কোনে অন্তত ৬ মাহৰ বাবে বিচাৰিছিল মুখ্যমন্ত্ৰীৰ আসন ! শেষত দেবেন্দ্ৰ ফাড়নবিচৰ নামতেই চূড়ান্ত মোহৰ
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আসনক লৈ থকা সকলো জল্পনা কল্পনাৰ অন্ত। অৱশেষত নাম চূড়ান্ত। বহু অপেক্ষাৰ অন্তত ঘোষণা হ’ল মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী। দেবেন্দ্ৰ ফাড়নবিচেই হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।
পাছে শেষলৈকে আসন এৰি দিব বিচৰা নাছিল শিন্দে। অন্তত ৬ মাহৰ বাবে বিচাৰিছিল মুখ্যমন্ত্ৰীৰ আসন। অমিত শ্বাহৰ ওচৰত ৰাখিছিল এই প্ৰস্তাৱ। পাছে নাকচ কৰি দিয়ে অমিত শ্বাহে। যাৰ ফলত শেষত চূড়ান্ত সিদ্ধান্ত। দেবেন্দ্ৰ ফাড়নবিচেই হব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।
২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ ১০ দিনৰ পাছত মুখ্যমন্ত্ৰীৰ নাম প্ৰকাশ। বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে দেৱেন্দ্ৰ ফাড়নবিছ।
আজি পুৱা মুম্বাইত অৱস্থিত বিধানসভাত বিধানসভা দলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই সভাত মহাযুতিৰ সকলো ডাঙৰ নেতাই অংশ লৈছিল। সভাত দেৱেন্দ্ৰ ফাড়নবিছ, একনাথ শিন্দে, অজিত পাৱাৰকে ধৰি ২৩০গৰাকী মহাযুতি বিধায়কে অংশগ্ৰহণ কৰে।
প্ৰতিবেদন অনুসৰি দেৱেন্দ্ৰ ফাড়নবিছে এতিয়া মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব। কাইলৈ অৰ্থাৎ ৫ ডিচেম্বৰত দেৱেন্দ্ৰ ফাড়নবিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ বহু জ্যেষ্ঠ নেতাক দেখা যাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















