত কিবা এটা কৰিব লাগে বাবেই ৰাজনীতি কৰি আছে নেকি? সকলোবোৰ কথাৰ উত্তৰ দিছে প্রধানমন্ত্ৰী মোদীয়ে৷ মোদীয়ে এই সন্দৰ্ভক কয়, ‘নিৰ্বাচন আহিব যাব৷ হৰা জিকাও চলি থাকিব৷ কিন্তু এই সফলতা বিফলতাক স্বীকাৰ কৰি ল’ব পৰা মানসিকতা থাকিব লাগিব৷’
বৰ্ডৰ পৰীক্ষাৰ বাবে ছাত্ৰগৰাকীক মোদীয়ে শুভকামনা জনাই কয়, ‘তোমাৰ বৰ্ডৰ পৰীক্ষাৰ বাবে তোমাক শুভকামনা৷ মোৰ পৰীক্ষালৈ ১৪০ কোটি জনতাৰ আশীৰ্বাদ আছে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ