• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

29 minutes ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

7 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

18 minutes ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

1 hour ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

1 hour ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

2 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

3 hours ago
বৈপৰীত্য

বৈপৰীত্য

4 hours ago
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

5 hours ago
দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

6 hours ago
আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি

আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি

7 hours ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

15 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বীক্ষণ

editor by editor
September 27, 2026
in অসম, বিশ্ব, ভাৰত, লেখা, সমীক্ষণ (আলোচনী)
0
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
0
SHARES
11
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
  • হৰেকৃষ্ণ ডেকা

ভাৰতৰ অৰ্থনীতিৰ আকাৰ যোৱা কেইটামান দশকত ভালেখিনি বৃদ্ধি পাইছে। ২০২৫ চনত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (GDP) প্রায় ৩.৯৬ ট্রিলিয়ন ডলাৰত উপনীত হয়। এই সময়ছোৱাত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৭.৬ শতাংশ হৈছে। কিন্তু একে সময়তেই জনমূৰি আয় মাত্র প্রায় ২,৭০২ ডলাৰত থমকি ৰৈছে। অর্থাৎ ভাৰত এক বৃহৎ অর্থনীতি আৰু এখন তুলনামূলকভাবে নিম্ন জনমূৰি আয়ৰ দেশ- এই দুয়োটা পৰিচয় একেলগে সত্য।

এই বৈপৰীত্যই ভাৰতৰ বিকাশৰ এটা মৌলিক সমস্যাৰ দিশলৈ আঙুলিয়াই দিয়ে: অর্থনৈতিক বৃদ্ধি আৰু মানৱ বিকাশ সমান্তৰালভাৱে আগবঢ়া নাই। মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি হৈছে, সম্পদ সৃষ্টি হৈছে, নতুন উদ্যোগ আৰু পুঁজিৰ সঞ্চয় হৈছে; কিন্তু সেই সম্পদৰ সুফল সমানে সমাজৰ সকলো স্তৰলৈ প্ৰৱাহিত হোৱা নাই। পৰিণতিত ভাৰতৰ বিকাশৰ আৰ্হি ক্রমে এমুখীয়া বা অসমতাপূর্ণ হৈ উঠিছে। ২০৪৭ চনত এখন উন্নত ভাৰত গঢ়াৰ লক্ষ্য বাস্তৱায়িত কৰিবলৈ হ’লে এই সমস্যাক কেৱল দৰিদ্ৰতা হ্ৰাসৰ সমস্যা হিচাপে নহয়, বিকাশৰ গুণগত মান আৰু অর্থনৈতিকভাবে টনকিয়াল হোৱাৰ সমস্যা হিচাপে চাব লাগিব।

মুঠ ঘৰুৱা উৎপাদন (GDP) এখন দেশৰ সামগ্রিক উৎপাদনৰ মাপ; ই সম্পদ কেনেকৈ বিতৰণ হৈছে সেই কথা নকয়। ভাৰতৰ ক্ষেত্ৰত এই পার্থক্য বিশেষ তাৎপর্যপূর্ণ। বিশ্ব বেংকৰ তথ্য অনুসৰি ২০২৫ চনত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন প্রায় ৩.৯৬ ট্রিলিয়ন ডলাৰ, কিন্তু জনমূৰি আয় ২,৭০২.৫ ডলাৰ। অর্থাৎ ভাৰত বিশ্বৰ অন্যতম বৃহৎ অর্থনীতি হ’লেও গড় ভাৰতীয়ৰ আয় উন্নত দেশসমূহৰ তুলনাত এতিয়াও বহুত কম। সেয়েহে ‘ভাৰত পঞ্চম বৃহৎ অর্থনীতি’ বা ‘চাৰি ট্রিলিয়ন ডলাৰৰ অর্থনীতি’ হোৱাটোৱেই নিজে নিজে মানৱ বিকাশৰ প্ৰমাণ নহয়।

ইয়াৰ লগত আৰু এটা গুৰুত্বপূর্ণ তথ্য সংযোগ কৰিব লাগিব। World Inequality Labৰ হিচাপ অনুসৰি ২০২২-২৩ত ভাৰতৰ মুঠ জাতীয় আয়ৰ ৫৭.৭ শতাংশ শীর্ষ ১০ শতাংশ লোকৰ হাতত আছিল; শীর্ষ ১ শতাংশই অকলে ২২.৬ শতাংশ আয় লাভ কৰিছিল। বিপৰীতে তলৰ ৫০ শতাংশৰ অংশত পৰিছিল মাত্র ১৫ শতাংশ। সম্পদৰ ক্ষেত্ৰত বৈষম্য আৰু অধিক গভীৰ: শীর্ষ ১০ শতাংশৰ হাতত প্রায় ৬৫ শতাংশ আৰু শীর্ষ ১ শতাংশৰ হাতত ৪০.১ শতাংশ সম্পদ আছিল।
এই সংখ্যাবোৰে দেখুৱায় যে সমস্যাটো কেৱল ‘দৰিদ্ৰ মানুহ আছে’ বুলি কোৱাৰ সমস্যা নহয়। সমস্যা হ’ল অর্থনৈতিক বৃদ্ধিৰ ফল আৰু উৎপাদিত সম্পদৰ অধিকাংশ সমাজৰ ওপৰৰ স্তৰত কেন্দ্রীভূত হৈছে।

অৱশ্যে এটা কথা কোৱা প্রয়োজন। দৰিদ্রতা হ্ৰাসৰ ক্ষেত্ৰত ভাৰতৰ যথেষ্ট অগ্রগতি হৈছে। নীতি আয়োগৰ তথ্য অনুসৰি বহুমাত্রিক দৰিদ্রতা ২০১৫-১৬ৰ ২৪.৮ শতাংশৰ পৰা ২০১৯-২১ত ১৪.৯৬ শতাংশলৈ নামিছে আৰু ২০২২-২৩ত প্রায় ১১.২৮ শতাংশলৈ হ্রাস পোৱাৰ অনুমান কৰা হৈছে। ২০১৩-১৪ৰ পৰা ২০২২-২৩লৈ প্রায় ২৪.৮ কোটি মানুহ বহুমাত্রিক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে।

বিশ্ব বেংকৰ নতুন অনুমানতো একেধৰণৰ উন্নতিৰ ছবি দেখা যায়। ২০১১-১২ৰ পৰা ২০২৩-২৪লৈ নিম্ন-মধ্যম আয়ৰ দেশৰ দাৰিদ্র্য সীমাৰেখা অনুসৰি গ্রাম্য দৰিদ্রতা ৬৪.৯ শতাংশৰ পৰা ১৯.৩ শতাংশলৈ আৰু নগৰীয়া দৰিদ্রতা ৩৯.৭ শতাংশৰ পৰা ৮.৬ শতাংশলৈ নামিছে। সেয়েহে ভাৰতৰ বিকাশক একে আষাৰে ‘ব্যর্থতা’ বুলিও কোৱা সঠিক নহ’ব। সমস্যা হৈছে বিকাশৰ গতি আৰু বিকাশৰ বিস্তৃতিৰ মাজত থকা ব্যরধান।

ভাৰসাম্যহীন বিকাশৰ মূল কাৰণ

ভাৰতৰ বিকাশৰ আৰ্হি অসমতাপূর্ণ হোৱাৰ আঁৰত কেইবাটাও আন্তঃসংযুক্ত কাৰণ আছে। প্রথমতে, ভাৰতৰ অৰ্থনীতি বহু পৰিমাণে মূলধন-নিৰ্ভৰ (capital-intensive) আৰু দক্ষতা-বিকাশৰ ওপৰত নির্ভৰশীল। IT, finance, digital services, telecommunications আৰু উচ্চ উৎপাদনশীল আধুনিক উদ্যোগে মুঠ ঘৰুৱা উৎপাদনত যথেষ্ট মূল্য সংযোজন কৰে; কিন্তু এই খণ্ডবোৰে জনসংখ্যাৰ বৃহৎ অংশক সমান অনুপাতে উচ্চ উৎপাদনশীল সংস্থাপন নিদিয়ে। দ্বিতীয়তে, কৃষিৰ পৰা বৃহৎসংখ্যক মানুহ ওলাই আহিলেও উৎপাদনশীল খণ্ডৰ সংস্থান সেই অনুপাতে সৃষ্টি হোৱা নাই। বিশ্ব বেংকৰ তথ্যমতে ২০২৪ৰ মুঠ ঘৰুৱা উৎপাদনত কৃষিৰ অংশ প্রায় ১৬ শতাংশৰ ওচৰত, কিন্তু উদ্যোগ আৰু নির্মাণকার্যৰ (manufacturing) অংশ তাৰ তুলনাত যথেষ্ট কম; সেৱা খণ্ডই অর্থনীতিৰ বৃহৎ অংশ বহন কৰে। অর্থাৎ বহু মানুহ এতিয়াও কম উৎপাদনশীল কামত নিয়োজিত, আনহাতে মুঠ ঘৰুৱা উৎপাদনৰ অধিকাংশ মূল্য সংযোজন উচ্চ উৎপাদনশীল খণ্ডত কেন্দ্রীভূত। এই উৎপাদন-ক্ষমতাৰ (productivity gap) ফাঁকটোৱেই আয়-বৈষম্যৰ এটা মূল উৎস। তৃতীয়তে, অসংগঠিত শ্ৰমৰ ক্ষেত্ৰত ভাৰতৰ গাঁথনিগত দুর্বলতা। ILOৰ মতে দক্ষিণ এছিয়াত ২০২৪তো প্রায় ৮৭ শতাংশ কর্মশক্তি (workforce) অসংগঠিত অর্থনৈতিক কর্মৰ সৈতে জড়িত আছিল। এনে কামত সামাজিক সুৰক্ষা, চাকৰিৰ স্থায়িত্ব, দক্ষতা উন্নয়ন আৰু আয়ৰ নিৰাপত্তা সীমিত। চতুর্থতে, শিক্ষা আৰু স্বাস্থ্যত বিনিয়োগৰ গুণগত মান আৰু বিস্তৃতি এতিয়াও অসমান। মানৱ পুঁজিৰ দুৰ্বলতা থাকিলে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি হ’লেও উৎপাদনশীলতা আৰু আয়ৰ সুযোগ সমানেই বৃদ্ধি নাপায়।

নতুন প্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰভাব

এই একাষে কাতি হৈ পৰা আৰ্হিৰ আটাইতকৈ গুৰুতৰ পৰিণতি নতুন প্ৰজন্মৰ ওপৰত পৰে। ভাৰতৰ জনসংখ্যাৰ বৃহৎ অংশ যুব। কিন্তু যুব জনসংখ্যা নিজে জনসংখ্যাভিত্তিক লভ্যাংশ (demographic dividend) নহয়। শিক্ষিত, দক্ষ, স্বাস্থ্যৱান আৰু উৎপাদনশীল যুব সমাজহে জনসংখ্যাভিত্তিক লভ্যাংশ।

ILO India Employment Report 2024ত বিশেষভাবে যুৱ কর্মসংস্থান (youth employment), শিক্ষা আৰু দক্ষতাৰ সমস্যা বিশ্লেষণ কৰা হৈছে। এই প্রতিবেদনে দেখুৱায় যে ২০০০-২০১৯ সময়ছোৱাত শ্রমশক্তিৰ অংশগ্রহণ আৰু নিবনুৱা সমস্যাৰ বহু সূচকত অৱনতি হৈছিল; পাছত কিছু উন্নতি দেখা গ’লেও সেই উন্নতিৰ ব্যাখ্যাত অর্থনৈতিক দুর্বলতাৰ প্রভাবো আছে।

যদি এজন যুৱকে উন্নত শিক্ষা লাভ নকৰে, দক্ষতা আহৰণ নকৰে আৰু উচ্চ উৎপাদনশীল চাকৰি নাপায়, তেন্তে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ সুফল তেওঁৰ জীৱনত সীমিত হৈ থাকে। পৰিণতিত জনসংখ্যাভিত্তিক লভ্যাংশ গৈ জনসংখ্যাগত বোজালৈ ৰূপান্তৰিত হোৱাৰ দুৰ্ভাৱনা থাকে ইয়াৰ লগতে সামাজিক গতিশীলতাও ক্ষতিগ্রস্ত হয়। ধনী পৰিয়ালৰ সন্তানে উন্নত শিক্ষা, স্বাস্থ্য, ডিজিটেল সংযোগ, ইংৰাজী ভাষাত ব্যুৎপত্তি, পেছাদাৰী আন্তঃসংযোগ (network) আৰু মূলধনৰ সুবিধা পায়। নিম্ন আৰু মধ্য আয়ৰ পৰিয়ালৰ যুৱকে সেই একেই প্রতিযোগিতাত বহু নিম্নস্তৰৰ পৰা আৰম্ভ কৰে। সেয়েহে বৈষম্য কেরল বৰ্তমানৰ আয়ৰ বৈষম্য নহয়- ই ভবিষ্যৎ সুযোগৰ বৈষম্যও সৃষ্টি কৰে।

সহনশীলতা (Resilience) কিয় কেবল সামগ্রিক অর্থনৈতিক সহনশীলতা নহয়? ভাৰতৰ সামগ্রিক সহনশীলতা মজবুত বুলি বিশ্ব বেংকৰ প্রতিবেদনৰ পৰা অনুমান হয়। বিশ্ব বেংকে উল্লেখ কৰিছে যে বৃহৎ বিদেশী ধনৰ সঞ্চয় (foreign-exchange reserves) তুলনামূলকভাৱে স্থিতিশীল, যি বিত্তীয় খণ্ডত মুদ্রাস্ফীতিৰ উপশম কৰে আৰু ইয়াৰ পৰিণতিত লাভ কৰা fiscal consolidation-এ বাহ্যিক আঘাতৰ বিৰুদ্ধে ভাৰতক কিছু সুৰক্ষা দিয়ে।

কিন্তু সামগ্রিক সহনশীলতা (macro resilience) আৰু সামাজিক-অর্থনৈতিক সহনশীলতা (social-economic resilience) একে বস্তু নহয়। এখন অর্থনীতি বাহ্যিক আঘাতৰ পৰা ৰক্ষা পাব পাৰে, অথচ তাৰ ভিতৰৰ বৃহৎ অংশ যদি কম আয়, অনিশ্চিত কর্মসংস্থান, দুর্বল সামাজিক সুৰক্ষা আৰু কম মানৱীয় মূলধনত নির্ভৰশীল হয়, তেন্তে সেই অর্থনীতি সম্পূর্ণ সহনশীল অর্থনীতি নহয়।

তেলৰ দাম বৃদ্ধি, জলবায়ু পৰিৱৰ্তন, অট’মেচন, কৃত্রিম বুদ্ধিমত্তা, ভু-ৰাজনৈতিক ব্যাঘাত বা গোলকীয় মন্দাবস্থা- এইবোৰৰ আঘাতত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হয় নিম্ন আয়ৰ মানুহ। সেয়েহে অর্থনৈতিক সহনশীলতা মানে কেরল বিদেশী মুদ্রাৰ ভাণ্ডাৰ বা মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধি নহয়; মানুহৰ সংকটত থিয় দিব পৰাৰ ক্ষমতাও সমাজৰ সহনশীলতাৰ অংশ।

২০৪৭ত উন্নত ভাৰতৰ লক্ষ্য পূৰণ কৰিবলৈ দেশে সংকল্প লৈছে। এনে সংকল্পৰ প্ৰয়োজন আছে। কিন্তু কেৱল মুঠ ঘৰুৱা উৎপাদনৰ আকাৰ বৃদ্ধি যথেষ্ট নহ’ব। ভাৰতে একে সময়তে তিনিটা পৰিৱৰ্তন ঘটাব লাগিব।
প্রথমতে- সম্পদ সৃষ্টিৰ গতিৰ লগতে তাৰ বিস্তৃত সামাজিক বণ্টন নিশ্চিত কৰিব লাগিব।
দ্বিতীয়তে- কম উৎপাদনৰ সংস্থানৰ ঠাইত বেছি উৎপাদনৰ সংস্থানত অধিক আয়। তাৰ বাবে শিল্প উৎপাদন, কৃষিৰ আধুনিক পদ্ধতিৰ উৎপাদন, logistics, নির্মাণ, সেউজ অর্থনৈতিক কার্য আৰু নতুন প্রযুক্তি-আধাৰিত খণ্ডত বৃহৎ পৰিসৰত ভাল চাকৰি সৃষ্টি কৰিব লাগিব।
তৃতীয়তে- ভৌতিক মূলধনৰ ঠাইত শ্রম-নিৰ্ভৰ মূলধনঃ শিক্ষা, স্বাস্থ্য, nutrition, দক্ষতা বিকাশ আৰু গৱেষণাত বিনিয়োগক উন্নয়নৰ কেন্দ্ৰলৈ আনিব লাগিব।
বিশেষকৈ মহিলাৰ শ্ৰম ক্ষেত্রত অংশগ্রহণ বৃদ্ধি, উন্নতমানৰ শিক্ষা, বৃত্তিমূলক শিক্ষা, সুলভ উচ্চ শিক্ষা আৰু সুলভ সামাজিক সুৰক্ষা ব্যৱস্থাই যুৱ সমাজৰ উৎপাদনশীলতা বহুগুণে বৃদ্ধি কৰিব পাৰে।
ভাৰতৰ সন্মুখত সেয়েহে প্রশ্নটো কেৱল “২০৪৭ত মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধি কিমান হ’ব” নহয়; প্রকৃত প্রশ্ন হ’ব লাগিব- ২০৪৭ত এজন সাধাৰণ ভাৰতীয় কিমান উৎপাদনশীল, কিমান শিক্ষিত, কিমান সুস্থ, কিমান সুৰক্ষিত আৰু কিমান অর্থনৈতিকভাবে স্বাধীন হ’ব?

উপসংহাৰ

ভাৰতৰ অৰ্থনৈতিক অগ্রগতি বাস্তৱানুগ আৰু উল্লেখনীয়। দৰিদ্ৰতা কমিছে, আন্তঃগাঁথনি বৃদ্ধি পাইছে, digital অর্থনীতি বিস্তাৰিত হৈছে আৰু বিশ্ব অর্থনীতিত ভাৰতৰ স্থান শক্তিশালী হৈছে। কিন্তু এই সাফল্যৰ মাজতে আয় আৰু সম্পদৰ তীব্র কেন্দ্রীভৱন, অ-সম মানৱ পুঁজি, কম উৎপাদনশীল চাকৰি আৰু সুযোগৰ বৈষম্যই বিকাশৰ অভ্যন্তৰীণ চিত্ৰখন দুৰ্বল কৰি ৰাখিছে। সেয়েহে ভাৰতৰ বিকাশৰ আৰ্হিক একাষৰীয়া (lopsided) বুলি কোৱাটো GDP বৃদ্ধিক অস্বীকাৰ কৰা নহয়; বৰঞ্চ GDP growthৰ গুণগত সীমাবদ্ধতা চিনাক্ত কৰা। ২০৪৭ৰ উন্নত ভাৰত কেৱল এখন বিশাল অর্থনীতিৰ ৰাষ্ট্ৰ হ’লেই নহ’ব; ই এখন উচ্চ উৎপাদনশীল, অধিক সমতাপূর্ণ, মানৱ পুঁজি-নিৰ্ভৰ আৰু shock-resistant সমাজ হ’ব লাগিব। অন্যথা ভাৰতৰ GDP হয়তো বিশ্বৰ শীর্ষ অর্থনীতিসমূহৰ মাজত থাকিব, কিন্তু সেই GDIৰ তলত যদি বৃহৎসংখ্যক মানুহৰ জীৱনমান, সুযোগ আৰু উৎপাদনশীলতা পিছপৰি থাকে, তেন্তে সেই উন্নয়নক পূর্ণ অর্থত বিকশিত হোৱা ভাৰত বুলি ক’ব পৰা নহ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24samikhyan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?
বিশ্ব

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

September 27, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

September 27, 2026
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?
অপৰাধ

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

September 27, 2026
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক
অসম

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

September 27, 2026
Next Post
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক'ত ক'ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.