অসম লাইভ ২৪ঃ টি-২০ বিশ্বকাপত ভাৰতৰ অনভিজ্ঞ বলাৰ অৰ্শ্বদীপ সিঙৰ সন্মুখত নতশিৰ হ’ল পাকিস্তানৰ বাবৰ আজম আৰু মহম্মদ ৰিজৱান।
অষ্ট্ৰেলিয়াৰ মেলব’ৰ্ণত অনুষ্ঠিত টি২০ খেলখনত ভাৰতীয় দলৰ হৈ অভিষেক ঘটাইছে অৰ্শ্বদীপ সিঙে৷ টি২০ বিশ্বকাপত প্ৰথম ব’লতেই অৰ্শ্বদীপে পতন ঘটালে পাকিস্তানৰ বাবৰ আজমৰ। পাকিস্তানৰ অপেনাৰদ্বয়ৰ দ্বিতীয় গৰাকী বেটছমেন মহম্মদ ৰিজৱানেও ৪ ৰাণতেই ইনিংছ সামৰি উভতিব লগীয়া হয় পেভিলিয়নলৈ৷ অৰ্শ্বদ্বীপৰ বলিং পৰাক্ৰমৰ ওচৰত হাৰ মানিলে পাকিস্তানৰ দুই মহাযোদ্ধাই। পাকিস্তানে ১০ উইকেটৰ অন্তত সংগ্ৰহ কৰে ১৫৯ ৰান।
উল্লেখ্য যে, প্ৰায় এমাহ পূৰ্বে অনুষ্ঠিত এছিয়া কাপত ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত খেলত এক গুৰুত্বপূৰ্ণ কেছ মিছ কৰিছিল অৰ্শ্বদ্বীপ সিঙে। তাৰ পাছতেই সামাজিক মাধ্যমত খেলুৱৈ গৰাকীৰ বিৰুদ্ধে বিদ্বেষ প্ৰকাশ কৰিছিল অনুৰাগীমহলে। আনকি, খেলুৱৈ গৰাকী পাঞ্জাৱী মূলৰ হোৱাৰ বাবেই খালিস্তানী বুলিও উপহাস কৰা হৈছিল।
বহুতেই আকৌ ৰাষ্ট্ৰ বিৰোধীও আখ্যা দিয়া হৈছিল খেলুৱৈগৰাকীক। এই সকলো উপহাসৰ প্ৰত্যুত্তৰ হিচাপে আজি অৰ্শ্বদ্বীপ সিঙে আগবঢ়ালে এক সুন্দৰ প্ৰদৰ্শন। কেৱল ৪ অভাৰতে ৩২ ৰানৰ বিপৰীতে অৰ্শ্বদীপে সংগ্ৰহ কৰিলে ৩ টা কৈ উইকেট।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ