বিজেপিৰ সপক্ষে ভোটদানৰ বাবে জনসাধাৰণক আহ্বান জনাই বিপদত পৰিল অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী কৰ্মচাৰী। কৰ্তব্যৰত অৱস্থাতে বিজেপিক ভোট দিবলৈ আহ্বান জনোৱা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে সংশ্লিষ্ট কৰ্মচাৰীজনৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
জানিব পৰা মতে, অগ্নিনিৰ্বাপক বাহিনীৰ দিব্যপ্ৰসাদ হাজৰিকা নামৰ এজন কৰ্মচাৰীয়ে কৰ্তব্য পালন কৰি থকাৰ সময়তে বিজেপিৰ সপক্ষে মন্তব্য কৰা এটা ভিডিঅ’ ৰেকৰ্ড কৰিছিল। ভিডিঅ’টোত তেওঁ আগন্তুক ৬ অক্টোবৰৰ নগাঁও লোকসভাৰ উপ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ভোট দিবলৈ ৰাইজক আহ্বান জনোৱা দেখা যায়।
বিশেষকৈ, মুখ্যমন্ত্ৰীৰ এখন সভাত কৰ্তব্যৰত হৈ থকাৰ সময়তে এই মন্তব্য কৰা বুলি জানিব পৰা গৈছে। চৰকাৰী দায়িত্ব পালন কৰি থকা অৱস্থাত এজন কৰ্মচাৰীয়ে কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলোৱাৰ বিষয়টো গুৰুত্বসহকাৰে লয় জিলা প্ৰশাসনে।
ইয়াৰ মাজতে ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। বিষয়টো জিলা নিৰ্বাচনী বিষয়াৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হয়। অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰী দিব্যপ্ৰসাদ হাজৰিকাক কৰ্তব্যৰ পৰা তৎকালীনভাৱে অব্যাহতি দিয়াৰ নিৰ্দেশ জাৰি কৰা হৈছে।
নিৰ্বাচনৰ সময়ত চৰকাৰী কৰ্মচাৰীৰ নিৰপেক্ষতা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। চৰকাৰী দায়িত্বত নিয়োজিত কোনো কৰ্মচাৰীয়ে কৰ্তব্যৰ সময়ত কোনো নিৰ্দিষ্ট ৰাজনৈতিক দল বা প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাটো প্ৰশাসনৰ বাবে গুৰুতৰ বিষয় হিচাপে বিবেচিত হয়। এই ঘটনাৰ পিছত জিলা নিৰ্বাচনী বিষয়াই কঠোৰ স্থিতি গ্ৰহণ কৰিছে। নিৰ্বাচনী দায়িত্বত নিয়োজিত কৰ্মচাৰীয়ে যাতে কোনো ৰাজনৈতিক পক্ষৰ হৈ প্ৰচাৰ বা ভোটৰ আহ্বান নকৰে, সেই ক্ষেত্ৰত প্ৰশাসনে অধিক সতৰ্কতা অৱলম্বন কৰা বুলি জানিব পৰা গৈছে।
ঘটনাটোৱে নিৰ্বাচনৰ সময়ত চৰকাৰী কৰ্মচাৰীৰ আচৰণ আৰু নিৰপেক্ষতাক লৈ পুনৰ চৰ্চা সৃষ্টি কৰিছে। বিশেষকৈ, কৰ্তব্যৰত অৱস্থাত ৰাজনৈতিক মন্তব্য কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ ঘটনাই নিৰ্বাচনী কৰ্তব্যত থকা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক কঠোৰ বাৰ্তা বহন কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















