হিন্দুধৰ্মত ত্ৰিদেৱতাৰ কথা নাজানে কোনে? ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ৷ তিনিওৰে এজন বিশ্বৰ সৃষ্টিকৰ্তা, এজন পালনকৰ্তা আৰু আনজন ৰক্ষাকৰ্তা৷ এই তিনিওজনৰ ক্ষমতাৰ পৰিসীমা জুখিব নোৱাৰি৷ তিনিওগৰাকী দেৱতা তিনিটা বিশেষ অস্ত্ৰৰ অধিকাৰী৷ ব্ৰহ্মাৰ ব্ৰহ্মাস্ত্ৰ, মহাদেৱৰ ত্ৰিশূল আৰু বিষ্ণুৰ সুদৰ্শন চক্ৰ৷ শ্ৰী বিষ্ণু আৰু তেওঁৰ অন্যতম অৱতাৰ শ্ৰী কৃষ্ণই এই সুদৰ্শন চক্ৰ ব্যৱহাৰ কৰিয়েই বহু দানৱক হত্যা কৰাৰ কথা শাস্ত্ৰত উল্লেখ আছে৷
সুদৰ্শন চক্ৰৰ সুদৰ্শন শব্দটো দুটা পৃথক শব্দৰে সৃষ্টি হৈছে৷ এটা হৈছে সু আৰু আনটো দৰ্শন৷ ইয়াৰ অৰ্থ হ’ল দৰ্শন পোৱাটো শুভ৷ পুৰাণত যিসমূহ দিব্যঅস্ত্ৰৰ কথা উল্লেখ আছে তাৰ ভিতৰত একমাত্ৰা সুদৰ্শন চক্ৰই সকলো সময়তে গতিশীল অৱস্থাত থাকে৷ কেনেকৈ সুদৰ্শন চক্ৰ তৈয়াৰ হৈছিল তাক লৈ একাধিক কাহিনী পোৱা যায়৷ এটা কাহিনী অনুসৰি বিশ্বকৰ্মাৰ কন্যা সঞ্জনাৰ সৈতে সূৰ্যৰ বিবাহ হৈছিল৷ কিন্তু সূৰ্যৰ প্ৰচণ্ড শক্তিৰ কাৰণে তেওঁৰ কাষলৈ পত্নী সঞ্জনা যাব পৰা নাছিল৷ তেতিয়াই পিতৃক আহি সঞ্জনাই কৈছিল সূৰ্যৰ শক্তি অকণমান কমাই দিয়ক৷ পিতৃয়ে কন্যাৰ কথা ৰাখি সূৰ্যৰ শক্তি কিছু কমাই গুড়ি গুড়ি কৰি চৌপাশে চটিয়াই দিয়ে৷
এই চটিয়াই দিয়া গুড়িৰ পৰাই বিশ্বকৰ্মাই অস্ত্ৰ নিৰ্মাণ কৰে৷ বিশ্বকৰ্মাই সূৰ্যৰ সিঁচৰিত ৰশ্মিৰ পৰা তৈয়াৰ কৰে পুষ্পক ৰথ, দ্বিতীয় অস্ত্ৰ হৈছে ত্ৰিশূল আৰু তৃতীয়টো অস্ত্ৰ হৈছে সূদৰ্শন চক্ৰ৷ পুৰাণৰ এটা গল্প অনুসৰি এবাৰ অসুৰে স্বৰ্গ আক্ৰমণ কৰি দেৱতাসকলক হৰুৱাইছিল৷ বিষ্ণুয়েও অসুৰসকলৰ হাতৰ পৰা স্বৰ্গক ৰক্ষা কৰিব নোৱাৰিলে৷ তেতিয়াই তিনি হাজাৰ পদুম ফুল লৈ তেওঁ মহাদেৱক আৰাধনা কৰিবলৈ বহে৷ মহাদেৱে সেই সময়তেই হাতত এপাহ পদুম লৈ লুকুৱাই পেলাই৷ এপাহ ফুল কমি যোৱা দেখি বিষ্ণুয়ে নিজৰ এটা চকু মহাদেৱত অৰ্পণ কৰিবলৈ যায়৷ তেতিয়াই শিৱই তেঁওক উপহাৰত এই সূদৰ্শন চক্ৰটো দিয়ে৷ এই চক্ৰ লৈয়েই নাৰায়ণে অসুৰক ধ্বংস কৰে৷ইয়াৰোপৰি এক কথিত কাহিনীমতে কৃষ্ণ আৰু অৰ্জুনে অগ্নিদেৱক খাণ্ডৱ বন দাহ কৰাত সহায় কৰিছিল৷ তেতিয়াই অগ্নি দেৱতাই কৃষ্ণক সুদৰ্শন চক্ৰ উপহাৰ দিয়ে৷ আকৌ আন এক কাহিনীমতে পৰশুৰামে কৃষ্ণক এই অস্ত্ৰ উপহাৰ দিছিল৷
উপহাৰ যিয়েই নিদিয়ক কিয় সূদৰ্শণ চক্ৰৰ কেইটামান বিশেষত্ব আছে৷ সূদৰ্শন চক্ৰৰ প্ৰধান বিশেষত্ব হৈছে যে ই মনৰ গতিত চলে৷ মনৰ গতিৰেই ই শত্ৰুক ধ্বংস কৰি আঙুলিলৈকে নিজেই উভতি আহে৷ যাক উদ্দেশ্যি সূদৰ্শন চক্ৰ পঠিয়াই দিয়া হয় তেওঁ মৰ্ত্যৰ যতেই লুকাই থাকিলেও এই অস্ত্ৰই আক্ৰমণ কৰিব পাৰে৷ পুৰাণ অনুসৰি এক ছেকেণ্ডত কেইবালাখ কিঃমিঃ পথ অতিক্ৰম কৰিব পাৰে এই চক্ৰই৷ এই চক্ৰৰ ওজন প্ৰায় ২২০০ কিঃগ্ৰাঃ৷ এই চক্ৰৰ ব্যাস ১২-৩০ ছেণ্টিমিটাৰ৷ ব্ৰহ্মাস্ত্ৰতকৈয়ো এই অস্ত্ৰ কেইবাগুণ বেছি ক্ষমতাশালী বুলিও শাস্ত্ৰই দাবী কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ