অসম লাইভ ২৪ঃ ক্ৰমাৎ উন্নত হৈছে ৰাজধানী দিল্লীৰ কোভিড পৰিস্থিতি। কাইলৈ পুৱা ৫ বজাৰ পৰা দিল্লীত আৰম্ভ হ’ব আনলক প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেওবাৰে এক প্ৰেছ কনফাৰেন্স যোগে এই কথা জানিবলৈ দিয়ে। সেই অনুসৰি কাইলৈৰ পৰা দিল্লীত খোলা থাকিব বজাৰ, মল আৰু মার্কেট কমপ্লেক্স। ৫০ শতাংশ উপস্থিতিৰে ৰেষ্টুৰেণ্ট খুলিবলৈ অনুমতি দিছে চৰকাৰে। একেদৰে ধর্মীয় প্ৰতিষ্ঠান খোলা হ’ব যদিও ভক্তই বাহিৰৰ পৰাই কৰিব লাগিব দর্শন। মেট্ৰ’ আৰু বাছত ৫০ শতাংশ যাত্ৰীয়ে যাতায়াত কৰিব পাৰিব। ই-ৰিক্সা, অটো আৰু টেক্সিত দুজন লোকে কৰিব পাৰিব যাতায়াত। বিবাহত ২০ জন লোকৰ উপস্থিতিৰ অনুমতি দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ