১৭০০ পাইলটৰ ছিমুলেটৰ প্ৰশিক্ষণত ত্ৰুটি আছে৷ প্ৰশিক্ষণৰ খেলিমেলিৰ বাবে বিমান সংস্থা ইণ্ডিগোক শ্ব’কজ নটিছ পঠিয়ালে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন নিয়ন্ত্ৰক সংস্থাৰ ডাইৰেক্টৰ জেনেৰেল অফ ছিভিল এভিয়েছনে৷ সূত্ৰৰ খবৰ অনুসৰি এই বিষয়ে বিমান সংস্থাই দিয়া তথ্য চাই দেখা গৈছে যে ইণ্ডিগোই তেওঁলোকৰ প্ৰতুত্ত্যৰ সঠিকভাৱে দিব পৰা নাই৷ কিন্তু এই চিমুলেটৰ প্ৰশিক্ষণত ঠিক কি ভুল দেখা পাইছে কেন্দ্ৰৰ বিমান পৰিবহন নিয়ন্ত্ৰক সংস্থাই?
DGCAৰ ৰিপৰ্টত কোৱা হৈছে যে ১৭০০ পাইলটৰ চি কেটাগৰিৰ অৰ্থাৎ কঠিন পৰিস্থিতিত উৰাণৰ প্ৰশিক্ষণৰ সঠিক মানৰ ছিমুলেটৰ নাছিল৷ সেইসমূহ কেলিকট, লেহ কিংবা কাঠমাণ্ডুৰ দৰে পাহাৰৰ মূৰত থকা সৰু বিমানবন্দৰত নমাৰ উপযুক্ত প্ৰশিক্ষণ নাই৷ শ্ব’কজৰ বিষয়টো স্বীকাৰ কৰি ইণ্ডিগোই জনাইছে, ‘আমাৰ পাইলটসকলৰ ছিমুলেটৰ প্ৰশিক্ষণক লৈ শ্বকজ দিয়াটো সঁচা৷ আমি কাৰণ দৰ্শোৱাৰ নটিছ পৰীক্ষা কৰিছো৷ কেন্দ্ৰীয় সংস্থাই বান্ধি দিয়া সময়ৰ মাজতেই আমি উত্তৰ দিম৷’
উল্লেখ্য যে আহমেদাবাদ বিমান দুৰ্ঘটনাৰ পাছৰে পৰা ভাৰতৰ বিমান সংস্থাসমূহ কেন্দ্ৰৰ কাঢ়া নজৰদাৰীত আছে৷ ইয়াৰপাছৰে পৰা একাধিক বিমানত যান্ত্ৰিক ত্ৰুটিসহ নানান ভুল ধৰা পৰিছে৷ উৰাণ বাতিল, জৰুৰী অৱতৰণৰ দৰে একাধিক ঘটনাও ঘটিছে৷ অস্বাস্থ্যকৰ আসনৰ বাবে ইণ্ডিগোক ডেৰলাখ টকা জৰিমনাও বিহিছে দিল্লীৰ ক্ৰেতা সুৰক্ষা দপ্তৰে৷ এইবাৰ পাইলট প্ৰশিক্ষণতো ভুল ধৰা বিষয়টো উত্থাপন হোৱাৰ পাছতেই যাত্ৰী সুৰক্ষাক লৈ আকৌ নতুন প্ৰশ্ন উত্থাপিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















