অসম লাইভ ২৪ঃ ‘এয়া আকাশবাণী ডিব্ৰুগড়, আঞ্চলিক বাতৰি পঢ়িছো…’ সন্ধিয়া ৬বজাত ডিব্ৰুগড় কেন্দ্ৰৰ পৰা এতিয়া আৰু শুনিবলৈ নাপাব বিশেষ মাত৷ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই আঞ্চলিক বাতৰি সম্প্ৰচাৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ২৫ অক্টোবৰৰ পৰাই সম্পূৰ্ণৰূপে বন্ধ হ’ব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই সম্প্ৰচাৰ কৰা ৬ বজাৰ আঞ্চলিক বাতৰি৷
নতুন দিল্লীৰ প্ৰসাৰ ভাৰতী কাৰ্যালয়ে শনিবাৰে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা৷ জাননীত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই সন্ধিয়া ৬ বজাত সম্প্ৰচাৰ কৰা ৫ মিনিটৰ অসমীয়া বুলেটিনখন বন্ধ কৰা হৈছে৷
উল্লেখ্য যে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই ১৯৯৭ চনৰ ১১ জুনৰ পৰা সম্প্ৰচাৰ কৰি আহিছিল অসমীয়া বুলেটিন৷ ৫ মিনিটৰ বাবে সম্প্ৰচাৰ কৰা বুলেটিনখনৰ সময়সীমা ১০ মিনিটলৈ বৃদ্ধি কৰাৰ বাবেও একাংশ দল সংগঠনে দাবী জনাই আহিছিল৷ ব্যয় সংকোচনৰ বাবেই প্ৰসাৰ ভাৰতীয়ে এই সিদ্ধান্ত লোৱা বুলি জাননীত উল্লেখ কৰিছে৷ এতিয়াৰে পৰা এই বুলেটিন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হোৱা আঞ্চলিক বাতৰিৰ সৈতে সংলগ্ন কৰাৰ কথাও জাননীত উল্লেখ কৰিছে৷
ইপিনে এই জাননী ভাইৰেল হৈ পৰাৰ পিছতেই বহুতেই এই বিষয়টোক লৈ আপত্তিও দৰ্শাইছে৷ আঞ্চলিক ভাষাৰ বুলেটিন বন্ধ কৰি ব্যয় কমাব খোজাটোক কোনোপধ্যেই মানিব নোৱাৰি বুলিও একাংশই প্ৰকাশ কৰাৰ লগতে এই বিষয়টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো হস্তক্ষেপ বিচাৰিছে একাংশ সচেতন লোকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ