• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰ হেমাহীত ন্যায় নাপালে ধেমাজিৰ ভূক্তভোগী পৰিয়ালে? উচ্চ ন্যায়ালয়ে কিয় দোষমুক্ত ঘোষণা কৰিব লগা হ’ল এই ঘটনাত জড়িত অভিযুক্তক?

কাৰ হেমাহীত ন্যায় নাপালে ধেমাজিৰ ভূক্তভোগী পৰিয়ালে? উচ্চ ন্যায়ালয়ে কিয় দোষমুক্ত ঘোষণা কৰিব লগা হ’ল এই ঘটনাত জড়িত অভিযুক্তক?

3 years ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

35 minutes ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

59 minutes ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

1 hour ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

3 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

3 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

12 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

12 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

12 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

13 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

14 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

16 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কাৰ হেমাহীত ন্যায় নাপালে ধেমাজিৰ ভূক্তভোগী পৰিয়ালে? উচ্চ ন্যায়ালয়ে কিয় দোষমুক্ত ঘোষণা কৰিব লগা হ’ল এই ঘটনাত জড়িত অভিযুক্তক?

editor by editor
August 25, 2023
in অসম, লেখা
0
কাৰ হেমাহীত ন্যায় নাপালে ধেমাজিৰ ভূক্তভোগী পৰিয়ালে? উচ্চ ন্যায়ালয়ে কিয় দোষমুক্ত ঘোষণা কৰিব লগা হ’ল এই ঘটনাত জড়িত অভিযুক্তক?
0
SHARES
553
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সেইদিনা আছিল ১৫ আগষ্ঠ। ৫৭ সংখ্যক স্বাধীনতা দিৱস দেশজুৰি পালন কৰা হৈছিল। দেশত স্বাধীনতা দিৱস ধুমধামেৰে আয়োজিত হ’লেও অসমতো ভয়ে ভয়ে একাংশই সেইদিনটোক উদযাপন কৰিছিল। দেশৰ বাবে বিশেষ দিনটোক উদযাপন কৰিবলৈ অসমবাসীৰ মনত শংকা। কাৰণ সেই সময়ত আলফা(স্বাঃ) ৰাজ্যত খুবেই সক্ৰিয়। আলফা স্বাধীনে এই দিনটোক মানি ল’ব নোখোজে। তেওঁলোকৰ দাবী অসম কেতিয়াও ভাৰতৰ অধীনত চলা ৰাজ্য হ’ব নোৱাৰে। ভাৰতৰ স্বাধীনতা দিৱস এই ৰাজ্যৰ লোকে পালন কৰাৰ যুক্তি নাই। শংকাৰ মাজতে ৫৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলিছিল ধেমাজীতো। ধেমাজী খেলপথাৰত স্বাধীনতা দিৱস উদযাপনৰ বাবে ধেমাজীৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অভিভাৱক সমবেত হৈছিল। দেশৰ স্বাধীনতাক হৃদয়ংগম কৰিব কৰিব খুজিছিল। কণমানি শিশুসকলক বুজাবলৈ চেষ্টা কৰা হৈছিল স্বাধীনতা কি? ঠিক তেনেতেই হঠাৎ এটা শব্দ, চৌদিশে কলা ধোঁৱা স্বাধীনতাৰ জয়গান ক’ত কি কেনেকৈ গাব কোনেও তৎ ধৰিবই নোৱাৰিলে।

২০০৪ চনৰ ১৫ আগষ্ঠত ক’লা ধোঁৱাই ছানি ধৰিছিল ধেমাজীৰ আকাশ। নিমিষতে হাঁহিবোৰ কান্দোনলৈ ৰূপান্তৰ। তীব্ৰ আৰ্তনাদ,মৰণ কাতৰ চিঞৰ, ক’লা ধোঁৱাৰ মাজত নিৰৱে উৰি থাকিল জাতীয় পতাকা। সেই ঘটনাৰ ১৫ বছৰ পাৰ হৈ গৈছে। অসমৰ ৰাইজে পাহৰি পেলালেও ধেমাজীৰ একাংশৰ বুকুত জ্বলি আছে সেই জুই, সেই ধোঁৱাই প্ৰতিসময়তেই আন্ধাৰ কৰি ৰাখিছে বহুগৰাকী মাতৃৰ মন। তথাপিও বুকুত এটা আশা আছিল, কিজানি এই হত্যাকাণ্ডৰ ৰায় পাব। বোমা বিস্ফোৰণে প্ৰাণ কাঢ়ি নিয়া কণ কণ ১৩ টা শিশুৱে ন্যায় পাব। মুঠ ১৮ গৰাকী নিৰীহ লোকৰ মৃত্যুৰ বিচাৰ হ’ব। চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰা ৪০ জন লোকে ন্যায় পাব। পৰৱৰ্তী সময়ত যদিও নিষিদ্ধ ঘোষিত সংগঠন আলফাই অসমবাসীৰ ওচৰত ক্ষমা খুজিলে কিন্তু এই ক্ষমাই জানো হেৰাই যোৱা ১৮জন লোকৰ প্ৰাণ ঘূৰাই আনিব পাৰিব? অসমবাসীয়ে পাহৰিলেও ক্ষমা কৰি দিব নোৱাৰিলে আত্মীয়ক হেৰুওৱা ১৮ টা পৰিয়ালে। পংগু হৈ পৰা ৪০ গৰাকী লোকৰ পৰিয়ালেও সহজভাৱে ল’ব নোৱাৰিলে এই ঘটনাক। সেয়ে ন্যায়ৰ আশাত ৰৈ থাকিল এইকেইটা পৰিয়াল।

দেশ জোকাৰি যোৱা এই লোমহৰ্ষক বিস্ফোৰণৰ ঘটনাই ১৯টা বছৰ অতিক্ৰম কৰিছে। কিন্তু ১৯ বছৰীয়া এই আইনী যুঁজৰ শেষত কি পালে ভূক্তভোগী পৰিয়ালে? ন্যায় নাপালে সেই বিভীষিকাত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালে। ২৪ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰিলে এই ঘটনাৰ। এই বিস্ফোৰণৰ আটাইকেইজন অভিযুক্তকে দোষমুক্ত ঘোষণা কৰিলে ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতে এতিয়া সৰ্বত্ৰতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বহুতেই প্ৰশ্ন কৰিছে ন্যায় ব্যৱস্থাৰ নিৰপেক্ষতাক লৈও।

১৯ বছৰ আগৰ সেই ক্ষোভ এতিয়া নাথাকিলেও ভূক্তভোগীৰ পৰিয়ালে কিন্তু এই ন্যায়ক মানি ল’ব পৰা নাই। এই ঘটনা সংঘটিত হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ। ৰাজ্যত তেতিয়া কংগ্ৰেছৰ চৰকাৰ। তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই বিস্ফোৰণক ‘বৰ্বৰ, অমানৱীয় আৰু কৰুণ’ কাণ্ড বুলি অভিহিত কৰিছিল। এই ক’লা দিনৰ স্মৃতিত প্ৰতি বছৰে ১৬ আগষ্টৰ দিনটো ৰাজ্যত শোক দিৱস হিচাপে পালন কৰাৰ কথাও ঘোষণা কৰিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। মৃতকৰ পৰিয়ালৰ বাবে ৩ লাখ আৰু গুৰুতৰভাৱে আহত হোৱা লোকৰ বাবে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছিল তৰুণ গগৈ চৰকাৰে। এই বিস্ফোৰণ কাণ্ডৰ পিছত ধেমাজীৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকক কৰ্তব্যৰ গাফিলতিৰ বাবে নিলম্বন কৰা হয়। জিলা উপায়ুক্তক তৎকালীনভাৱে বদলিৰ নিৰ্দেশ দিয়ে। ধেমাজি কাণ্ডৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া আৰক্ষীয়ে প্ৰথম তদন্ত আৰম্ভ কৰি নিষিদ্ধ সংগঠন আলফাৰ সৈতে জড়িত মুঠ ১৪ জনক আটক কৰে।

পৰৱৰ্তী সময়ত অসম চৰকাৰে এই নৃশংস বিস্ফোৰণ কাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰে চিবিআইৰ হাতত। চিবিআইয়ে ২০০৭ চনত ৬ জন অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল কৰে। চিবিআইয়ে কয় যে, তেওঁলোক আলফাৰ সদস্য আছিল। এই সমগ্ৰ বিস্ফোৰণ কাণ্ডত নাম সাঙোৰ খাই পৰে প্ৰাক্তন কেবিনেট মন্ত্ৰী ভৰত নৰহৰো। চিবিআইয়ে দাবী কৰা মতে, এই বিস্ফোৰণ কাণ্ড সংঘটিত কৰিবলৈ প্ৰাক্তন মন্ত্ৰী ভৰত নৰহেই অভিযুক্ত কেইজনক বিস্ফোৰক যোগান ধৰিছিল।

২০০৮ চনত ধেমাজি জিলা আৰু চেচন আদালতত গোচৰৰ বিচাৰ আৰম্ভ হয়। ১১ বছৰ ধৰি শুনানিৰ অন্তত আদালতে ২০১৯ চনৰ ৪ জুলাইত ৰায়দান ঘোষণা কৰে। বাকী ৮ জন অভিযুক্ত ক্ৰমে মিনু বৰা, জয়া চুতীয়া, জিতেন চুতীয়া, অপ্সৰা বৰা, গোবিন্দ কলিতা, জয়চন্দ্ৰ চুতীয়া, চন্দ্ৰনাথ গগৈ আৰু মোহন চুতীয়াক দোষমুক্ত ৰায় দিয়ে নিম্ন আদলতে।
ইয়াৰ বিপৰীতে চেচন আদালতে ৪ অভিযুক্ত ক্ৰমে- দীপাঞ্জলি বুঢ়াগোঁহাই, মুহি সন্দিকৈ, যতীন দুৱৰী আৰু লীলা গগৈক যাৱজ্জীৱন কাৰাদণ্ড আৰু আন দুজন অভিযুক্ত প্ৰশান্ত ভূঞা আৰু হেমেন গগৈক চাৰি বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহে। লগতে আদালতে তেওঁলোকৰ প্ৰত্যেককে ১০ হাজাৰ টকা জৰিমনা বিহে। কিন্তু নিম্ন আদালতৰ এই ৰায়ৰ পিছতে অভিযুক্তই এই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

চ্চ ন্যায়ালয়ে নিম্ন ন্যায়ালয়ৰ নিৰ্দেশ বাতিল কৰি ছয় অভিযুক্তক দোষমুক্ত ঘোষণা কৰে। উচ্চ ন্যায়ালয়ে কয় যে, বিচাৰ বিভাগে যুক্তিসংগত সন্দেহৰ বাহিৰত তেওঁলোকৰ দোষ প্ৰমাণ কৰিব নোৱাৰাৰ বাবেই এইসকল দোষমুক্ত। ন্যায়ালয়ে এই ৰায় প্ৰদান কৰাৰ পাছতেই বহুতেই অসন্তুষ্ঠ। উচ্চ ন্যায়ালয়ৰ ৰায়দানক লৈ হতাশ হৈ পৰা বহু কেইগৰাকী ভুক্তভোগীৰ পৰিয়ালে কয় যে, তেওঁলোকে ১৯ বছৰ ধৰি ন্যায়ৰ বাবে অপেক্ষা কৰি আছিল যদিও আদালতে তেওঁলোকক ন্যায় নিদিলে।

এই ৰায়ৰ পিছতে এতিয়া নতুন বিতৰ্কৰ সূচনা হৈছে অসম আৰক্ষী. অসমৰ ন্যায়ব্যৱস্থাক লৈ। ধেমাজি বিস্ফোৰণৰ পুনৰ বিবেচনা, পৰ্যালোচনা আৰু পৰম সংবেদনশীলতা, আন্তৰিকতা আশা কৰিছে ভূক্তভোগীৰ পৰিয়ালে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!
জীৱনশৈলী

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

July 22, 2026
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

July 22, 2026
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!
অসম

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

July 22, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

July 22, 2026
Next Post
প্ৰায়েই মূৰৰ বিষ হৈ থকাটোৱেই মস্তিষ্কৰ টিউমাৰৰ লক্ষণ নেকি? মূৰৰ বিষৰ লগতে এই ৪টা লক্ষণে দেখা দিলে পলম নকৰিব

প্ৰায়েই মূৰৰ বিষ হৈ থকাটোৱেই মস্তিষ্কৰ টিউমাৰৰ লক্ষণ নেকি? মূৰৰ বিষৰ লগতে এই ৪টা লক্ষণে দেখা দিলে পলম নকৰিব

ব্ৰহ্মাস্ত্ৰতকৈয়ো বেছি ক্ষমতাশালী! শ্ৰী কৃষ্ণৰ হাতৰ আঙুলিত থকা সুদৰ্শন চক্ৰৰ এইকেইটা শক্তিৰ কথা জানেনে?

ব্ৰহ্মাস্ত্ৰতকৈয়ো বেছি ক্ষমতাশালী! শ্ৰী কৃষ্ণৰ হাতৰ আঙুলিত থকা সুদৰ্শন চক্ৰৰ এইকেইটা শক্তিৰ কথা জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.