• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

1 month ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

পুনৰ ভয়ংকৰ দুৰ্ঘটনা, তীব্ৰবেগী ট্ৰাকৰ তলত সোমাল যুৱক

1 minute ago
১৬ নৱেম্বৰত সূৰ্যই সলনি কৰিব গতিবিধি, কাৰ কাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত পৰিব প্ৰভাৱ?

১৬ নৱেম্বৰত সূৰ্যই সলনি কৰিব গতিবিধি, কাৰ কাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত পৰিব প্ৰভাৱ?

32 minutes ago
সংকটত নৱপ্ৰজন্ম! উদ্ধাৰ পথ কি? ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে দেখুৱালে পথ

সংকটত নৱপ্ৰজন্ম! উদ্ধাৰ পথ কি? ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে দেখুৱালে পথ

48 minutes ago
বৃহস্পতি-চন্দ্ৰৰ শক্তিশালী ৰাজযোগ, মালামাল কৰিব ৩ ৰাশিক!

শনিৰ কোপদৃষ্টিত অশান্তি? শনিবাৰে পাঠ কৰক এই বিশেষ মন্ত্ৰ!

3 hours ago
Post Office নে Bank FD, সৰ্বাধিক সুত ক’ত পোৱা যায়?

Post Office নে Bank FD, সৰ্বাধিক সুত ক’ত পোৱা যায়?

3 hours ago
ৰখাই থোৱা বাহনত টকাৰ পাহাৰ!

ৰখাই থোৱা বাহনত টকাৰ পাহাৰ!

4 hours ago
কাজিৰঙাৰ দুৰ্ঘটনাই উদঙালে স্বাস্থ্যখণ্ডৰ ফোপোলা স্বৰূপ!

কাজিৰঙাৰ দুৰ্ঘটনাই উদঙালে স্বাস্থ্যখণ্ডৰ ফোপোলা স্বৰূপ!

5 hours ago
মদ্যপানৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ৫খন ৰাজ্যকেইখন

মদ্যপানৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ৫খন ৰাজ্যকেইখন

5 hours ago
১৩ বছৰীয়া কিশোৰীৰে ৯ লম্পটৰ কু-কাণ্ড

১৩ বছৰীয়া কিশোৰীৰে ৯ লম্পটৰ কু-কাণ্ড

5 hours ago
কাজিৰঙা দুৰ্ঘটনাঃ এতিয়াৰে পৰা কঠোৰ হ’ব নেকি যান-বাহন আৰক্ষী?

কাজিৰঙা দুৰ্ঘটনাঃ এতিয়াৰে পৰা কঠোৰ হ’ব নেকি যান-বাহন আৰক্ষী?

7 hours ago
এই ৪ ৰাশিৰ আৰম্ভ হ’ব সাড়ে সাতী সময়

এই ৪ ৰাশিৰ আৰম্ভ হ’ব সাড়ে সাতী সময়

8 hours ago
সমস্যাত ভুগিছিল নেকি অভিশপ্ত ট্ৰেভেলাৰৰ চালক?

সমস্যাত ভুগিছিল নেকি অভিশপ্ত ট্ৰেভেলাৰৰ চালক?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

বাইকত উঠাৰ আগতে সাৱধান হওক

editor by editor
October 3, 2026
in বিবিধ, ভাৰত, লেখা
0
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক
0
SHARES
332
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অবিৰত বৰষুণ আৰু আৰ্দ্ৰ বতৰৰ বাবে বৃদ্ধি পাইছে সৰ্প দংশনৰ ঘটনা। এনে অৱস্থাত নিশা গেৰেজ বা অন্যস্থানত ৰখাই থোৱা বাইকৰ ফাক থকা বিভিন্নস্থানত সাপ সোমাই আপোনাৰ বিপদ মাতিব পাৰে। বিশেষকৈ বহু বাইকৰ চিটৰ তলত থকা ফাঁকত সাপে বাহ ল’ব পাৰে। শুকুৰবাৰে ঠিক এনেকুৱাই ঘটনা সংঘটিত হৈছে। চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত অতি সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি হবলগীয়া হৈছে এজন যুৱক। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলী জিলাত। ঘটনাটো সংঘটিত হৈছে জিলাখনৰ সুভাষ নগৰ থানা এলেকাৰ মদিনাথ অঞ্চলৰ বাসিন্দা সূৰ্য প্ৰকাশ পাঠকৰ সৈতে।

জানিব পৰা মতে, শুকুৰবাৰে সূৰ্য প্ৰকাশে বাইকেৰে কালিবাৰী মন্দিৰলৈ গৈছিল। তাৰ পিছত এজেন্সীৰ কামত তেওঁ চিভিল লাইনছ অঞ্চললৈ যাত্ৰা কৰে। চৌপলা আৰু পেটেল চক অঞ্চলত উপস্থিত হোৱাৰ সময়তে হঠাৎ তেওঁৰ উৰুৰ ওচৰত তীব্ৰ বিষ আৰু জ্বলা-পোৰা অনুভৱ হয়। তেওঁ পৰিস্থিতি বুজি উঠাৰ আগতেই বাইকৰ ছিটৰ তলত লুকাই থকা সাপটোৱে তেওঁক কামুৰি দিয়ে। সাপৰ বিষৰ প্ৰভাৱত সূৰ্য প্ৰকাশৰ মূৰ ঘূৰাবলৈ ধৰে আৰু তেওঁ আতংকিত হৈ পৰে।

স্বাস্থ্যৰ অৱনতি ঘটিলেও সূৰ্য প্ৰকাশে কোনো মতে বাইকখন ৰখাবলৈ সক্ষম হয়। তাৰ পিছত তেওঁ পথৰ কাষত থিয় হৈ সহায় বিচাৰে। পৰিস্থিতি দেখি তাত উপস্থিত পথচাৰীয়ে তৎকালীনভাৱে তেওঁক জিলা চিকিৎসালয়লৈ লৈ যায়। লগতে তেওঁৰ পৰিয়ালক ফোনযোগে ঘটনাটোৰ বিষয়ে অৱগত কৰা হয়। খবৰ লাভ কৰাৰ পিছতে তেওঁৰ পৰিয়াল চিকিৎসালয়ত উপস্থিত হয়। বৰ্তমান সূৰ্য প্ৰকাশ চিকিৎসকৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি তেওঁৰ অৱস্থা সংকটজনক।

ইফালে বৰেলী জিলাত বাৰিষা আৰু আৰ্দ্ৰ বতৰৰ বাবে সাপৰ উপদ্ৰৱ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, ১ আগষ্টৰ পৰা কেৱল জিলা চিকিৎসালয়তে ১২৫ জনতকৈ অধিক লোক সাপৰ কামোৰৰ চিকিৎসাৰ বাবে আহিছে। চিকিৎসালয়ত সাপৰ বিষ প্ৰতিৰোধী ঔষধ অৰ্থাৎ এণ্টি-স্নেক ভেনম পৰ্যাপ্ত পৰিমাণে মজুত থকাৰ বাবে আক্ৰান্ত লোকসকলক সময়মতে চিকিৎসা প্ৰদান কৰা হৈছে।

চিকিৎসকে এই সময়ছোৱাত সাৱধানতা অৱলম্বন কৰিবলৈ ৰাইজক আহ্বান জনাইছে। বিশেষকৈ বাইক, গাড়ী, জোতা আদি ব্যৱহাৰ কৰাৰ পূৰ্বে ভালদৰে পৰীক্ষা কৰি ল’বলৈ পৰামৰ্শ দিয়া হৈছে। বৰষুণ আৰু আৰ্দ্ৰতাৰ সময়ত সাপ বাহন, জোতা বা আন্ধাৰ ঠাইত লুকাই থাকিব পাৰে বুলি চিকিৎসকে সতৰ্ক কৰি দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Snake Bite
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

পুনৰ ভয়ংকৰ দুৰ্ঘটনা, তীব্ৰবেগী ট্ৰাকৰ তলত সোমাল যুৱক

November 14, 2026
১৬ নৱেম্বৰত সূৰ্যই সলনি কৰিব গতিবিধি, কাৰ কাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত পৰিব প্ৰভাৱ?
জীৱনশৈলী

১৬ নৱেম্বৰত সূৰ্যই সলনি কৰিব গতিবিধি, কাৰ কাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত পৰিব প্ৰভাৱ?

November 14, 2026
সংকটত নৱপ্ৰজন্ম! উদ্ধাৰ পথ কি? ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে দেখুৱালে পথ
অসম

সংকটত নৱপ্ৰজন্ম! উদ্ধাৰ পথ কি? ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে দেখুৱালে পথ

November 14, 2026
বৃহস্পতি-চন্দ্ৰৰ শক্তিশালী ৰাজযোগ, মালামাল কৰিব ৩ ৰাশিক!
জীৱনশৈলী

শনিৰ কোপদৃষ্টিত অশান্তি? শনিবাৰে পাঠ কৰক এই বিশেষ মন্ত্ৰ!

November 14, 2026
Next Post
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.